Saturday, 1 April 2017

বৰষুণৰ গধুলী ණ জোনমনি গগৈ



"বৰষুণৰ গধুলী"

বাহিৰত এজাক
কোমল পাতলীয়া বৰষুণ ৷
খিৰিকীৰে জুমি চালো
যেন এখন ৰূপোৱালী নৈ
বৈ আছে সাগৰ ধিয়াই ৷
বৰষুণ ভালপাওঁ মই
ভালপাওঁ বৰষুণৰ শব্দবোৰ
যি মোৰ বুকুত ভালপোৱাৰ
ৰামধেনু আঁকে ৷
উমাল কৰি ৰাখে
হৃদয়ৰ একান্ত সময়বোৰ ৷
বৰষুণৰ দিনবোৰত
মনত পৰে তেওঁলৈ
কঁপি উঠা দু-ওঁঠ
উচ্ছল এমোঁকোৰা হাঁহি
কি অদ্ভূদ সংযোগ !
বৰষুণৰ সিটো পাৰে তেওঁ
এইপাৰে মই ৷
সম্পত্তি মোৰ বৰষুণৰ চহৰত
তেওঁৰ উপস্থিতি
শূণ্যত অৱস্থান যদিও
বাৰে বাৰে প্ৰেমত পৰো বৰষুণৰ ৷
বৰষুণ মোৰ আজন্ম প্ৰেমিক
প্ৰিয় তেওঁৰ দৰেই
কবি:-
জোনমনি গগৈ

No comments:

Post a Comment