ৰূপোৱালী মেঘৰ
ছায়া
খণ্ড-১০
সেইদিনা নিশা ৯
বাজিছিল৷হঠাৎ মায়াৰ পঢ়া টেবুলখনৰ কাষৰ খিৰিকীখনত কোনোবাই জোৰে জোৰে শব্দ কৰা শুনা পালে মায়াই, লগতে এটি পুৰুষ কন্ঠ---
:জোনালী, খিৰিকীখন খোলচোন মই দিগন্ত !
মায়াৰ ৰূমমেট
জোনালী৷জোনালী ৰূমত নাছিল, আছিল মায়া৷মায়াই ভয় খাই কৰিডৰত চিঞৰ-বাখৰ
লগাই দিলে---“হোষ্টেলত ল’ৰা সোমাল ঐ, ল’ৰা সোমাল!”
মায়াৰ চিঞৰটো শুনি
সকলোৱে উধাতু খোৱাদি কৰিডৰলৈ ওলাই আহিল৷লগে লগে হোষ্টেলত এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ’ল৷নাইট চকীদাৰজনে টৰ্চটো হাতত লৈ কোন ফালে ল’ৰা সোমাল মায়াক সুধিলে৷মায়াই তাইৰ খিৰিকীৰ বাহিৰফালে দেখুৱাই দিয়াত সকলোৱে খিৰিকীৰ বাহিৰৰ দেৱালখনৰ
ওচৰ পাওঁতেই দেখা পালে এন্ধাৰতে ছায়ামূৰ্তি এটাই জাপ মাৰি দেৱাল পাৰ হোৱা৷চকীদাৰজনে “ধৰ, ধৰ, সেইটো” বুলি চিঞৰ এটা মাৰিলে৷তেতিয়ালৈ ছায়ামূৰ্তিটো
এন্ধাৰৰ স’তে মিলি পৰিছিল৷
হুলস্থুল শাম কটাৰ
পিছত হোষ্টেল চুপাৰে মায়া, জোনালী আৰু হোষ্টেল মনিট্ৰেছক মাতি পঠালে লগতে মাতিলে নাইট চকীদাৰজনকো৷মায়াই
চুপাৰৰ আগত ঘটনাটোৰ সকলো কথা বিৱৰি ক’লে৷ জোনালীয়ে তল মূৰ কৰি থাকিল৷নাইট চকীদাৰজনৰ কৰ্তব্যৰ গাফিলতিৰ বাবে এনে এটা কাণ্ড
হোৱাত প্ৰথম বাৰৰ বাবে তেওঁক ক্ষমা কৰি দিয়া হ’ল বুলি জনালে যদিও দ্বিতীয় বাৰ এনে কাণ্ড
হ’লে তেওঁৰ যে চাকৰী যাব সেই সাৱধান বাণী কৰি দিয়া হ’ল৷দিগন্ত নামৰ ল’ৰাটোৰ ওপৰত যে উচিত ব্যৱস্থা লোৱা হ’ব সেই কথা জোনালী,মায়াহঁতক চুপাৰে জনালে৷
নিজৰ কোঠাত
সোমায়েই জোনালী কান্দোনত ভাগি পৰিল৷জোনালীৰ খবৰ লবলৈ ইটো সিটো কোঠাৰ পৰা ছোৱালী
আহি তাইৰ কোঠা ভিৰ কৰিলেহি৷
:জোনালী, দিগন্তই কেনেকৈ গম পালে এইটো তোৰ ৰূম বুলি? ---- মায়াই সুধিলে
:সি মোক সুধিছিল আৰু মই তাক দেখুৱাই
দিছিলোঁ দূৰৰ পৰাই, কিন্তু মইটো তাক হোষ্টেললৈ এনেকৈ মতা নাছিলোঁ৷সি নিজৰ লগতে মোৰো বদনাম কৰি
দিলে৷ --- জোনালী উচুপি থাকিল৷
হোষ্টেল মনিট্ৰেছ
বাইদেউ গৰাকী আগবাঢ়ি আহি জোনালীক সান্তনা দিলে---
:চিন্তা নকৰিবি, যি হ’ব লগা আছিল হ’ল আৰু৷এতিয়া শুই থাক৷
ছোৱালীহঁত, তোমালোক নিজৰ নিজৰ ৰূমলৈ যোৱা৷আৰু শুনা, কোনোৱে যাতে নিজৰ নিজৰ বয়ফ্ৰেণ্ডক নিজৰ
ৰূমবোৰ দেখুৱাই নিদিয়া, অ’কে?
জোনালীৰ কান্দোন
দেখি মোৰো বেয়া লাগিছিল যদিও ছোৱালী হোষ্টেলত ল’ৰা সোমোৱা বুলি মই ভিতৰি ভিতৰি আতংকিত হৈ
পৰিছিলোঁ৷মায়া আৰু জোনালীক তেনেকৈ এৰি সকলো ছোৱালী নিজৰ নিজৰ কোঠাত সোমাই পৰিল৷
বিচনাত পৰি
সেইদিনা মই “জোনালী-দিগন্ত”ৰ যুটিটোৰ কথাই ভাবি থাকিলোঁ৷সিহঁতক
পুখুৰীৰ পাৰত, কেতিয়াবা কেন্টিনত, কেতিয়াবা উডলেণ্ড ৰেষ্টুৰেন্টত খুব
ঘনিষ্ঠ হৈ কথা পাতি থকা প্ৰায়ে
দেখিবলৈ পোৱা যায়৷এইখন মহাবিদ্যালয়ত এনেকুৱা প্ৰেমিক যুটি বহুতো আছে৷এৰা, যৌৱনত প্ৰেম নকৰিলে কেতিয়ানো কৰা হয়?যৌৱন মানেইটো সপোনৰ পৃথিৱী!চিলমিলকৈ টোপনি আহিছিল মোৰ৷টোপনিতে মই দেখা পালোঁ – অচিন কোনোবা এজন যেন মোৰ ফালেই আহি আছে!
০০০০০০০০০০০০০০০০০০০০
সকলোৱে কয় আমাৰ
বেটচৰ আটাইতকৈ ধুনীয়া ছোৱালীজনীয়েই মণিমালা৷ল’ৰাবোৰে তাইৰ প্ৰেমত পৰিবলৈ হাবুডুবু খাই ফুৰে
বোলে৷আমিও দেখিছোঁ এতিয়ালৈ কিমানটা ল’ৰাই যে তাইক প্ৰ’পজ কৰিছে ঠিকনা নাই, পিছে তাই কাকো “য়েছ” বুলি কোৱা নাই৷অৱশ্যে আজি তাই সেই ৰেকৰ্ড ভংগ কৰিলে৷ একেলগৰ
প্ৰসেনজিতক হিয়া দিয়াৰ খবৰ গোটেই ছোৱালী হো্ষ্টেলত বিয়পি পৰিল৷কেইজনী মানে মণিমালাক বাথৰূমলৈ টানি আনি একবাল্টি পানী আনি তাইৰ মূৰত ঢালি
দিলে৷কোনোজনী ছোৱালী এংগেজ হ’লে এনেকৈ মূৰত পানী ঢলা নিয়ম৷মণিমালাৰ লগতো সেই
নিয়মৰ ব্যতিক্ৰম নহ’ল৷ আজি মণিমালাও পানীৰে জুৰুলি-জুপুৰি হ’ব লগা হ’ল৷
মণিমালা-প্ৰসেনজিতে
কাইলৈ “এংগেজমেন্ট পাৰ্টি” দিব৷নিজৰ বেটচৰ সকলো ছোৱালীকে নিমন্ত্ৰণ
কৰিলে মণিমালাই৷
সকলো ছোৱালীয়ে
এংগেজমেন্ট পাৰ্টিলৈ যাবলৈ বুলি সাজি-কাচি উলাইছে৷সকলোকে দেখাত সৰগৰ পৰী যেন লাগিছে৷মইও উলাইছোঁ মণিমালাৰ পাৰ্টিলৈ
যাবলৈ৷মই ওলাই-মেলি প্ৰিয়াৰ কোঠা পালোগৈ৷প্ৰিয়া
তেতিয়াও ওলোৱাই নাই,মন মাৰি বিচনাত বহি আছে৷
:প্ৰিয়া, তুমি এতিয়াও ৰেডি হোৱা নাই? --- মই সুধিলোঁ
:মই নাযাওঁ প্ৰাপ্তি, তোমালোকেই যোৱা৷
:কিন্তু কিয়?
:মোৰ তোমালোকৰ দৰে পাৰ্টি ড্ৰেছ নাই, তোমালোকৰ আগত মই হীনমন্যতাত ভুগো৷সেয়ে মই
নাযাওঁ বুলি সিদ্ধান্ত ল’লো৷
:তেনেকৈ কিয় কৈছা?মোৰ পৰা পিন্ধিবা আকৌ৷মোৰ কাপোৰ তোমালৈ হৈ যাব৷ব’লা মোৰ ৰূমলৈ৷
:নাই অ’, নাযাওঁ প্ৰাপ্তি, মোৰ মনটোও বেয়া
:নহ’ব,নহ’ব, সকলোৱে যাব আৰু তুমি নাযাবা, এনে কথা হ’ব নোৱাৰে
--- এইবুলি কৈ মই প্ৰিয়াক টানি মোৰ ৰূমলৈ লৈ
গ’লোঁ৷
হোটেল পেৰেডাইজত
আমাৰ বেটচৰ সকলো ল’ৰা-ছোৱালী একগোট হ’ল৷কথা-বতৰা, ফূৰ্তি-তামাচাৰে মণিমালা-প্ৰসেনজিতে দিয়া এংগেজমেন্ট পাৰ্টি
বেছ জমি উঠিল৷ পাৰ্টিত বহি মই কিয় জানো অনুভৱ কৰি
থাকিলোঁ এযুৰি চকুৰ চাৱনিয়ে মোক যেন আমনি কৰি আছে৷কিন্তু সেই চকুৰ চাৱনিৰ গৰাকীলৈ চাবলৈ মোৰ সাহস নহ’ল৷
পাৰ্টি শেষ কৰি
কলেজ বাছত উভতি আহোঁতে সেই একেটা অনুভৱে মোক পিছ এৰা নিদিলে৷সকলোৱে গান-বাজানা, অন্তাক্ষৰী খেলি হুলস্থুল কৰি আহি থাকিল কিন্তু মই গান বাজনাত ভাগ ল’ব নোৱাৰিলোঁ৷
হোষ্টেললৈ আহি
বাথৰূমৰ আইনাত মই নিজৰ মুখখন চালোঁ৷ভাৱিলোঁ চকুযুৰিৰ কথা৷ পিছে সেই চাৱনিৰ কথা মই
নিজৰ মাজতে ৰাখি থ’লো৷ (আগলৈ)
কবি:-
ණমৌচুমী বৰি ।
No comments:
Post a Comment