Sunday, 2 April 2017

সৰি পৰা পকা ফল এটা নহ’লো কিয়ණ অচ্যুত মাধৱ দাস



সৰি পৰা পকা ফল এটা নহলো কিয়
°°°°°°°°°°°°°°°°°°°°°°°°°°
পৃথিবী এখন ৰসাতলে যোৱা দেখিলে
এটাই মাথোঁ আক্ষেপ হয়
সৰি পৰা পকা ফল এটা নহলো কিয়
পকা ফলৰ পৰা দুটি পাত
পাতৰ পৰা পুলি আৰু তাৰ পৰাই এদিন এজোপা গছ
সকলোবোৰ ফল ফুটি পাত নোলায়
সকলোবোৰ পুলিও এদিন গছ হবগৈ নোৱাৰে
সেই বেথাতেই কেতিয়াবা নিৰলে ভাৱোঁ
ৰসাতলে যোৱা পৃথিবীখনক কোনে ছাঁ দিব
সেই তাহানিতেই এদিন আয়ে কৈছিল-
গছবোৰলৈ চা
কেনেকৈ খামুচি থাকে মাটিৰ মৰমক,
তহঁতো এদিন গছ হব লাগিব
জাৰ-জহ ধুমুহা-বৰষুণ গৰকি
থিয় দি থাকিব লাগিব
পৃথিবী এখন ৰসাতলে যোৱা দেখিলে
প্ৰায়ে এজোপা গছ হোৱাৰ ইচ্ছা হয়
তাতে আহি বহিবহি দুটা কপৌ
আৰু তাকে দেখি কৰ পৰা জানো
এডাল গোৱালা সাপ আহিল
এতিয়া এমুঠি উঁই পোক বিচাৰি ফুৰিছোঁ
গছৰ তলতে হাঁফলু এটা হওক বুলি
তাতে আহি মাজে মাজে বহিবহি ৰত্নাকৰ
সেই যে বাল্মীকি, ৰাম জন্ম হোৱাৰ আগতেই লিখিছিল ৰামায়ণ
সীতাক বনবাস দি ৰাম-ৰাজ্য পাতিছিল
নাম সলালেও মানুহবোৰ দেখোন সলনি হৈ নাযায়
ৰত্নাকৰ,
ৰাম-ৰাজ্যনো কেলৈ লাগিছে
কপৌ দুটা থাকিব পৰাকেই
গোৱালা সাপবোৰক চৈধ্য বছৰ বনবাস দিয়া
পৃথিবী এখন ৰসাতলে যোৱা দেখিলে
সৰি পৰা পকা ফল এটা হোৱাৰ ইচ্ছা হয়।
কবি:-

No comments:

Post a Comment