Saturday, 1 April 2017

ৰূপোৱালী মেঘৰ ছায়া খণ্ড-৯ණ মৌচুমী বৰি



ৰূপোৱালী মেঘৰ ছায়া:
খণ্ড-৯
অৰুন্ধতীয়ে প্ৰাপ্তিৰ ডায়েৰিখন সামৰি থৈ চকু মোহাৰিলে আৰু সেউজীয়া পাহাৰটোলৈ দৃষ্টি নিক্ষেপ কৰিলে৷তাই একাপ চাহৰ প্ৰয়োজনবোধ কৰিলে ৷ তেনেকুৱাতে কলিং বেলটো বাজি উঠিল ৷ তাই বহাৰ পৰা উঠি গৈ দুৱাৰখন খুলি দিলেগৈ৷ বাহিৰত ঠিয় হৈ আছিল পুষ্পা --- অৰুন্ধতীৰ কোৱাৰ্টাৰত পাৰ্ট টাইম কাম কৰে তাই ৷ পুষ্পাক দেখা পাই অৰুন্ধতী সুখী হ, লে ---
দুকাপ চাহ কৰচোন, একাপ তোৰ বাবে আৰু একাপ মোক দিবি দেই!
পুষ্পাই ব ডিডিবুলি সঁহাৰি দিলে ৷

অনুৰাগলৈ ফোন লগালে তাই৷ক্ষন্তেক সময় ৰিং কৰাৰ পিছতে অনুৰাগে ফোনটো ৰিচিভ কৰিলে ---
:
কোৱা
:
চাইটৰ পৰা ঘূৰিবলৈ হৈছে নে?
:
নাই অ’, মেকানিকেলৰ কাম চলি আছে, তাৰপিছতহে ইলেক্ট্ৰিকেলৰ কাম আৰম্ভ হব৷ আজি ঘৰ পাওঁতে মোৰ ৰাতি হবগৈ বুজিছা৷
:
মই এটা কথা ভাবিছোঁ ৰাগ, আমি এইবাৰ পূজাত দাৰ্জিলিং ফুৰিবলৈ যাম দেই
:
ঠিক আছে বাৰু, আমি এইবাৰ চেকেণ্ড হনিমুনত যাম !!!
:
ধ্যেৎ,তুমিও যে আৰু!হ, ফোন থোৱা এতিয়া, মই চাহ খাওঁ, তুমি কিবা খালা নে?
:
ওচৰৰ কেন্টিনত ৰুটী খালোঁ
এইবুলি কৈ অনুৰাগ মনে মনে থাকিল৷
:
কি হল ৰাগ?
:
নাই একো হোৱা নাই, ফোন ৰাখিছোঁ
অনুৰাগে ফোনটো কাটি দিলে ৷ অনুৰাগৰ যে অভিমানী জগৰ লাগিল অৰুন্ধতীৰ বুজিবলৈ বাকী নাথাকিল৷ তাই আকৌ ফোন লগালে ৷
:
কোৱা
:
আও মহাশয়ৰ চোন সৰু সৰু কথাতে জগৰ লাগে!
:
জান, তোমাক লগ নোপোৱা সময়খিনি মোৰ কিমান বেয়া লাগে তুমি জানো বুজিবা…..
অনুৰাগৰ কথাত অৰুন্ধতীৰ মনটো কুমলি গল৷ তাই গভীৰ মমতাৰে কৈ উঠিল ---
:
তোমাৰ মৰমেৰে মই জীয়াই আছো, মোৰ ৰাগ!
অনুৰাগে আৰু একো নকলে৷ ফোনতে চুমাৰে ওপচাই দিলে অৰুন্ধতীক৷
:ডিডি, চাহ
পুষ্পাৰ মাতত অৰুন্ধতী বাস্তবলৈ ঘূৰি আহিল ৷
০০০০০০০০০০০০০০০
দেওবাৰৰ আবেলি এটাত অৰুন্ধতীয়ে প্ৰাপ্তিৰ কাহিনীটো পঢ়িবলৈ বুলি মেলি ললে -----
মোৰ ৰূমমেট ৰিমা, জেৰিনা আৰু জয়া বা৷
ৰাতি এঘাৰ বজাৰ পাছত মোৰ আৰু জেৰিনাৰ পঢ়িবলৈ ধৈৰ্য নাথাকে, আঁঠুৱা লগাই শুই যাওঁ দুইজনীয়ে ৷ ৰিমাই আকৌ গোটেই হোষ্টেলটোৰ কোঠাই কোঠাই ঘূৰি ঘূৰি এঘাৰ বজাতহে নিজৰ কোঠালৈ আহি পঢ়িবলৈ আৰম্ভ কৰে ৷ জয়া বাই গধূলীৰ পৰা একেলেঠাৰিয়ে পঢ়িয়েই থাকে ৰাতি তিনি বজালৈকে, মাথোঁ ৰাতিৰ ভাত সাজ খাওঁতে অলপ জিৰণি লয়৷জয়া বাৰ সমান কষ্ট কৰা মই আজিলৈ কাকো দেখা নাই ৷ তিনি বজাত শুই আকৌ পাঁচবজাত উঠেই৷জয়া বাৰ ৰুটিন দেখি আচৰিত লাগে মোৰ৷ এদিন টোপনি খতি লেই মোৰ গোটেই দিনটো মূৰ বিষাই থাকে,জয়া বাই যে কেনেকৈ পাৰে ইমান পৰিশ্ৰম কৰিবলৈ!! তথাপি জয়াবাৰ পৰিশ্ৰমে মোক প্ৰেৰণা দিয়ে৷জীৱন যুদ্ধত জিকিবলৈ শক্তি আৰু মনোবল দিয়ে৷মৰমীয়াল জয়াবাক মই খুব ভাল পাওঁ৷ৰিমা, জেৰিনাকো মই ভাল পাওঁ কিন্তু জয়া বালৈ যেন মোৰ মৰমটো অলপ বেছি!

আনৰ কোঠাই কোঠাই আড্ডা মাৰি ৰাতি এঘাৰ বজাৰ পৰা পঢ়িবলৈ আৰম্ভ কৰা ৰিমাক জয়া বাই প্ৰায়ে গালি দিয়ে আনৰ পঢ়া সময়বোৰ নষ্ট কৰাৰ বাবে৷কিন্তু জয়া বাৰ কথাক ৰিমাই গুৰুত্বই নিদিয়ে৷
মই দেখিছোঁ যে অকল ৰিমাই নহয় গীতালী, বিৰিণাহঁতেও ৰাতি এঘাৰ,বাৰ বজালৈকে কিতাপৰ পাত এখিলাও মেলি নাচায়,তে সুবিধা পায় ততে আড্ডা মাৰি ঘূৰি ফুৰে কিন্তু সিহঁতকেইজনীয়ে যে পিছৰাতি গোগ্ৰাসে পঢ়ে সেইকথা ৰূমমেট বোৰেহে গম পায়৷গোটেই কেইজনী পঢ়াটো চোকা৷ৰিমা, গীতালীহঁতৰ দৰে টেঙৰ ছোৱালীৰ পাল্লাত পৰি আঁকৰী কেইজনীৰ পঢ়া-শুনা ভালকৈয়ে নষ্ট হয় কাৰণ সিহঁতে ৰিমাহঁতৰ দৰে ৰাতি পঢ়িব নোৱাৰি শুই যায়৷
আমাৰো ৰাতি আড্ডা চলে কিন্তু ৰিমাহঁতৰ দৰে সদায় আড্ডা নচলে৷(আগলৈ)
কবি:-
মৌচুমী বৰি


No comments:

Post a Comment