এলিফেন্ট ফলচ্ ত
জল প্ৰপাতৰ খিল
খিল হাঁহিৰ মাজত
লুকাই আছিল বসন্তৰ উৎফুল্লতা
আৰু সুৰৰ পানচৈ
মই ঢৌৰ গভীৰতাৰ মাধুৰ্য্য বিচাৰি গৈছিলো !
বেলিটোৰ মৰম সনা উঞ্চ স্পৰ্শত
বৰফ গলা পানী
পগলা হৈ পাহাৰৰ পৰা খৰকৈ নামিছিল
যেন প্ৰিয়তমাক হে নিমন্ত্ৰণ দিব !
প্ৰশান্তিৰে ভৰা জীৱনৰ এটা কেঁকুৰিত
শ্বিলঙৰ নিয়াৰসনা
এমুঠি মুকুতাৰ সৈন্দৰ্য্য পান কৰি
এপলক শীতৰ নিবিড় সান্নিধ্যই
মধুৰ কৰি তুলিছিল আশা -নিৰাশাৰ
প্ৰতিটো নিৰৱ মূহুৰ্ত্ত ।
লুকাই আছিল বসন্তৰ উৎফুল্লতা
আৰু সুৰৰ পানচৈ
মই ঢৌৰ গভীৰতাৰ মাধুৰ্য্য বিচাৰি গৈছিলো !
বেলিটোৰ মৰম সনা উঞ্চ স্পৰ্শত
বৰফ গলা পানী
পগলা হৈ পাহাৰৰ পৰা খৰকৈ নামিছিল
যেন প্ৰিয়তমাক হে নিমন্ত্ৰণ দিব !
প্ৰশান্তিৰে ভৰা জীৱনৰ এটা কেঁকুৰিত
শ্বিলঙৰ নিয়াৰসনা
এমুঠি মুকুতাৰ সৈন্দৰ্য্য পান কৰি
এপলক শীতৰ নিবিড় সান্নিধ্যই
মধুৰ কৰি তুলিছিল আশা -নিৰাশাৰ
প্ৰতিটো নিৰৱ মূহুৰ্ত্ত ।
কবি:-
ණলীনা হাজৰিকা ।
No comments:
Post a Comment