Saturday, 8 April 2017

কাৰ স’তে জুৰাওঁ হৃদয়



কাৰ সতে জুৰাওঁ হৃদয়

হাগৰ বতাহত উৰি আছে
বুঢ়ীআইতাৰ বুটা-বছা ফটা ৰিহা,
বৰপেৰাত জাপৰ আঁওচে ফালিছে
মেজাঙ্কৰি মেখেলা
ককাৰ চেলেং চাদৰ, গোমচেঙৰ চোলা
আবতৰীয়া উছবৰ হেতাওপৰা
[“লুইতৰ বুকু হেনো বাম হৈ গ
গভীৰতা হেনো কিছু নোহোৱা হ”]
ত থওঁ কত থওঁ বহাগ
বৰচাঙত তাঁতশাল
ধোঁৱাচাঙত মলঙিছে মহৰ শিঙৰ পেঁপা
বেৰত ঢোলৰ মাৰি, আঁত লগা বৰটি জৰি
আমদানি পানী গামোছা। ৰজাঘৰীয়া চানেকিৰে
কি সতে আদৰোঁ বহাগ
কাৰ সতে জুৰাওঁ হৃদয়
নাহৰফুলীয়া বাট এটাত
নখে মাটি লিখা এজনী ছোৱালী;
বুকুত বিষাদৰ নৈ এখন লৈ
তাই সুহুৰিয়াই নৰাপেঁপাৰ সুহুৰি
জেতুকা পাতৰ দৰে হিঁয়াখনি’ (তাইৰ)
সেউজ আৱৰণে ভৰা
ঢেঁকীৰ চাবে চাবে তিলপিঠা ঘিলাপিঠাৰ গান এটাই
হৃদয় কুৰুকি খায়, তাইৰ
আয়ে বৈয়ে দিয়া বিহু কাপোৰ নাই
[বকুল তলৰ বিহুলৈ ছাকিৰা আহিব]
কাৰ সতে মুকলিত বৰবিহু চাবলৈ যাওঁ
বুকুত বিষাদৰ নৈ এখন লৈ
কাৰ সতে মই জুৰাওঁ হৃদয়
-কবি:-
উইল চিদ্দিকুৰ ৰহমান।

No comments:

Post a Comment