Sunday, 9 April 2017

এপাহ তেজৰঙা গোলাপ



।। এপাহ তেজৰঙা গোলাপ ।।

জিলিৰ মাতত নিজান দুপৰীয়া
মোৰ পদুলিত কোনে বজায় বর্হম্ থুৰি সুহুৰি
নিৰাই চিকুণাই থলোঁ দুখৰ দুবৰি,
চিফুং বাঁহীৰ সুৰ এটা হৈ
এই বাটেদি আহিব প্রীতি।
মাধৈ মালতী খৰিকাজাঁইৰ
সুবাসত আমোলমোল
মোৰ নঙলা মুখ
বুকুত এপাহ
তেজৰঙা গোলাপ
আৰু এটা নাজিতৰা গান ।
কবি:-
উইল চিদ্দিকুৰ ৰহমান।

No comments:

Post a Comment