Saturday, 8 April 2017

বুৰবুৰণি ভাবৰ



বুৰবুৰণি ভাবৰ

সমাধান নোহোৱা সমস্যাবোৰ
জুকিয়াই থকাতকৈ
মিছা হাঁহিৰে সুখী হোৱাই ভাল;
লগনি নোহোৱা জুইকুৰা
সেক লৈ থকাত কৈ
জাৰত কঁপি থকাই ভাল;
উচ্ছিত ৰে পেট পুৰোৱাতকৈ
পেটৰ ভোকত
মৰি যোৱাই ভাল॥

কবি:-
পৰিমিতা গোস্বামী

No comments:

Post a Comment