Friday, 28 April 2017

এসময়ত এটা নাম আছিল তাইৰ



এসময়ত এটা নাম আছিল তাইৰ




দুকুল উপচাই প্ৰেমৰ নৈ বোৱাই
বুকুৰ আপোনজন গুচি যায় অজান মুলুকলৈ
তাইক দি যায় এটা এটা নীলা হৈ পৰা অসুখ
এখন উকা চাদৰে যাক ঢাকি থয়
সেই হেৰোৱাই পেলোৱাৰ ৰোগ
এসময়ত
তাইৰ অন্তৰত এখন চঞ্চল নিজৰা
বৈছিল বুলি এটা কাহিনী লিখা হয়
আৰু সকলো নিৰৱ হৈ পৰে
কেৱল তাইৰ অন্তৰত ঢপঢপাই থাকে
এটা অস্থিৰ হেৰোৱা সপোন
আইনাখনেহে তাইক চাগে বুজে
সেয়ে প্ৰতিবিম্বত ফুটি উঠে
উকা শৰীৰৰ সিক্ত দুচকুত বান
খৰালিও নুশুকাই পিতনি যেন মন
কোন তাই সুধিলে লিখা হয় ঠিকনাত
নাৰী
মা
ভনী
পত্নী
প্ৰযত্নে সধবা বা বিধবা......
( অলপতে বুকুৰ আপোনজন হেৰুৱা মোৰ মৰমৰ ভনী সম বান্ধৱী এজনীৰ বাবে মনত জাগি উঠা ভাবনা এটি প্ৰকাশ কৰিলো |)
কবি:-
নীৰুপমা ডেকা

No comments:

Post a Comment