Saturday, 22 April 2017

হাঁহি



হাঁহি


ভোকত চিঞৰি কান্দি থকা ল'ৰাটোৱে কামত দিগদাৰ কৰি থকা বাবে বৰুৱানীৰ ঘৰত কাম কৰা লতিকাই 'ঐ চলি দেদেনি পাৰি মইচ্ছা কে' বুলি খেদা এটা মাৰোতে তিনি বছৰীয়া ল'ৰাটোৱে কান্দিব এৰি ল'ৰ মাৰি পিছফালে মাকে কাম কৰা ঠাইৰ পৰা আগচোতাললৈ গুচি আহিল |
অলপ পিছতে মালিকৰ ঘৰৰ আগফালে বান্ধি থোৱা কুকুৰটোৰ ভুক ভুকনিত লতিকাই হাতৰ কাম পেলাই দৌৰি আহি ল'ৰাটোৰ হাতৰ পৰা থপিয়াই খাদ্যৰ প্লেটখন কুকুৰটোলৈ আগুৱাই দিলে | মালিকে দেখিলে খং কৰাৰ ভয়ত তাই ল'ৰাটো লৈ পুনৰ দৌৰ মাৰি পিছফাল পালেহি |
সি ভয়ো নকৰিলে বা নাকান্দিলেও | ফুটা জেপটোত খামুচি ধৰি ৰুটি ডোখৰ আৰু মঙহ দুটুকুৰ খাই কেনে তৃপ্তি পাব তাকে ভাবি তাৰ দুওঁঠত এটা হাঁহি বিৰিঙি উঠিল |
কবি:-
নীৰুপমা ডেকা

No comments:

Post a Comment