বটল বুটলা ল'ৰাটো
বটল বুটলি ফুৰা ল'ৰাটো আজি নাহিল !
খবৰ ললো ,সি হেনো আৰু
কোনো দিনেই নাহে,
খবৰ ললো ,সি হেনো আৰু
কোনো দিনেই নাহে,
তিনি আলিৰ কেঁকুৰি
চুকৰ
বিয়াগোম চৌহদৰ ভিতৰলৈ
সিদিনা মাতিছিল তাক
বটল বুটলিবলৈ ।
বিয়াগোম চৌহদৰ ভিতৰলৈ
সিদিনা মাতিছিল তাক
বটল বুটলিবলৈ ।
সিদিনাৰ পৰা তাক
দেখা নাই আৰু কোনেও,
দেখা নাই আৰু কোনেও,
সিপাৰ নেদেখা গেটৰ
মূখতে,
বৃহৎ কায়,তেলেকা চকুৱা ৰখীয়াটো
আছেই নহয়!
ডিঙিলৈকে জপিয়াই বোলে
কাৰ সাধ্য আছে সোধাৰ
সামান্য বটল বুটলা ল'ৰাটো
আছে নে-কি ইয়াত ???
বৃহৎ কায়,তেলেকা চকুৱা ৰখীয়াটো
আছেই নহয়!
ডিঙিলৈকে জপিয়াই বোলে
কাৰ সাধ্য আছে সোধাৰ
সামান্য বটল বুটলা ল'ৰাটো
আছে নে-কি ইয়াত ???
কবি:-
ණ পৰিমিতা গোস্বামী
No comments:
Post a Comment