পাঠকৰ মনৰ কথা
(২):
ৰমেন বৰা।
সদস্য, আখৰুৱা।
___________________________________
ৰমেন বৰা।
সদস্য, আখৰুৱা।
___________________________________
আজি "পাঠকৰ
মনৰ কথা" শিতানত "আখৰুৱা"ত প্ৰকাশিত জোনমনি গগৈয়ে লিখা
"অশান্ত সময় " নামৰ কবিতাটি পঢ়ি ভাল লগা বাবে দুআষাৰ লিখিছোঁ।
সঁচাকৈ আজি
পৃথিৱীখন ইমান দ্ৰুতগতিত আগবাঢ়িছে যে বেলেগৰ বাবে ভাৱিবলৈ যেন কাৰো সময়েই নাই ৷
সকলো নিজৰ নিজৰ নিজৰ কৰ্ম লৈয়েই ব্যস্ত।
সকলো ক্ষেত্ৰতে
প্ৰতিযোগিতা। কোনো এটা কাম কৰিলে যে তেওঁৰ অনিষ্ট হ'ব সেইটো ভাৱিবলৈ সময় নাই। মাত্ৰ এটাই যে মই
কেনেদৰে আগবাঢ়িব পাৰোঁ।
জাতি-কূল লৈয়ো আজিৰ সমাজত বহুতো কাজিয়া হোৱা দেখা যায়। মই বৰ্তমান বেংগালোৰত আছোঁ। ইয়াত হিন্দু- মুছলমানৰ কাজিয়া প্ৰায়ে হৈ থাকে। ধৰ্মক লৈ মানুহে কাটিব পাৰে আকৌ সেই মানুহে বিজয়ী হৈ উৎসৱ মানে।
জাতি-কূল লৈয়ো আজিৰ সমাজত বহুতো কাজিয়া হোৱা দেখা যায়। মই বৰ্তমান বেংগালোৰত আছোঁ। ইয়াত হিন্দু- মুছলমানৰ কাজিয়া প্ৰায়ে হৈ থাকে। ধৰ্মক লৈ মানুহে কাটিব পাৰে আকৌ সেই মানুহে বিজয়ী হৈ উৎসৱ মানে।
জীৱৰ ভিতৰত
মানুহকেই শ্ৰেষ্ঠ জীৱ বুলি কয় কিন্তু মানুহে মানুহৰ মোল বুজি নাপায়৷ মানুহে মানুহৰ
কথা ভাৱি নাচায়৷
ভূপেন হাজৰিকা দেৱেও গাই গৈছে যে-
ভূপেন হাজৰিকা দেৱেও গাই গৈছে যে-
''মানুহে মানুহৰ বাবে যদিহে অকনো নাভাৱে
ভাৱিব কোনেনো কোৱা ?"
ভাৱিব কোনেনো কোৱা ?"
তেখেতে এয়াও কৈ
গৈছে-
"যদি দানৱ কাহানিবা হয় মানৱ
লাজ পাব কোনেনো কোৱা?''
লাজ পাব কোনেনো কোৱা?''
একপ্ৰকাৰে চাবলৈ গ'লে কবিতাটোত প্ৰকাশ পোৱা প্ৰতিটো কথাই বৰ্তমান সমাজত চলি আছে। আমি যদি এতিয়া সাৱধান নহওঁ
ভৱিষ্যতে কি ৰূপ ল'ব ভাৱিব নোৱাৰিম।
মোৰ বিচাৰত এই
কথাখিনি মিলা বাবেই কবিতাটো ভাল লাগিল।
পাঠকৰ সুবিধাৰ্থে
আলোচিত কবিতাটি আগবঢ়াইছোঁ-
শিৰোনাম- অশান্ত
সময়
কবি- জোনমণি দাস
কবি- জোনমণি দাস
চৌদিশে আজি
জ্বলি উঠিছে …
হত্যা আৰু হিংসাৰ দাবানল ৷
মৰণকাতৰ আৰ্তনাদ
কি যে বিভীষিকা!!
মানুহে পাতিছে মানুহৰ খেলা৷
মানুহ হেনো পৃথিৱীৰ
শ্ৰেষ্ঠ জীৱ …
অথচ মানুহেই পাতে মানুহৰ যজ্ঞ ৷
মানুহৰ তেজেৰেই পাতে
বিজয়ৰ উৎসৱ ৷
কাৰো সময় নাই
উভতি চাবৰ
ব্যস্ত পথ ব্যস্ত মহানগৰ ৷
ক্ষোভত ফাটিছে হৃদয় …
তাৰো কোনো মূল্য নাই ৷
এফালে চিঞৰ
প্ৰতিবাদৰ…
আনফালে আকৌ
বাজিব লাগিছে
মানৱৰেই জয়গান…
অশান্ত সময়
অশান্ত মন
চাৰিওফালে ধোৱা ৷
অস্পষ্ট ছবি ৷
মানুহবোৰ দানৱ হৈ পৰিছে
বিবেকশূন্য …
আবেগৰ মূল্য আজি নাই নাই ৷
কি এই সময়!
মানুহে নুবুজে মানুহৰ মূল ৷
অন্যায় অবিচাৰেৰে
ঘৰ ভৰপূৰ ৷
সজাব নোৱাৰি
যায় জাতিকূল ৷৷৷
জ্বলি উঠিছে …
হত্যা আৰু হিংসাৰ দাবানল ৷
মৰণকাতৰ আৰ্তনাদ
কি যে বিভীষিকা!!
মানুহে পাতিছে মানুহৰ খেলা৷
মানুহ হেনো পৃথিৱীৰ
শ্ৰেষ্ঠ জীৱ …
অথচ মানুহেই পাতে মানুহৰ যজ্ঞ ৷
মানুহৰ তেজেৰেই পাতে
বিজয়ৰ উৎসৱ ৷
কাৰো সময় নাই
উভতি চাবৰ
ব্যস্ত পথ ব্যস্ত মহানগৰ ৷
ক্ষোভত ফাটিছে হৃদয় …
তাৰো কোনো মূল্য নাই ৷
এফালে চিঞৰ
প্ৰতিবাদৰ…
আনফালে আকৌ
বাজিব লাগিছে
মানৱৰেই জয়গান…
অশান্ত সময়
অশান্ত মন
চাৰিওফালে ধোৱা ৷
অস্পষ্ট ছবি ৷
মানুহবোৰ দানৱ হৈ পৰিছে
বিবেকশূন্য …
আবেগৰ মূল্য আজি নাই নাই ৷
কি এই সময়!
মানুহে নুবুজে মানুহৰ মূল ৷
অন্যায় অবিচাৰেৰে
ঘৰ ভৰপূৰ ৷
সজাব নোৱাৰি
যায় জাতিকূল ৷৷৷
ৰমেন বৰা।
সদস্য, আখৰুৱা।
____________________________________
সদস্য, আখৰুৱা।
____________________________________
ব্যৱস্থাপকৰ
মন্তব্যঃ
১) লিখনিত
সন্নিৱিষ্ট মন্তব্যৰ দায়িত্ব লিখকৰ ওপৰত ন্যস্ত থাকিব।
২) এই শিতানে সামৰি লোৱা বক্তব্যত থকা বানানত ভুল দেখিলে, আখৰুৱাৰ মাননীয় সদস্যসকলক সেয়া আঙুলিয়াই দিবলৈ অনুৰোধ কৰিলোঁ।
২) এই শিতানে সামৰি লোৱা বক্তব্যত থকা বানানত ভুল দেখিলে, আখৰুৱাৰ মাননীয় সদস্যসকলক সেয়া আঙুলিয়াই দিবলৈ অনুৰোধ কৰিলোঁ।
শিতানটো অধিক
ক্ৰিয়াশীল বা উন্নত মানৰ হৈ উঠাৰ লক্ষ্যত পাঠকসকলে তেখেতসকলৰ মুকলি মতামত আগবঢ়াই
যেন।
ধন্যবাদজনজিৎ গোস্বামী।
ব্যৱস্থাপক, পাঠকৰ মনৰ কথা,
No comments:
Post a Comment