মন গ'লেই
মন গ'লেই উৰি ফুৰো
তুমি উৰ্ব্বশী
মন গ'লেই সাঁতোৰো
তুমি জলপৰী
মন গ''লেই শুই পৰো
তুমি সপোন
মন গ''লেই
ডিঙি চেপি ধৰো নিজৰ
তুমি মৃত্যু
মন গ''লেই উশাহ সলাওঁ
তুমি জীৱন
মন গ'লেই তোমাক সাৱতি ধৰো
তুমি তুমি
মন গলেই গান গাওঁ
তুমি সুৰ
মন গ'লেই ছবি আকোঁ
তুমি ৰঙ
মন গ'লেই
কবিতা লিখো
তুমি অনুভৱ
এনেকৈয়ে দিনবোৰ শেষ হয়
এনেকৈয়ে ৰাতিবোৰ শেষ হয়
মোৰ কোনো কৌতুহল নাই
তুমি কোন
আৰু তোমাক বিচাৰি থাকো
মন গ'লেই তোমাক মাৰি পেলাও
মন গ'লেই তোমাক জীয়াই তোলো
কবি:-
ණনৱকাশ।
No comments:
Post a Comment