আমিয়েই:
বতাহে উজুটি খোৱা দিনত
মন গ'লেই আমি জেওৰা দিছো
বৰঘৰৰ চোতালত
মন গ'লেই আমি জেওৰা দিছো
বৰঘৰৰ চোতালত
বিহমেটেকাৰে ভৰি
পৰা পুখুৰীত
আমিবোৰ মাছ,
গেলা ঘাঁ লগা মাছ
গেলা ঘাঁ লগা মাছ
ঈশ্বৰৰ ঔষধ বেচা
ফেৰীৱালা আৰু
বুদ্ধ হব খোজা মানুহবোৰ
উলংগ হোৱাৰ লাজ লৈ
গছবোৰ মৰহি গৈছে।
বুদ্ধ হব খোজা মানুহবোৰ
উলংগ হোৱাৰ লাজ লৈ
গছবোৰ মৰহি গৈছে।
মানুহবোৰ কুন্ধছ,
আপেল খোৱা দিনৰে পৰা
আজিলৈ ।
আপেল খোৱা দিনৰে পৰা
আজিলৈ ।
কবি:-
ණ হিমাংশু ভাগৱতী ।
No comments:
Post a Comment