এটা সপোনৰ অনুভৱত
==================
প্ৰথম যিদিনা আৱিষ্কাৰ কৰিছিলো তাইক
তেনেই জুটুলি -পুতুলি কটুলা -কুটুলি চুলিৰে
হেঙুন নকা আজলীজনী
==================
প্ৰথম যিদিনা আৱিষ্কাৰ কৰিছিলো তাইক
তেনেই জুটুলি -পুতুলি কটুলা -কুটুলি চুলিৰে
হেঙুন নকা আজলীজনী
আনে হাঁহিলে হাঁহে
,আনে কান্দিলে
ভেবা লাগি চাই থাকে ।
ভেবা লাগি চাই থাকে ।
এদিন তাই মোৰ
কোঠালৈ সোমাই আহিল
কাকৈৰে মসৃণ কৈ সজোৱা চুলি
দেহত সানিলে সুগন্ধি ,নিৰ্বাক চাৱনি
মোৰ কোঠাৰ চৌদিশে ।
কাকৈৰে মসৃণ কৈ সজোৱা চুলি
দেহত সানিলে সুগন্ধি ,নিৰ্বাক চাৱনি
মোৰ কোঠাৰ চৌদিশে ।
এদিন দুদিন কৰি
সদায়ে অহা হ'ল
সন্তৰ্পনে ঠাই ললেহি মোৰ বুকুত
এখনি বাগিছা হ'ল (ফুল আৰু অৰণ্যৰ )
তাইৰ সুৰত নাচে কামিনীকুসুম
ৰাগত ভাহে তৰংগিনী তটিনী
অশান্ত আবেলি উমাই থওঁ
ভৰ শাওনৰ পথাৰত
এটা প্ৰাচীন আলিবাটৰ পম খেদি
নিসংগ নৈ ঘাটত আশ্বাসৰ সোণাৰু হাঁহি ।
সন্তৰ্পনে ঠাই ললেহি মোৰ বুকুত
এখনি বাগিছা হ'ল (ফুল আৰু অৰণ্যৰ )
তাইৰ সুৰত নাচে কামিনীকুসুম
ৰাগত ভাহে তৰংগিনী তটিনী
অশান্ত আবেলি উমাই থওঁ
ভৰ শাওনৰ পথাৰত
এটা প্ৰাচীন আলিবাটৰ পম খেদি
নিসংগ নৈ ঘাটত আশ্বাসৰ সোণাৰু হাঁহি ।
এদিন তাই গুচি গ'ল ----অনাকাংশিতভাৱে
গমকে নাপালো -------
গমকে নাপালো -------
এতিয়া ভাবিছো , চোতালৰ শুকান দুবৰি গচকি
হেৰুৱাই এটা সপোনৰ সান্নিধ্য
চৰাই চুবুৰীত উল্লাসৰ আকাল
আকাশত মেঘৰ চুলি মেলা তৰি
সন্ধিয়াটো হৈ পৰে মৰিশালী জয়াল ।
হেৰুৱাই এটা সপোনৰ সান্নিধ্য
চৰাই চুবুৰীত উল্লাসৰ আকাল
আকাশত মেঘৰ চুলি মেলা তৰি
সন্ধিয়াটো হৈ পৰে মৰিশালী জয়াল ।
কবি:-
ණমেঘালী ৰাজকুমাৰী ।
No comments:
Post a Comment