Saturday, 8 April 2017

হেমলকৰ সুৰ আৰু এটা চাবুকৰ কামনাঃ ණ জয়ন্ত আকাশ বৰ্মন



হেমলকৰ সুৰ আৰু এটা চাবুকৰ কামনাঃ
-সৰগৰ দেৱ পুৰুষ অষ্টবসুৱে বশিষ্ঠ মুনিৰ নন্দিনী কামধেনু গাইজনীক চুৰি কৰিছিল। ক্ৰোধিত বশিষ্ঠ মুনিয়ে সিহঁতৰ দেৱত্ব অপসাৰিত কৰি সিহঁতক নৰলোকত মানৱ জীৱনৰ দুখ-ক্লেশ-যন্ত্ৰণা ভুগিবলৈ অভিশাপ দিলে। সেই অষ্ট বসুৱেই এষ্ট্ৰাগন(অষ্ট-এষ্ট্ৰাগন) আৰু ভ্লাডিমিৰ(বসু-ভসু-ভ্লাডিমিৰ) নামেৰে নৰলোকলৈ নামি আহি সিদিনা অচিনাকি ধৰাত এডাল মৃত গছৰ তলত বহি চিগাৰেট হুপি আছিল। তেতিয়াই চেমুৱেল বেকেট নামৰ নাট্যকাৰজন সেইফালেদি 'ৰবালৈ গৈ আছিল। এটা চিগাৰেট খাবলৈ বুলি তেখেতে এষ্ট্ৰাগন আৰু ভ্লাডিমিৰক অলপ জুই খুজিলে। সিহঁ‌তে এই নাট্যকাৰজনক নিজৰ জ্বলি থকা চিগাৰেটটো দিলে। সেই চিগাৰেটটোৰ জ্বলি থকা অগ্ৰভাগ নিজৰ চিগাৰেটৰ আগত লগাই চেমুৱেল বেকেট নামৰ নাট্যকাৰগৰাকীয়ে যি জ্বলালে, তেতিয়াৰ পৰাই দুয়ো তেওঁৰ অবিচ্ছেদ্য সংগী হৈ পৰিল। কথাটো শুনা কথাহে। কোনো তথ্যগত প্ৰমাণ পোৱা নাযায় ইয়াৰ।
যি নহওঁ‌ক, এতিয়া আমি সিদিনা ৰাতিৰ কথালৈ আহোঁ‌ -
ভ্লাডিমিৰ আৰু এষ্ট্ৰাগন ষ্টেজৰ পৰা নামি গ'ল অৱশেষত । নামি গৈ দুইটা কোনফালে গ'ল কোনেও ধৰিব নোৱাৰিলে। বাহিৰত বহুত কুৱঁ‌লী আৰু এন্ধাৰ। ষ্টেজৰ মাজত চুইচাইদ গছডালৰ তলত ৰচীডাল পৰি ৰ'ল। শূন্য প্ৰেক্ষাগৃহটোৰ শেষৰ চকীখনত অকলে নীৰৱে বহি থকা নাট্যকাৰ চেমুৱেল বেকেট মঞ্চলৈ উঠি আহিল, এন্ধাৰ ফালি ফালি।
ৰচীডালৰ ওপৰত খোজ পৰিল বেকেটৰ। ৰচীডালে ফোঁচ-ফোঁচাই উঠিল। আৰু বগুৱা বাই বেকেটৰ বুকুলৈ উঠি আহিল। চকুৰ পচাৰতে সাপটোৱে ফেঁ‌ট তুলি নাট্যকাৰ চেমুৱেল বেকেট চাহাবৰ বুকুত দংশন কৰি দিলে। বিষত অজ্ঞান হৈ বেকেট চাহাব পৰি গ'ল। শূন্য প্ৰেক্ষাগৃহত বিষবোৰ বিয়পি পৰিল। দেৱালত বগাই ফুৰা জেঠী, মকৰা, আৰু উৰি ফুৰা মাখিবোৰ মৰি মৰি সৰি পৰিল, তললৈ।মৃত মাখি, মৃত জেঠী আৰু মকৰাৰ শৱদেহৰ মাজত সাপ এডাল বুকুত লৈ বেকেট চাহাবৰ অচেতন দেহ পৰি ৰ', গোটেই ৰাতি।
ওপৰৰ ভেন্টিলেটৰৰ মাজেদি সৰকি অহা পুৱাৰ পোহৰ আহি বেকেটৰ গাত চিটিকি পৰিছে। খপ্-জপকৈ বেকেট উঠি বহিল। বিষটো কমিছে।। কিন্তু তীব্ৰ ভোক লাগিছে। টুপীটো পিন্ধিব লওঁ‌তেই বেকেটে ওচৰত টুপীটো বিচাৰি নাপালে। বাহিৰলৈ চাই দেখিলে মস্ত মলুৱা বান্দৰ এটাই তেখেতৰ টুপীটো পিন্ধি গছডালত আৰাম চে চিগাৰেট হুপি আছে। টুপীটো তাতেই এৰি বেকেট চাহাব বাহিৰলৈ ওলাই গ'ল।
গৈ থাকোঁতে তেখেতৰ বহুত পিয়াহ লাগিল। ভগা ৰাষ্টাটোৰ ওচৰত এটা পুখুৰী আছিল। পুণি মেটেকাবোৰ হাতেৰে আতঁৰাই পানী খাবলৈ বেকেট নামি গ'ল। ঘুন-ঘুণি মাছ কে'ইটামানে সাঁ‌তুঁৰি আহি তেখেতৰ ভৰিৰ পতাত খুটিয়ালে। এটা শিহৰণ উজাই আহিল, ভৰিৰ আঙুলিৰ পৰা কলাফুললৈ, কলাফুলৰ পৰা আঠু, কৰঙন, নিম্নাংগ চুই বুকুলৈ, আৰু বুকুৰ পৰা ডিঙিয়েদি গৈ মস্তিস্ক চুলে। এচলু পানী তুলি লওঁতেই তেখেতে সমুখৰ পানীত দেখ-নেদেখকৈ এটা প্ৰতিবিম্ব দেখিলে। এগৰাকী মহিলাৰ ধুনীয়া প্ৰতিবিম্ব। কান্ধৰ ওপৰেদি পিচফালে চালে বেকেটে, নাই , কোনো মহিলা নাই পিচফালে। ডিঙি জোকাৰি পানী খাই বেকেট পুণৰ ৰাষ্টালৈ উঠি আহিল। বাটত কাইঁ‌টীয়া কিছুমান অচিন উদ্ভিদে বেকেটক খুচিলে। ভৰিৰ পৰা বিন্দু-বিন্দু তেজ নিগৰিছে।
ভোক ভাগৰত জৰ্জৰিত বেকেট। সমুখত দূৰ-দূৰ কেৱল ধূলিময় কাইটীঁয়া বাট। বেলিৰ তাপো প্ৰখৰ হৈ আহিছে। অকমান ছাঁ বিচাৰি বেকেট আগবাঢ়িল, ক্লান্ত খোজেৰে।
কিছু দূৰত এখন নদী দেখিলে বেকেটে, আৰু এখন অৰণ্য। নদী অৰণ্য খেদি খেদি গৈ থাকোঁ‌তেই ৰাতিপুৱাটো গৈ দুপৰত সোমাল। অৰণ্যখন হেৰাল হে হেৰাল। উপায়হীন হৈ বেকেট বহি দিলে। ধুলি কাইঁ‌টৰ ওপৰতেই। অকন টোপনি গ'ল বেকেটৰ। কিবা এক কৰ্কশ শব্দত বেকেট সাৰ পাই উঠিল। এখন বাছ। এখন বাছ পাৰ হৈ গ'ল ওচৰেৰে। ধহ মহাই উঠি বেকেটে বাছখন অনুসৰণ কৰি তীব্ৰ দৌৰ দিলে। আৰু কিছুদূৰ দৌৰি কেনেবাকৈ বাছৰ দুৱাৰৰ ওচৰৰ লোহা ডালত ধৰি বাছখনত আৰোহণ কৰিলে। এজন বৃদ্ধ পুৰুষে বেকেটক হাতত ধৰি সহায় কৰিলে।
বাছখন মানুহেৰে ভৰ্ত্তি আছিল। বিভিন্ন বয়সৰ, বিভিন্ন বেশৰ, বিভিন্ন সংস্কৃতিৰ এগাল মানুহ বাছৰ গতিৰ লগত শৰীৰ হিলাই হিলাই গৈ আছিল। বেকেট য'ত থিয় হ' তাৰ ওচৰৰ চিটটোত প্ৰকাণ্ড একোঁচা মোঁচেৰে এগৰাকী মধ্যবয়সীয়া যাত্ৰী। বেকেটক ওচৰত দেখি যাত্ৰীগৰাকীয়ে থিয় দি দিলে। 'বহক, বহক'-যাত্ৰীগৰাকীয়ে বেকেটক নিজৰ চিটটো এৰি দিলে। বহিবলৈ বহুত ইচ্ছা আছিল যদিও সৌজন্যতাৰ খাটিৰতেই বেকেটে ক'লে- হব হব। মই এনেকৈয়েই পাৰিম। আপুনি বহক। মানুহগৰাকীয়ে ক'লে- নাই, এইখন আচলতে মহিলাৰ বাবেই সংৰক্ষিত আসন। কোনো মহিলা নাছিল বাবে মই বহি আছিলোঁ । বহক, বহক।'
'
মহিলা?'- বেকেটে নিজৰ গাটো খেপিয়াই চালে। আৰে, তেখেতেৰ বুকুত চোন এযুঁৰি স্তন। মুখত হাত দি চালে বেকেটে। দাঢ়িখিনি ক' '? ইম্মান মিহি আৰু কোমল হৈছে যে মুখখন। সমুখত এখন আয়না আছিল। বেকেটে হাউলি গৈ নিজৰ মুখখন চালে। অ' তো। মুখখনচোন কান্তিময় নাৰীমুখলৈ ৰূপান্তৰিত হৈ গ'ল ! আশ্বৰ্যচকিত হৈ বেকেট আসনখনত বহি পৰিল। আসনৰ ওচৰৰ লগা-লগি চিটটোত এমুখ কেচা-পকা ডাঢ়িৰে এজন প্ৰৌঢ় মানুহ। বাছখন গৈ থাকিল। আগলৈ বাহিৰলৈ চালে বেকেটে। কৰ'বাত ভ্লাডিমিৰ আৰু এষ্ট্ৰাগন আছে নেকি? 'ত হেৰাই থাকিল দুয়ো !
বাছখন গৈ থাকিল। বাছৰ জোকাৰণিত বেকেটৰ তন্দ্ৰা লাগিল। হঠাৎ বেকেটৰ তন্দ্ৰা ভাঙি গ'ল। দুই কৰঙনৰ মাজত এডাল সাপ। ধীৰে-ধীৰে সাপটো ভিতৰলৈ সোমাই যোৱাৰ পথ বিচাৰিছে। সাপটোক থাপ মাৰি ধৰিলে বেকেটে। ওচৰৰ সহযাত্ৰীজন চটফটাই উঠিল। ধৰা পৰি যোৱাৰ ভয়ত কঁ‌পিব ধৰিলে। অপৰাধবোধত মানুহজনে বেকেটৰ চকুলৈ চালে।বেকেটে হাতত থকা চিগাৰ পাইপটোৰে সাপটোক খুচি দিল জোৰেৰে। মানুহজনৰ হাতৰ পৰা তেজ ওলাই আহিল। আৰু বাছখন অকমান ধীৰ হওঁ‌তেই সুৰ সুৰকৈ উঠি জাপ মাৰি নামি গ'ল। পাষণ্ড চালা। মহিলা দেখি সুযোগ লব আহিছিল। গোপন স্থানত গোপনে হাত ভৰাইছিল, গোপন আনন্দ বিচাৰি। বেকেটে ভাবিলে, কি পয়মাল , কি পয়মাল!!!
ভোকত (মিচ) বেকেটৰ জীউ যাওঁ‌ যাওঁ‌ হৈছিল। বাছখন গৈ গৈ এটা ঠাইত ৰৈ গ'ল। মানুহবোৰ নামি গ'ল। দুৰ্বল খোজেৰে বেকেটো নামি গ'ল। সমুখত দুটা তম্বু। এটা ৰঙা ৰঙৰ। বাহিৰৰ বহু দূৰৰ পৰা এটা মানুহৰ শাৰী। 'ৰা-ডেকা-বুঢ়া-মহিলা ৰে গঠিত শাৰীটো ধীৰ গতিত তম্বুৰ ভিতৰলৈ সোমাই গৈ আছে। এটা সময়ত বেকেটো গৈ লাইনত থিয় হ'ল। আগৰ মানুহজনে বেকেটলৈ চালে। 'লে-মহিলাৰ লাইন এইটো নহয়, সেইটোহে। লাহেকৈ বেকেটে পুৰুষৰ এৰি মহিলাৰ শাৰীটোত থিয় হ'ল। ধীৰে ধীৰে লাইনটো আগবাঢ়িল। তম্বুৰ ভিতৰলৈ। ভিতৰত কিবা সমাবৰ্ত্তন চলি আছিল। তম্বুৰ ভিতৰত ধুৱলী-কুৱলী বতাহ। ভিতৰত খানাও আছিল। তম্বুৰ ওপৰত এডাল পুৰণি গছৰ ডাল হাউলি আহিছে। তাত এখন বেনাৰ। বেনাৰত এটা কবিতা।
'আপুনি চিৰদিন মাতাল থাকক,
সুৰা, কবিতা বা প্ৰতিভাৰে,
কালে ভাঙি দিয়া কান্ধখনৰ বিষ পাহৰিবলৈ
আপুনি মাতাল থাকক, সুৰা নাইবা বিষাক্ত কবিতাৰ পংক্তিৰে।
সেয়াই জীৱন। সেয়াই জনম।
পুৰণি ডালটো ক্ৰমাৎ মৰি আহিছে। তাৰ ওপৰত মচ গজিছে। এই ডালটোত বান্ধি থোৱা ৰচীডালেই তম্বুটো ধৰি ৰাখিছে।
শাৰীটো অনুসৰণ কৰি কৰি বেকেট ভিতৰলৈ সোমাই গ'ল। ভিতৰত বিভিন্ন বিষয়ক আলোচনা চলি আছে। পকা ডাঢ়িৰে এজন মানুহে আলোচনাৰ আঁ‌ত ধৰিছে। মানুহবোৰৰ ভাষাবোৰ বেকেটে বুজি নাপালে। কিবা অদ্ভূত অংগী-ভংগী, তাতোকৈ অদ্ভূত ভাষা উচ্চাৰণ। বেকেটে এইফালে -সেইফালে চালে। খানাৰ ব্যৱস্থা কঁ‌ত আছে। ভিতৰত মাৰিজুৱানাৰ ধোঁৱাই চানি ধৰিছে। তাৰ মাজে মাজে কিছুমান শ্লোগান। তম্বুৰ ভিতৰৰ এটা চুকত এন্ধাৰ। বেকেট তালৈ গ'ল। এন্ধাৰৰ সুযোগ লৈ এজনে বেকেটৰ বুকুত হাত দিলে। আৰু দৌৰি পলাল। ভিতৰত এটা ভেৰাৰ জাকো ঘুৰি ফুৰিছিল, মাজে মাজে কিবা শ্লোগান চলিছিল।
এটা প্ৰকাণ্ড লোৰ পাত্ৰত খাদ্যখিনি এখন প্ৰকাণ্ড ঢাকনিৰে ঢাকি থোৱা আছিল। বেকেটৰ ভোকে চুড়ান্ত ৰূপ লৈছিল। অলপ খাদ্যৰ সন্ধানত বেকেট গৈ পাত্ৰটোৰ ওচৰত থিয় হ'ল। খাদ্যৰ বিতৰক জনে বেকেটক কূপন বিছাৰিলে। বেকেটে ক'লে-কূপন নাই, ভোক আছে। বিতৰক জনে বেকেটক অলপ সময় 'ব কৈ সেই ডাঢ়ি থকা আলোচনাৰ আঁ‌ত ধৰি থকা মানুহজনৰ ওচৰলৈ গ'ল। আঁ‌ত ধৰোঁতা মানুহজনে বেকেটক মাতি আনি এটা শ্লোগান গাব দিলে। ভোকাতুৰ বেকেটে শ্লোগানটো মাতিব নোৱাৰিলে। ক'লে-আগতে খাবলৈ দিয়ক। তেতিয়া মাতিব পাৰিম। আঁ‌ত ধৰোঁতা মানুহজনে ক'লে-নহব। শ্লোগানটো মাতি আমাৰ আদৰ্শক স্বীকাৰ কৰি লব লাগিব প্ৰথম। তাৰ পিছতহে খাবলৈ পাবা। উপায়ন্তৰ হৈ বেকেটে শ্লোগানটো লিখি লৈ আওৰাব ধৰিলে। এশবাৰ মান আওঁ‌ৰাই থকাৰ পিচত কথমপি শ্লোগানটো মাতিব পাৰিলে। আঁ‌ত ধৰোঁতা মানুহজনে খাদ্য বিতৰকজনক ক'লে-নতুন কমৰেডক খাবলৈ দিয়া। মনুহজনে বেকেটক খাদ্যৰ লাইনত থিয় কৰাই দিলে।
গৈ গৈ এটা সময়ত বেকেটৰ পাল আহিল। বেকেটে হাতৰ থালখন আগুৱাই দিলে। বিতৰক জনে পাত্ৰটোৰ পৰা অদৃশ্য হেতাৰে খাদ্য উঠাই বেকেটৰ থালখন পূৰাই দিলে। থালখন লৈ বেকেট হ'লটোৰ এটা চুকলৈ গ'ল। মতা মানুহবোৰে ইচ্ছাকৃত ভাবেই বেকেটক খুন্দিয়াই গ'ল। ইয়ে বেকেটক মনত পেলাই দিলে যে তেওঁ বৰ্তমান নাৰীহে। বেকেটে থালখনৰ ঢাকনিখন আঁ‌তৰালে। তাত একো খাদ্য নাছিল। ঢাকনিৰ পিচত ঢাকনি গুচাই শেষত বেকেটে যি পালে, সি মাত্ৰ মাৰিজুৱানাৰ কেচাঁ ধোৱাঁ আৰু ধোঁৱা। খাবলৈ একোৱেই নাছিল তাত।
ধোৱাঁ‌ৰ মাজতেই বেকেটে দেখিলে সেই থালখন লৈয়েই কিছুমান মানুহে নৃত্য কৰি শ্লোগান দি আছিল। খঙতে বেকেটে থালখন পেলাই দিলে আৰু ডাঢ়ি থকা আঁ‌ত ধৰোঁ‌তা মানুহজনৰ ডাঢ়িত ধৰি ঘোটালি দিলে। মানুহজনৰ নকল ডাঢ়িবোৰ বেকেটৰ হাতত খুলি উঠি আহিল। মানুহজনৰ মুখখন ওলাই পৰিল। মানুহজনে পেঁ-পেঁকৈ কান্দিব ধৰিলে। খঙত একো নাই হৈ বাকী মানুহবোৰে বেকেটৰ ফালে চোঁচা লৈ আহিল। থৰক বৰককৈ বেকেটে কিবাকৈহে দৌৰি পলাই সাৰিল।
ইয়াৰ সোঁফালে আন এটা তম্বু দেখিলে বেকেটে। একেই আয়োজন। মুখখন মচি কিছু খাদ্যৰ সন্ধানত বেকেট গৈ এইবাৰ এইটো লাইনত থিয় হ'ল। ভিতৰত ৰং বিৰঙী আলোকসজ্জা। ধুনীয়া ধুনীয়া মানুহবোৰে অনুচ্চ স্বৰত ভিতৰত কথা পাতি আছিল। বেকগ্ৰাউণ্ডত কিবা এক সংগীত চলি আছিল। গৈ গৈ বেকেট তম্বুৰ ভিতৰ পালে। ভিতৰত খানাবোৰ সজাই থোৱা আছিল। ইয়াত খাবৰ বাবে লাইন পাতিব নালাগিছিল। নিজে গৈ ল'লেই হ'ল।
ভোকাতুৰ বেকেট গৈ খানাৰ এখন থাল নিজে তুলি ল'লে। মানুহবোৰ ইয়াত নিজৰ মাজতেই মগ্ন আছিল। কোনেও কাৰো প্ৰতি চকু দিয়া নাছিল। কেৱল মাত্ৰ মাজতে কিশোৰ কেইজনমানে আহি মহিলা বেকেটৰ নিতন্ব পিছফালৰ পৰা সাৱটি ধৰিবৰ চেষ্টা কৰিছিল। ইতিমধ্যে অভিজ্ঞ বেকেটে কৌশলেৰে সেই আগ্ৰাসন অগ্ৰাহ্য কৰিছিল। সংগীতৰ গতি উদ্দাম হৈ আহিছিল। মানুহবোৰে নাচি নাচি পাগল হৈ গৈছিল।
সেই নাচৰ তালে তালে বেকেটে থালখন তুলি ল'লে। থালখনৰ পৰা এটা সৰস আপেল তুলি লৈ বেকেটে কামোৰ দিলে। কৰক কৈ শব্দ কৰি আপেলটো ভাঙি থাকিল। আপেলটো প্লাষ্টিকৰ আছিল। সেইটো দলিয়াই বেকেটে এইবাৰ থালৰ পৰা ব্ৰেড এটুকুৰা তুলি ল'লে। ইয়ো প্লাষ্টিক। প্লাষ্টিক আৰু প্লাষ্টিক। মানুহবোৰো প্লাষ্টিক ইয়াত। কিছু আঁতৰত ডাঠ কাঁচৰ আবেষ্টনীৰ ভিতৰত সঁ‌চা খাদ্য কিছুমান আছিল। কিন্তু সেইবোৰ বেলেগৰ বাবেহে আছিল। খঙত বেকেট চিয়ঁ‌ৰি উঠিল-প্লাষ্টিকৰ মানুহ। প্লাষ্টিকৰ মানুহ।
সংগীত বন্ধ হৈ গ'ল। কেইজন মান প্লাষ্টিকৰ মানুহ আগবাঢ়ি আহি বেকেটক এখন জাবৰৰ গাড়ীত জোৰকৈ তুলি ল'লে। আৰু কিছু দূৰত জাবৰ পেলোৱা ঠাইত পেলাই দিলে। ঘৰ-ঘৰ শব্দ কৰি গাড়ীখন গুচি গ'ল।
ভোক আৰু ভাগৰত বেকেট উঠিব নোৱাৰা হ'ল। পিছফালে এখন বেনাৰ-হেৰা পৰিশ্ৰান্ত আৰু বোজাৰে অবদমিত লোকসকল। তোমালোক মোৰ ওচৰলৈ আহা। মই তোমালোকক বিশ্ৰাম দিম। -যীশু।
বেকেটৰ পৰিশ্ৰান্ত মুখেৰে এটা বেঁকা হাঁহি ওলাই আহিল। চুঁচৰি-চুঁচৰি কোনোমতে উঠি গৈ ওচৰৰ গছ এজোপাৰ তলত বেকেট বহি ৰ'ল। গছডালৰ ডাল এটাৰ পৰা বান্দৰ এটা নামি আহিল। বান্দৰটোৰ মূৰত বেকেটৰ টূপীটো। বেকেটে বান্দৰটোক চিনি পালে। হাতযোৰ কৰি সি বেকেটৰ আগত বহিল। মানুহ মুক্তি পাবলৈয়েই জনম লৈছে। মানুহ মুক্ত হবলৈ বাধ্য। তথাপি ইমান যন্ত্ৰণা কিয়? তথাপি ইমান বান্ধোন কিয়? কিয় মানুহে বেলেগৰ দোষৰ বাবে শাস্তি পায়?- বান্দৰটোৱে সুধিলে। বেকেটে ক'লে-বদমাচ বান্দৰ। মোৰ টুপীটো কিয় চুৰি কৰিছিলি? দেখা নাই মই নিজে যি নহয়, তাৰ অভিনয় কৰিব লগা হৈছে? কিমান যন্ত্ৰণা ভুগিব লগা হৈছে?
'মই দুঃখিত মহাশয়। আপুনি দেখিও কিয় তেতিয়াই টুপীটো লৈ লোৱা নাছিল? আপুনি পোৱা যন্ত্ৰণাৰ বাবে আপুনিয়েই দায়ী। নিজৰ পৰিচয়টো এৰি আন এটা পৰিচয় লব গ'লে যন্ত্ৰণা ভুগিবই। লওঁ‌ক আপোনাৰ টুপীটো, আৰু আপুনি আপুনি হৈ যাওঁ‌ক।
বান্দৰটোৱে টুপীটো বেকেটৰ হাতত তুলি দিলে। মুহুৰ্ততেই বেকেটৰ মুখৰ মোচঁ‌কোচা গজি উঠিল। বুকুৰ স্তনযুগল অন্তৰ্ধান হৈ গ'ল। বুকুখন বহল হ'ল। আৰু মুখৰ কোমলতা হেৰাই 'ল। ষ্টিকডালত ভৰ দি বেকেট উঠি বহিল। এনেতে বেকেটে পিছফালে কিবা কথোপকথন শুনিবলৈ পালে। কাণ উনাই চালে আৰু মাতবোৰ চিনাকি চিনাকি যেন লাগিল। পিচফালে উভতিলে বেকেট। গছডালত ওপৰা-উপৰিকৈ দুজন মানুহক ৰচী এডালেৰে কট-কটীয়াকৈ বান্ধি থোৱা আছে। ওচৰলৈ গৈ চালে বেকেটে। ভ্লাডিমিৰ আৰু এষ্ট্ৰাগন।
'তহঁ‌ত ইয়াত কেনেকৈ? তহঁ‌তক বিচাৰি বিচাৰি মই হায়ৰান হৈ গৈছিলোঁ! -আচৰিত বেকেটে সুধিলে। ৰচীৰে বান্ধি থোৱা হাতেৰেই দুয়ো বেকেটক অভিবাদন জনালে। মাষ্টাৰ, ৰাতি আমি দুটা ওলাই আহিলোঁ । পলাব খুজিছিলোঁ আপিনাৰ পৰা। কিন্তু ধৰা পৰি গ'লো। এতিয়াতো আপুনিয়েই আমাক উদ্ধাৰ কৰিব লাগিব। আপুনি যিহেতু আমাক সৃষ্টি কৰিছে, মুক্তিও আপুনিয়েই দিব লাগিব।
ভ্লাডিমিৰে ক'লে- আপুনিতো আমাক দিন-ৰাতি নাটকহে কৰায়! একোতো নিজৰ মতে কৰিব নিদিয়ে। খালি নাটক নাটক আৰু নাটক। গতিকে, মুক্তি বিচাৰি পলাইছিলোঁ । আহি আহি এইখিনি পালোঁ । তামাম ভোক লাগিছিল। সৌটো তম্বুত খানা দি আছিল। এষ্ট্ৰাগনে মোক যাব মানা কৰিছিল। কিন্তু মই গ'লো। কিন্তু তাত সব প্লাষ্টিকৰ খানা। পিচফালে কিন্তু সঁ‌চা খানা আছিল। কাঁচৰ আলমাৰি এটাৰ ভিতৰত। মোক খাব নিদিয়ে বুলে। মই গৈ আলমিৰাটো ভাঙি দিলোঁ । সিহঁ‌তে মোক ধৰি আনি ইয়াত বান্ধি থ'লে। -ভ্লাডিমিৰে কান্দিব ধৰিলে।
'মাষ্টাৰ, ভ্লাডিমিৰক সিহঁ‌তে মাৰি মাৰি বান্ধি থোৱা দেখি মই চিঞৰিলো- 'সিহঁ‌তে মোৰ নিৰ্দোষী বন্ধুক মাৰি মাৰি বান্ধি থৈছে। ওলাই আহক। তাক আমি মুক্ত কৰিব লাগে।' -এষ্ট্ৰাগনে কব ধৰিলে-তেতিয়া আনটো তম্বু দেখিছে? সৌ যে ৰঙা তম্বুটো। তাৰ পৰা এজাক মানুহ ওলাই আহিল। আৰু মোক ধৰি লৈ গ'ল। নি মোৰ মুখত ডাঢ়ি বান্ধি দিলে। আৰু চিনাকি কৰি দিলে-মই হেনো মুক্তিকামী নেতা। মোক সিহঁ‌তে শ্লোগান শিকাই দিলে আৰু সিহঁ‌তৰ সন্মিলনখনৰ আঁ‌ত ধৰা মানুহ সাজি দিলে। এষ্ট্ৰাগনে কৈ গ'ল-আজি এগৰাকী মহিলা আহি কিবা খাব বিচাৰিলে। মোক সিহঁ‌তে শিকাই দিয়া মতে মই কৰিলোঁ‌ ! বদমাচ মহিলা গৰাকীয়ে মোৰ মিছা ডাঢ়িখিনি টানি উঘালি পেলালে। মই কান্দিলো মাষ্টাৰ। মই পেঁ-পেঁকৈ কান্দিলো। তেতিয়া সিহঁতে আনি মোক ইয়াত বান্ধি থৈ গ'ল।
এইবাৰ ভ্লাডিমিৰ আৰু এষ্ট্ৰাগন দুয়ো কান্দিব ধৰিলে। আপুনি আমাক কি বুলি স্ৰজিলে প্ৰভু, কি বুলি স্ৰজিলে? আমি নিজেই বুজি নাপাওঁ‌ নিজকে, আৰু লোকেও আমাক নুবুজে। মাষ্টাৰ আপুনি আমাক কি বুলি স্ৰজিলে?
বেকেটৰ বেয়া লাগিল। হয়তো ! ইহঁ‌তক নাটকৰ চৰিত্ৰ সজাহে হ'ল। কিন্তু কোনো ব্যক্তিত্ব দিয়া নহ'ল। বেকেটে ৰচীডাল লাহে-লাহে খুলি দুয়োকে মুকলি কৰি দিলে। আৰু দুয়োকে লৈ নিজৰ দেশৰ ফালে খোজ ল'লে। ৰচীৰ বান্ধোনে দুয়োকে কাটিছিল। তেজ ওলাইছিল দুয়োৰে মনিবন্ধৰ পৰা।
নিজৰ দেশ পাই বেকেটে দুয়োকে নাট্য মঞ্চৰ ফালে লৈ গ'ল। দুয়োকে মঞ্চৰ গ্ৰীনৰুমলৈ লৈ গৈ ক'লে-এইবাৰ তহঁতক একো কৰিবলৈ বাধ্য নকৰোঁ । মঞ্চত নিজৰ মতেই কথা কবি। নিজৰ মতেই ভাও দিবি।
হব হব মাষ্টাৰ। হব হব প্ৰভু। এইবাৰ মঞ্চত আমি আত্মহত্যা কৰিম।-এষ্ট্ৰাগনে ক'লে।
না না। গড' যদি সময় মতে আহে তেতিয়া আত্মহত্যা নকৰোঁ । তেখেতেই আমাক মুক্তি দিব। আৰু যদি সময় মতে নাহে, তেতিয়াও নমৰোঁ । ভাবি চাম। নিজৰ ভবিষ্যত নিজে জনা সম্ভৱ নহয়।-ভ্লাডিমিৰে ক'লে।
হয় হয়। -এষ্ট্ৰাগনে সমৰ্থন জনালে। গড' নহালৈ আমি এইটোৱে সেইটোক চাবুকেৰে কোবাই থাকিম আৰু বিষবোৰ সহ্য কৰি থাকিম।
আৰু গড' আহিলে তাকো চাবুকেৰে কোবাব পাৰোঁ‌ ।
হয় হয়। হয় হয়। -দুয়োৱে দুয়োক সমৰ্থন কৰিলে।
আৰু মাষ্টাৰ?-বেকেটক মাতিলে দুয়োৱে।
আপুনি কিন্তু আমাক নমাই আনিব নোৱাৰিব মঞ্চৰ পৰা। গড' যদি নাহে, আমি গছত চিপ লৈ আত্মহত্যা কৰিম। অৱশ্যে নকৰিবও পাৰোঁ ।
চাবুকৰ কোব খাই খাই জীয়াই থাকিবও পাৰোঁ ।হেমলক বিষবোৰো ভাল লাগিব পাৰে !
আপুনি কিন্তু আমাৰ বাবে আৰু সংলাপ নিলিখিব। আমি যন্ত্ৰণা ভুগিম অথবা আত্মহত্যা কৰিম। আমি আমাৰ মতেই কৰিম।
এতিয়া মঞ্চৰ আঁ‌ৰকাপোৰ উঠাওঁ‌ক। আমি মৰিব যাওঁ‌ । আমি বিষ লব যাওঁ‌ ।আমি জীব যাওঁ‌ যন্ত্ৰণাৰ জীৱন।
বিভ্ৰান্ত বেকেটে এটা চিগাৰেট জ্বলাই ল'লে। কি কৰা যায় এতিয়া! সিহঁ‌তচোন অবাধ্য হ'লেই।
এনেদৰেই নাটক খন আৰম্ভ হ'আৰু চলি আছে, চলিয়েই আছে। অনুগ্ৰহ কৰি আঁ‌ৰ কাপোৰ পেলাই দিয়ক কোনোবাই ...
(সাতসৰী, ফেব্ৰুৱাৰী, ২০১৭ সংখ্যাত ইতিপূৰ্ৱে প্ৰকাশিত)

কবি:-
য়ন্ত আকাশ বৰ্মন

No comments:

Post a Comment