Tuesday, 11 April 2017

ওজনবোৰ আছে বাবেইতো



 ওজনবোৰ আছে বাবেইতো 


ওজনবোৰ আছে বাবেইতো
তৰলতাৰ অনুভৱ হয়
ওজনবোৰ বোজা হোৱা বাবেইতো
মনবোৰ পাতল কৰাৰ থল বিচাৰোঁ
আহক দিয়া গধুৰবোৰ বুকুলৈ শিপাই,
বাৰু, অলপ মনটোক কোঙা কৰকছোন,
লৰিব নোৱাৰা হোৱালৈ বোজাবোৰ
কঢ়িয়াই লৈ
ৰৈ থাকোঁ এখন নৈলৈ।
কিছু পৰ আৰু ৰৈ থাকোঁছোন,
সৰহ ভাৰ লৈ অপেক্ষা কৰিলে
নৈখনৰ বুকুত বোজাবোৰ জাহ দি
পুলকিত হ'ম।
পথভ্ৰষ্টৰ দৰে বিচাৰি ফুৰিলেওঁ
নৈখন হেৰাই নাযায়,
লাগিলে
নৈখন পোৱাত দেৰিয়েই হওঁকছোন!
বোজাবোৰ লৈ যাম ভাগৰুৱা হৈ
পাতল কৰিবলৈ নৈখনত।
ওজনবোৰ আছে বাবেইতো
তৰলতাৰ অনুভৱ হয়।
হেৰুৱাব পাৰোঁ নিজক,
নৈখন নৈৰ ঠাইতেই থাকিব।
নিষিদ্ধ অৰণ্যৰ আঁৰে আঁৰে
সিটোপাৰে যদিও আছে নৈখন,
বিভ্ৰান্ত পথিক হ'লেও
নিষিদ্ধ পৰিসৰৰ সিপাৰে
বোজাবোৰ মেলি দি পাতল হওঁছোন।
নৈখনে যেন অজান ভাৱে ৰৈ আছে
নিষিদ্ধ অৰণ্যৰ নিৰীক্ষণ নেওচি
শংকাৰ চাৱনিৰে।
নিষিদ্ধ হ'লেও
অৰণ্যখন উন্মুক্ত কৰি দিওঁছোন।
ওজনবোৰ আছে বাবেইতো
তৰলতাৰ অনুভৱ হয়।
চাওঁছোন...
এটা ৰঙা আপেলে যদি পাৰে
নতুন দিশ উন্মোচন কৰিবলৈ,
বুকুৰ গধুৰবোৰে নো নোৱাৰে কিয়!

কবি:-
শঙ্কৰ জ্যোতি দত্ত ।।

No comments:

Post a Comment