সাৱধান,পত্নীয়ে সকলো জানে
বৰষুণ জাকৰ সৈতেই
আহিছিল দুখবোৰ তাইৰ জীৱনলৈ |
গল্প এটা লিখো বুলি ঠিক আৰম্ভ কৰিছিলহে বৰ্মনে ,মানে আমাৰ প্ৰসিদ্ধ গল্পকাৰ হৃদয় বৰ্মনে | ঘৈণীয়েক মণিমালাই ৰণচণ্ডী ৰূপ লৈ পাগঘৰৰ পৰা হেতাখন লৈ কৰিলে নহয় আক্ৰমণ |
" বোলো হেৰি মহান সাহিত্যিক,সাহিত্যকৰ্মত যে লাগিলে, মইনাৰ পঢ়া-শুনা কোনে চাব | ঘৰৰ সোপাৰ লেঠা মাৰোতে মইটো ফেচবুক হোৱাটচ্ এপতো এবাৰ ভুমুকিয়াবলৈ সময় নাপাওঁ আৰু নিজে হ'লে গল্প এৰি কবিতা,কবিতা এৰি সামাজিক চিন্তা ঢালি টাইম লাইন ভৰাই পেলাই | লাইক কমেন্টত ধন্যবাদ দি দি দিনটো অফিচত বহে | মোৰ কপালত গাধৰ দৰে খাটন লিখি আহিছো | ল'ৰা-ছোৱালী, ঘৰ-সংসাৰ , বজাৰ,অতিথিকে ধৰি নানা জঞ্জালে মোক নৰক দেখাই দিয়ে | ময়োতো মানুহ | মোকোতো আনৰ দৰে নিজৰ সময় লাগে বন্ধু-বান্ধৱী,গপ,আড্ডা মোকো লাগে | নাই নে নাই মোৰ জীৱনত একোৰে সুখ নাই | গজং মানুহ এটা পালো কলমৰ আগতহে প্ৰেম নিগৰে,ঘৈণীয়েকক মৰম সানি মাত এষাৰ হ'লে ওলাই নপৰে মুখৰ পৰা |"
মণিমালাৰ কথাৰ চোকত ৰ'ব নোৱাৰি কলম -কাগজ ঠাইতে থৈ বৰ্মন দাঙৰীয়া ল'ৰাৰ পঢ়া টেবুলৰ কাষ পালেগৈ | হয়ো পিছে মানুহজনীয়ে ঘৰখনৰ বাবে বহুত কিবাকিবি ত্যাগ কৰিলে | আনকি নিজৰ চহৰত নাপালে বাবে টেট মাষ্টৰণীৰ চাকৰিটোও বিসৰ্জন দিলে | মাজে মাজে তাকে চাগে মনতে উকাই অলপ জকি উঠে | পিছে মনৰ পৰা বৰ ভাল তেওঁ ,সেই কথা অন্তৰেৰে স্বীকাৰ কৰে বৰ্মনে | ল'ৰাক অংক দুটামান বুজাই কৰিবলৈ দি হৃদয় বৰ্মনে পিছদিনাৰ পৰিকল্পনাটো কিদৰে কৰিব তাৰে ভাৱনাত নিমগ্ন হ'ল | পিছদিনা দেওবাৰ | মণিমালাই খংটো মাহৰ দৰ্মহা হোৱাৰ ঠিক পিছৰ শনিবাৰটোতে কৰে |দেওবাৰটোত সেই চেগতে তেওঁ মনৰ পচন্দৰ দুই এপদ সৰকাই লয় | আৰু মইনাৰ স্কুলৰ লগৰবোৰৰ মাকবোৰক জনাই,"এওঁ যে আৰু মানুহ,মোক নালাগে বুলি কলেও প্ৰতিটো দৰ্মহাৰ পিছতে কিবা নহয় কিবা এটা দিবই | "সেইবোৰ বাৰু ঠিকেই আছে ,নাৰী চৰিত্ৰৰ মনৰ খোৰাক | পিছে বৰ্মনে বিপাঙত পৰিছে আন এটা কথাক লৈহে | পিছদিনা তেওঁৰ লুইতৰ চাপৰিৰ মিচিং গাঁও এখনৰ ওচৰত এখন কবি সন্মিলন আছে,আৰু তেওঁক তাত অনুষ্ঠানটি সঞ্চালন কৰিবলৈ মাতিছে | যাম বুলি কথা দি নোযোৱা হ'ব নোৱাৰে আৰু মৰমৰ মণমালাক মনত আঘাত দি গুচি যাবওঁ নোৱাৰে | তেওঁক অসন্তুষ্ট কৰা মানে ঘৰত দিনে নিশাই ভূঁইকঁপ মতাহে | মনৰ ভিতৰৰ চিন্তাক বাহিৰ নোলোৱাকৈ ৰাখি ল'ৰা পঢ়্ুৱাই উঠি খাই বৈ চিধা বিচনা পালেগৈ | ফোনটো যেন তেওঁ দৰকাৰত বাহিৰে হাতে নিদিয়ে এনে ভাবতে দলি মাৰি টেবুলত মণিমালাই দেখাকৈ থৈ দিলে | কলম কাগজলৈ চকু ঘূৰাইও নাচালে | মণিমালা বিচনালৈ অহাৰ লগে লগে তাইক মৰমেৰে সাৱটি ধৰি লেনিয়াই কলে--
"মণি.......কালি পুৱা আঠ বজাত সাজু হ'বা ,তোমাক আৰু মইনাক মাৰাহঁতৰ ঘৰলৈ লৈ যাম | তোমালোকক তাতে থৈ আমাৰ অফিচৰ যে দলে তেখেতসকলৰ গাঁৱলৈ যাম দলেৰ লগত | তাত হেনো মিচিং ডিজাইনৰ বৰ ধুনীয়া ধুনীয়া কাপোৰ বোৱা কেইঘৰ মান মানুহ আছে | তোমালৈ আনকমন এটা মিচিং চেট আনিম | তাৰ পৰা অনাৰ কাৰণ হ'ল ইয়াতে বজাৰত পোৱাবোৰকে সকলোৱে কিনিব বা কিনিছে | সকলো কমন | কিন্তু তোমাৰ যোৰ হ'ব সকলোৰে পৰা পৃথক | আৰে হ'বই লাগিব মণিমালা বৰ্মন কাৰ পত্নী হয় সেয়াওতো চাব লাগিব | বিষিষ্ট কবি ,গল্পকাৰ হৃদয় বৰ্মনৰ ধৰ্ম পত্নী হয় | "
মণিমালাই হাঁহি উঠিল আৰু সুধিলে--" কাপোৰ যোৰ ল'বলৈ যাওঁতেই হবলা কবি সন্মিলনখনৰো সঞ্চালন কৰি আহিব ন ?"
বৰ্মনে ভেবা লাগি কোঠাৰ সামান্য পোহৰতে মণিমালালৈ চালে |
" টেবুলত পৰি থকা নিমন্ত্ৰণী পত্ৰখন দেখিছো মই | কাইলৈ কি পিন্ধি যাব তাকো সাজু কৰি থৈছো | পিন্ধি যাব লগীয়া কাপোৰ সাজ মই ইস্ত্ৰী নকৰিলে সোতমোচ খোৱাকৈয়ে পাবগৈ আপুনি মোৰ জনা আছে | সেয়ে ল'ৰাক চাবলৈ কৈ মই সেইবোৰ ঠিক কৰিলো | কান্ধত নিয়া মোনাটোৰ অৱস্থা নাই,যোৱা দৰ্মহাতে কিনি থৈছিলো |তাকো উলিয়াই ঠিক ঠাক কৰি থৈছো | পুৱা আপোনাক পঠিয়াই ময়ো মইনাক আৰ্ট স্কুললৈ নিবলৈ সাজু হ'ব লাগিব সেয়ে ৰাতিতে বহু কাম আগবঢ়াই থৈছো | কামবোৰ নাথাকিলে আপোনাৰ লিখাত মই বাধা নিদিওঁ কেতিয়াওঁ | আপোনাৰ গল্প কবিতাৰ প্ৰশংসাত কোনোবাই কিবা এষাৰ কলে কিমান সুখ পাওঁ আপুনি নুবুজিব | কিন্তু সেই সময়ত সেই ৰূপটো নেদেখিলে আপুনি যে লৰচৰ নকৰে,সেইটো মোৰ জনা আছে | হেৰি এটা কথা জানিব আপুনি যদি ডালে ডালে বগোৱাই ,মই পাতে পাতে বগাওঁ |"

কবি:-
ණনীৰুপমা ডেকা ।
No comments:
Post a Comment