Sunday, 2 April 2017

অনুভৱ 'নাচে সি নাচে'ණ জয়ন্ত আকাশ বৰ্মন



নাচে সি নাচে-
ডিঙিৰ শিকলিডাল টানি ধৰি পোৱালি বান্দৰটোৱে তাৰ মাত্ৰ এখন ভৰিৰ ওপৰতেই কি আমোদজনক নৃত্য কৰি উপস্থিত দৰ্শকক উত্ৰাৱল কৰি তুলিছে !
হাত চাপৰি শেষ হ'ল।
দৰ্শকবৃন্দ ঘৰাঘৰি গ'ল।
বান্দৰৰ মালিকজনে সহকাৰীজনক ক'লে-কোনেও নেদেখে এতিয়া। তাৰ ভৰিখনৰ পৰা কাঁ‌ইটডাল আজিৰ কাৰণে উলিয়াই দিয়া।
কবি:-
য়ন্ত আকাশ বৰ্মন

No comments:

Post a Comment