Saturday, 1 April 2017

আজিৰ দিনটোණ ৰাজীৱ শৰ্মা



আজিৰ দিনটো

মেচত থাকি পঢ়াৰ সময়ৰ কথা।এদিন পুৱাই এজন বন্ধুৱে চিঞৰিলে-- আহচোন বেগাই কিবা এটা চাবিহি।কিনো বুলি সোধাত উত্তেজনাৰে "পাইখানাৰ গাতত শিয়াল এটা পৰি আছে।দিলো দুপদুপাই দৌৰ,শিয়াল চাবলৈ।অৱশেষত গম পালো বন্ধুৱে মিছাকৈ 'লে যাৰ অৰ্থ আছিল এপ্ৰিল ফুল।
কলেজীয়া জীৱনৰ কথা।কাহিলী পুৱাতে উঠি বাহিৰ ফুৰিবলৈ গৈছো, আনদিনাৰ দৰেই । উদ্দেশ্য মেচৰ মালিকৰ জীয়েক দুজনী শুই উঠাৰ আগতেই গা ধুই আজৰি হোৱাৰ।খৰধৰকৈ কামফেৰা কৰিহে বিচুৰ্ত্তি খালো।ঘটিটো জেগাত নাই।কি হ'ব এতিয়া! অৱশেষত জীৱনত প্ৰথম আৰু সম্ভৱত শেষবাৰলৈ বাল্টিটোৰেই ঘটিৰ কামফেৰা কৰিব লগা হ'ল।সিদিনাও আছিল এক এপ্ৰিল ।
চাকৰি জীৱনৰ আৰম্ভণিৰ কথা।প্ৰথমে কোম্পানীৰ কোৱাৰ্টাৰ যথেষ্ট নথকাৰ বাবে এটাতে ছয়-সাতটা ল'ৰাৰ বাস।ঠিক কলেজীয়া জীৱনৰ মেচত থকাৰ দৰেই।পুৱা শুই উঠি ব্ৰাছটো হাতত লৈ দাঁতত লগাইছো আৰু ।কিন্তু ই কি কলগেটৰ গোন্ধ যেন লগা নাই।ভালকৈ চোৱাত হে উৰহী গছৰ ওৰ ওলাল।লগৰ এজনে কলগেট অলপমান উলিয়াই টিউবটোত ফেয়াৰ এণ্ড লাভলি অলপমান ভৰাই থৈছিল মোক এপ্ৰিল ফুল কৰিবলৈ।
ওপৰৰ তিনিওটাই আছিল আকস্মিক ভাবে আনক ঠগাবৰ বাবে কৰা একো একোটা নিৰ্দোষ ধেমালি বা নিৰ্মল এপ্ৰিল ফুলৰ উদাহৰণ ।কিন্তু আজিকালি দিন সলনি হ'ল।গতিকে এপ্ৰিল ফুল পালনৰো ৰেহ ৰূপ বদলিল।মোবাইলৰ কৃপাত চাৰিদিনমানৰ আগৰেপৰাই এপ্ৰিল ফুল আৰম্ভ হৈ যায় ।ফলস্বৰূপে আগৰদৰে এই দিনটোৰ সম্পূৰ্ণ সোৱাদ লোৱাৰ পৰা আমি বঞ্চিত হওঁ।
আজিকালি এক এপ্ৰিলৰ দিনাখন কৰিবলৈ একোৱেই নাথাকেগৈ।সকলো সাঁজু হৈয়েই যায় ।গতিকে আগৰদৰে আকস্মিক ফুৰ্ত্তি লাভৰ পৰা আমি দুৰহৈ অহাৰ দৰে অনুভৱ হয়।

কবি:-
ৰাজীৱ শৰ্মা

No comments:

Post a Comment