Friday, 7 April 2017

পুনৰীক্ষণ (৪১): (১৬- ২৩) অক্টোবৰ,২০১৬ (তৃতীয় খণ্ড)



পুনৰীক্ষণ (৪১): (১৬- ২৩) অক্টোবৰ,২০১৬ (তৃতীয় খণ্ড)
পৰ্যালোচক : ড° মাধুৰিমা বৰুৱা
আখৰুৱাৰ ১৬-২৩ অক্টোবৰ,২০১৬ৰ কবিতাৰ নথি হাতত পৰিছিল বেছ কিছু দিন আগতেই কোনো কোনো সময়ত অপ্ৰাসংগিক কিছুমান প্ৰাত্যহিকতাই সৃষ্টিশীলতাৰ বাটত হেঙাৰ হৈ দেখা দিয়ে । সেয়েহে সময়োচিত ভাৱে সমালোচনা আগ বঢ়াব নোৱৰাৰ বাবে আখৰুৱাৰ সুধী সমাজৰ ওচৰত আমি ক্ষমাপ্ৰাৰ্থী ।
আখৰুৱাৰ কবিসকলৰ প্ৰচেষ্টাই অসমীয়া ভাষা সাহিত্যক বিশেষকৈ অসমীয়া কাব্যৰ জগতখনলৈ অৰিহণা যোগোৱাৰ সম্পূৰ্ণ সম্ভাৱনা দেখা যায় । সময়ৰ লগে লগে হয়তো এই সম্ভাৱনাই সম্পূৰ্ণভাৱে বাস্তৱিক ৰূপ ধাৰণ কৰিব । সেয়েহে সমালোচনাৰ যোগেদি কবি সকলক সুন্দৰ আৰু অৰ্থবহ নিটোল কবিতা সৃষ্টিৰ বাবে উৎসাহ আৰু অনুপ্ৰেৰণা যোগোৱাৰ নিশ্চয় প্ৰয়োজনীয়তা আছে । যি চৈধ্যটা কবিতাৰ নথি বৰ্তমান আলোচনাৰ বাবে হাতত লোৱা হৈছে, এই নথিত সন্নিৱিষ্ট প্ৰায়বোৰ কবিতাতে কবি সকলৰ আৱেগ অনুভূতিয়েই ঘাইকৈ প্ৰাধান্য পোৱা দেখা যায়। অৱশ্যে সকলো কবিৰে প্ৰচেষ্টা শলাগিবলগীয়া । কবিতা সমালোচনা কৰিবলৈ যিমান অন্তৰ্দৃষ্টিৰ প্ৰয়োজন সিমানখিনি আমি এতিয়াও আয়ত্ত কৰিব পৰা নাই । সেয়েহে এই আলোচনাত কিবা ভুল- ভ্ৰান্তি হব পাৰে, তাৰবাবে আমি কবি আৰু পাঠক, সকলোৰে ওচৰত ক্ষমাপ্ৰাৰ্থী।
কবিতাৰ ভাল- বেয়া নিৰূপণ কৰা সহজ নহয়। তথাপি গুণী সমালোচকে কয়, যি কবিতাত কবিৰ মনৰ ভাৱ- অনুভূতি সুশৃংখলিত শব্দ আৰু ছন্দৰ বান্ধোনেৰে অনিৰ্বচনীয় শ্ৰী প্ৰদান কৰি প্ৰকাশিত হয়, সিয়ে ভাল কবিতা । কবিতাৰ ভাল বেয়া নিৰূপণ কৰিব পৰাকৈ কোনো সীমা ৰেখা এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই । সত্যক সুন্দৰ কৰাই কবিৰ কাম । সময়ৰ পৰীক্ষাত সত্যই সুন্দৰ হৈ ধৰা দিয়ে ।
আখৰুৱাৰ কবিতাৰ নথি (১৬-২৩)অক্টোবৰ,২০১৬ত সন্নিৱিষ্ট কবিতাৰ সংখ্যা ১৪টা । কবি সকল হৈছে, জ্যোতিষ কুমাৰ দেৱ, ৰাজেন দাস,জাকিৰ হুছেইন, পৰিমালা কোৱঁৰ,হিমাংশু ভাগৱতী, অজন্তা বৰা, ঋতুৰাজ বৰুৱা, তাহাজাত হুছেইন, ইন্দিৰা দিগন্ত, অজন্তা বৰা, মধু এম কলিতা,জ্যোতিষ কুমাৰ দেৱ, অনিতা গগৈ, আৰু পাৰ্থ প্ৰতিম কলিতা ।
আলোচনা--
-----------------
(ক) এই সময় ~ অজন্তা বৰা
এই সময়
ইয়াতে ৰৈ যোৱা হ'লে ,
নিয়ৰৰ দলিচাত
পাৰি দিলো হয় সপোনবোৰ
শেৱালিৰ সুবাসত
ফুলি উঠিল হয় আশা
ভৰুণ হৈ ৰ'ল হয়
আহিন আৰু আহিনৰ সেউজীয়া ।
এই সময়
ইয়াতে ৰৈ যোৱা হ'লে
তোমাৰ শিশুময় হাঁহিত
ফুলি ৰ'ল হয়
মোৰ হেপাঁহৰ কৃষ্ণচূড়া ।
আলোচ্য কবিতাটিৰ ক্ষেত্ৰত সময়ৰ ৰহস্যময় ভূমিকাৰ আঁত ধৰি কবিৰ অতীতৰ স্মৃতিকাতৰতা অতি সাৰ্থকভাৱে প্ৰকাশ পোৱা দেখা গৈছে । ভাৱৰ ধূসৰতাই সাধাৰণতে কবিতাৰ ক্ষেত্ৰত যি প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে, ‘এই সময়নামৰ কবিতাটি তাৰ পৰা মুক্ত বুলি একে আষাৰে ক'ব পৰা যায় । কবিতাটিত কবিৰ বক্তব্য স্পষ্ট হৈ ধৰা দিছে । সেয়ে কবিতাটিৰ আটাইতকৈ যোগাত্মক দিশ।
এই সময়
ইয়াতে ৰৈ যোৱা হ'লে
তোমাৰ শিশুময় হাঁহিত
ফুলি ৰ'ল হয়
মোৰ হেপাঁহৰ কৃষ্ণচূড়া ।
সময় আৰু কবিৰ হেঁপাহৰ কৃষ্ণচূড়াৰ মাজত এটি পাৰস্পৰিক সম্পৰ্ক স্থাপন কৰাৰ প্ৰয়াসে কবিৰ বক্তব্যক পাঠকৰ হৃদয়লৈ লৈ যোৱাত সহায় কৰিছে ।
(খ) প্ৰেমৰ সংশয় ~ তাহাজাত হুছেইন
হৃদয়ৰ পথাৰত
অংকুৰণ মোৰ প্ৰেমৰ ।
মৰহি গৈছিলো..
এক প্ৰতিকুল সময়।
আশাৰ বতৰা!!
চিপচিপ বৰষুণ।
তোক পাহৰিব পৰা নাই
অ গাভৰু ৰোৱনী ।
তোৰ পৰশত.. দেহত মোৰ
এয়া কিহৰ সঞ্চাৰ!!!
মই বাঢ়ি যাম লহপহকৈ....
তোৰ প্ৰেম বুকুত বান্ধি।
তোলৈ এক অনুৰোধ,
নাহিবি আঘোণত হৈ দাৱনী?!
প্ৰেমিক কবিৰ প্ৰেমৰ মধূৰ অনুভৱৰ অনুৰণন এই কবিতাটোৰ মূল উপজীব্য । প্ৰেমৰ কবিতাত অভিনৱত্ব সংযোগ কৰাটো বৰ সহজ হৈ থকা নাই । কাৰণ অতি প্ৰাচীন কালৰে পৰা যুগে যুগে সাহিত্যৰ বিভিন্ন ক্ষেত্ৰত বিশেষকৈ কবিতাত প্ৰেমৰ ধাৰণাক বিভিন্ন ধৰণে পৰীক্ষা- নিৰীক্ষা কৰি অতি বহুলভাৱে উপস্থাপন কৰা হৈছে ।তেনে ক্ষেত্ৰত কবিৰ উক্তি,‘মই বাঢ়ি যাম লহপহকৈ..../ তোৰ প্ৰেম বুকুত বান্ধি / তোলৈ এক অনুৰোধ, / নাহিবি আঘোণত হৈ দাৱনী !ৰ বিশেষ তাৎপৰ্য্য থকা যেন বোধ হয় । আনহাতে প্ৰেমৰ বিকাশত প্ৰেমপাত্ৰৰ ভূমিকাক উপস্থাপন কৰাত কবি সম্পূৰ্ণভাৱে সফল হোৱা বুলি কব পাৰি ।
(গ) দুঃস্বপ্নৰ দিন ~ ঋতুৰাজ বৰুৱা
১/
ভৱাৰ দৰে দিনবোৰ নাহিল
সুখ আৰু সপোনৰ বিশ্বাসঘাটকতাত
আঁহত স্বপ্নদ্ৰষ্টা
এতিয়া আকৌ
'দৰ ঠিকনাত কাৰ
এই অগস্ত্য যাত্ৰা !
২/
এই আকাশ আমাৰ
কাম্য নাছিল
ইমূৰৰ পৰা সিমূৰলৈ
বিয়পিছে এজাক নেজাল তৰা
মূৰ চিঙা মানুহৰ ওঁঠৰ ধুলিত
ক্ৰমশঃ পোত যায় জোন আৰু বেলিৰ একোটা পুৰণি সাধু।
৩/
কেতিয়াবা উসাহত
কেতিয়াবা তেজত
এতিয়া আমি প্ৰত্যেকেই কঢ়িয়াই ফুৰোঁ এটা ৰক্তবীজ
আমাৰ প্ৰত্যেকৰে বৰঘৰত ।।
ঋতুৰাজ বৰুৱাৰ দুঃস্বপ্নৰ দিনকবিতাটিত কঠোৰ বাস্তৱৰ এক কৰুণ অধ্যায় উন্মোচিত হৈছে । শব্দৰ অৰ্থবহ প্ৰয়োগে কবিতাটিক সাৰ্থকতা প্ৰদান কৰিছে । আশাভংগ আৰু বিশ্বাসঘাতকতাৰ ফলত উদয় হোৱা ক্ষোভ আৰু বেদনাৰ প্ৰকাশ কবিতাটিত সাৰ্থকভাৱে প্ৰকাশ পাইছে । শব্দৰ ব্যবহাৰত কিছু সাৱধানতা অৱলম্বন কৰিলে এনে কবিতাই সাৰ্বজনীনতা অৰ্জন কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে ।শব্দৰ ভুল বানানে কবিতাৰ ৰস আস্বাদনত ব্যাঘাত জন্মায় । এনে ধৰণৰ বিসঙ্গতিৰ প্ৰতি কবিসকলে লক্ষ্য ৰখা ভাল ।
(ঘ) একাঁহী জোনৰ হাঁহি আৰু জোনাকী ~ পৰিমালা কোঁৱৰ
কাঁহী এখন লৈ জোন জোখাৰ নিশা
জোন এটা বিচাৰি ঠেহ পতাৰ দৰে
অবোধ হেঁপাহবোৰে
মাজে মাজে অবুজ কৰি তোলে
অপহৃত ক্ষণিক সুখবোৰ
ভাৱহীন দৃষ্টিৰে দিগন্তত বিচাৰি ফুৰো
আকাশ ডাৱৰ জোনাক বৰষুণ
চুৰ কৰা সময়ৰ দৃষ্টি নন্দন বিলাস
কেনে আছো মই
সুধিছো বাৰে বাৰে
উদাসী মন
সময়ৰ বলুকাত
খোজ হেৰুৱা দুখ
কাৰণবোৰ অকাৰণ হৈ
বিলাপ কৰে ডাৱৰীয়া জোন হৈ
নৈ হৈ বৈ থাকে
বুকুৰ ভিতৰৰ পৰা ভিতৰলৈ
জোন গলা নিশা
দীঘল গছৰ ছাঁত
এজাক জোনাকীয়ে
লুক ভাক খেলে
আৰু
জোনটোৱে কাঁহীখনৰ দৰে
একাঁহী হৈ হাঁহি থাকে।
পৰিমালা কোঁৱৰৰ একাঁহী জোনৰ হাঁহি আৰু জোনাকী কবিতাটিত কবিয়ে বৰ্তমানৰ কঠোৰ বাস্তৱৰ পৰিপ্ৰেক্ষিতত অপহৃত ক্ষণিক সুখবোৰ আৰু সময়ৰ বলুকাত খোজ হেৰুওৱা দুখকেই কবিতাটোৰ মূল উপজীব্য কৰি লোৱা দেখা গৈছে । কিন্তু ভাৱৰ ধূসৰতাৰ প্ৰভাৱত কবি এটা আৱৰ্ত্তত বন্দী হৈ পৰিছে । যাৰ ফলত বোধহয় কবিৰ বক্তব্যই পূৰ্ণাংগ ৰূপ ধাৰণ কৰিব পৰা নাই ।
যথা ,
কাৰণবোৰ অকাৰণ হৈ
বিলাপ কৰে ডাৱৰীয়া জোন হৈ
নৈ হৈ বৈ থাকে
বুকুৰ ভিতৰৰ পৰা ভিতৰলৈ ।
দাড়ি(।), মা(,) আদি যতি চিহ্ণৰ অভাবে কবিতাৰ বক্তব্য প্ৰকাশত বাধাৰ সৃষ্টি কৰিছে ।
(ঙ) স্পণ্ডেলাইটিজ ~ হিমাংশু ভাগৱতী
বিষবোৰ উজাই আহে
ৰাজহাড়ৰ খলপে খলপে
আৰু গলধনত থুপ খাই
দেহৰ সমষ্ট ক্ষোভ ।
দেহৰ ভৰবোৰ লগ লাগে
মূৰৰ সোঁৱে- বাওেঁ
আৰু উচাৎ মাৰি গুছি যায়
টোপনিৰ দিনৰ সুখ।
ওকালি আছো ভালপোৱা
জীৱন নামৰ
আৰু সি খামুছি আনিছে
স্বাধীন স্নায়ুৰ জাল।
কুৰুকি কুৰুকি কুটে
এপল দুপল সুখ
আৰু তাৰ দুবাহুত
জীৱন সচায় কুন্ধছ।
হিমাংশু ভাগৱতীৰ স্পণ্ডেলাইটিজকবিতাটিত কঠোৰ বাস্তৱৰ এক কৰুণ অধ্যায় উন্মোচিত হৈছে । শব্দৰ সফল প্ৰয়োগে কবিতাটিক সাৰ্থকতা প্ৰদান কৰিলেও কবিৰ জীবনবোধৰ নেতিবাচকতাই পাঠকক স্তম্ভিত কৰি তোলাৰ থল আছে ।
(চ) জোনাকৰ কথা ~ ইন্দিৰা দিগন্ত
জোনাক ভালপোৱা নে?
আজিও পূৰ্ণিমাৰ জোনটিৰ দৰেই
জোনটি জিলিকিছিল
ঠিক উৰণীয়া সেতুখনৰ ওপৰতে৷
এই যে
কমলাৰঙী জোনটিয়ে বোলে
পোহৰবোৰ ধাৰলৈ লৈছে বেলিৰপৰা৷
হাঁহিছা নেকি!?
শুনিতো লোৱা৷
বেলিৰ আজিকালি তাইলৈ বৰ মৰম৷
সেয়েহে তাই কৃষ্ণপক্ষৰ ৰাতিবোৰত
শেহনিশা
নাৰিকল গছৰ আগত
ওলমি ৰয় ৰূপোৱালী চাদৰৰ আঁচল উৰাই৷
মোৰ কথা নহয় ৰবা
ময়ো
বতাহত কাণে কাণে উৰি অাহোঁতেহে শুনা ৷
নিশাৰ মাদকতাত ডুব যোৱা
জোনাকৰ মায়াময় ছন্দই
বহু কথা কয় যায়৷
নীৰৱতাৰ কোলাহলত
জুবিনৰ গীতত শিয়ৰি উঠে গাৰ নোম৷
কিমান বেছি একাত্ম হলে
গীত, জোনাক আৰু এজাক সেমেকা বতাহে ৰোমাঞ্চিত কৰিব পাৰে আহিনৰ নিশাটোক?!?
সেউজী ধাননি
ৰূপোৱালী পোহৰ
সৰ্পিল পথটোৰে
জোনাকৰে যাত্ৰা অবিৰত৷
ৰিণি ৰিণি শুনো
নিয়ৰৰে ফুল এপাহ সৰিল ……এপাহ
ইন্দিৰা দিগন্তৰ কবিতা জোনাকৰ কথাজোন, জোনাক আৰু বেলিৰ আৱেষ্টনীৰ মাজত কবিৰ ভাৱ প্ৰৱণতাৰ এক সাৰ্থক ছবি । জোনাকৰ মায়াময় ছন্দ, নীৰৱতাৰ কোলাহল, সেউজী ধাননি, ৰূপোৱালী পোহৰ, সৰ্পিল পথ, জোনাকৰ যাত্ৰা আদি সহজ সৰল , সুমধুৰ আৰু ছন্দোৱদ্ধ শব্দ সমষ্টিৰ প্ৰয়োগে কবিতাটিক সুখপাঠ্য কৰি তুলিছে । চিত্ৰকল্পৰ সঠিক প্ৰয়োগ আৰু শব্দ চয়নৰ মায়াজালে কবিতাটিৰ নান্দনিকতা বৃদ্ধিত অৰিহণা যোগাইছে ।
যথা,
সেয়েহে তাই কৃষ্ণপক্ষৰ ৰাতিবোৰত
শেহনিশা
নাৰিকল গছৰ আগত
ওলমি ৰয় ৰূপোৱালী চাদৰৰ আঁচল উৰাই৷
মোৰ কথা নহয় ৰবা
ময়ো
বতাহত কাণে কাণে উৰি আহোঁতেহে শুনা।
(ছ) মাই কওঁ তোক ~ জাকিৰ হুছেইন
আন্ধাৰৰ পৰা পোহৰৰ দিশে
কঢ়িয়ালি মোক ৷
তেজৰ সোঁতত কঢ়িয়াইচিলি
মোলৈ অমৃত ৷
বতাহৰ দৰে আৱৰি থাক'
অহৰহ,
অনিৰ্বাণ,
কিযে এক অনুভূতি
প্ৰগলভ!
আবেগহৈ উজাই আহ'
তেজৰ সোঁতে সোঁতে দৌৰ'
সুখে-দূখে
প্ৰতি অনুপলে
কেৱল আশ্বাস...
আই কওঁ তোক
মাই ঐ,
প্ৰতিদানত
এজোৰ চকু সজল
চৰনত এটা আলফুল পৰশ ৷
অবনিত শিৰ মোৰ
দেচোন সেই
হেপাহৰ প্ৰাচীন পৰশ
বট হওঁ,
আকাশ হওঁ,
আঁচল হওঁ মই!
(সকলো 'মা'লৈ মোৰ সশ্ৰদ্ধ প্ৰণাম)
জাকিৰ হুছেইনৰ মাই কওঁ তোকশীৰ্ষক কবিতাটিৰ মূল উপজীব্য হৈছে কবিৰ অন্তৰত নিহিত মাতৃ প্ৰেম । অতীত সোঁৱৰণ, আইৰ নিচুকনি গীতৰ মধুৰ অনুৰণন আৰু তাৰ প্ৰতিদান হৈছে এই কবিতাটোৰ বক্তব্য । সুখপাঠ্য কবিতাটোত ব্যক্তিগত ভাব অনুুভূতিক বৃহত্তৰ মানব জাতিৰ প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টা আদৰণীয়
বাকীসমূহ কবিতাৰ কথা ক'বলৈ গ'লে জ্যোতিষ কুমাৰ দেৱৰ দুখীয়াৰ কাতি বিহু , ৰাজেন দাসৰ ষড়যন্ত্ৰ ’, অজন্তা বৰাৰ তুলসীৰ তলে’, মধু এম কলিতাৰ স্মৃতি’, জ্যোতিষ কুমাৰ দেৱৰ স্পষ্ট কথা’, অনিতা গগৈৰ ফুলি উঠে দুপাহি নিশিগন্ধা’, আৰু পাৰ্থ প্ৰতিম কলিতাৰ গল্প এটাৰ গল্প ’,আদিৰ প্ৰত্যেকটোৱেই একোটা নিটোল কবিতা । আটাইবোৰ কবিতাতে কবিৰ ব্যক্তিগত অনুভৱ আৰু ভাৱৰ আধিক্যই বিশেষ প্ৰাধান্য পোৱা দেখা যায়।
কবিতাৰ ভাষা, কবিৰ ভাৱ-অনুভূতিৰ মিতব্যয়ী প্ৰকাশ আৰু কবিতাৰ বিষয় বস্তুৰ বাহ্যিক আৰু আভ্যন্তৰীণ সুষম সংহতিয়ে সাধাৰণতে কবিতাক অধিক মনোগ্ৰাহী কৰি তোলে । শব্দৰ যথাযথ ব্যবহাৰ আৰু সৰল নিৰ্মাণ শৈলীৰ বাক্যৰে কবিতাৰ ভাষা কলাসুলভ কৰি তুলিব পাৰিলে কবিতাই সাৰ্থকতা লাভ কৰে । কল্পচিত্ৰবাদ, প্ৰতীকবাদ, অৰ্থঘন মিতব্যয়ী ভাষা, প্ৰকাশভংগীৰ বিচিত্ৰ ৰূপ আদিয়ে একো একোটা সাধাৰণ কবিতাকো সাৰ্বজনীনতা প্ৰদান কৰি অসাধাৰণ কৰি তোলে । কবিতা কেৱল সুখপাঠ্য হলেই নহব । নতুন কবি সকলে এনে দৰে অধ্যৱসায় কৰিব লাগিব যাতে সুখপাঠ্য হোৱাৰ লগতে তেওঁলোকৰ কবিতা ৰসোত্তীৰ্ণ আৰু কালোত্তীৰ্ণ কবিতা হৈ অসমীয়া কাব্য সাহিত্যত অজৰ অমৰ হৈ ৰয় । তাৰ বাবে আৰু অধিক অভ্যাস কৰি আলোচ্য কবিসকলে ফলপ্ৰসূভাৱে কাব্য চৰ্চা কৰি যাওঁক । তেওঁলোকলৈ আমাৰ শুভেচ্ছা থাকিল ।
----------------------------------------------------
*প্ৰশাসকৰ টোকা*
আখৰুৱাৰ ৪১ সংখ্যক পুনৰীক্ষণ শিতানৰ চাৰিওটা খণ্ড যুগুতোৱাৰ দায়িত্ব লৈছিল বিশিষ্ট কবি, আখৰুৱাৰ সদস্য ড° কমল কুমাৰ তাঁতী ডাঙৰীয়াই। কিন্তু প্ৰথম আৰু দ্বিতীয় খণ্ড যুগুতোৱাৰ পিছত, হঠাৎ আহি পৰা চাকৰি সংক্ৰান্তীয় ব্যস্ততাৰ কাৰণে তেখেতে তৃতীয় আৰু চতুৰ্থ খণ্ড যুগুতাব নোৱাৰিলে।
পিছলৈ আমি আখৰুৱাৰ আন এগৰাকী বিশিষ্ট সদস্য ড° মাধুৰিমা বৰুৱাক 'পুনৰীক্ষণ' তৃতীয় আৰু চতুৰ্থ খণ্ড (অক্টোবৰ, ২০১৬) যুগুতাবলৈ অনুৰোধ কৰিছিলোঁ। আমাৰ অনুৰোধ মৰ্মে তেখেতে শিতান দুটা যুগুতাই দিয়ে। সেয়ে তেখেতলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।
পলমকৈ হ'লেও আখৰুৱাৰ কাৰণে ° মাধুৰিমা বৰুৱাই যুগুতোৱা পুনৰীক্ষণৰ দুয়োটা খণ্ড মাননীয় সদস্যসকলে আৰু পৰ্যালোচনাত সন্নিৱিষ্ট কবিতাৰ কবিসকলে আদৰি ল'ব বুলি আমি আশা কৰিছোঁ।
ধন্যবাদ।
প্ৰশাসকবৃন্দ,
আখৰুৱা : literati
৭ এপ্ৰিল, ২০১৭
----------------------------------------------------
ব্যৱস্থাপকৰ মন্তব্য:
---------------------------
১) 'পুনৰীক্ষণ'ত সামৰি লোৱা কবিতাত বা পৰ্যালোচনাত থাকিব পৰা ভুল বানান কোনো সদস্যৰ দৃষ্টিগোচৰ হ'লে মন্তব্যত মুকলিকৈ জনায় যেন।
২) আখৰুৱাৰ 'পুনৰীক্ষণ'ৰ মান সম্বন্ধে গোটৰ সদস্যসকলে গঠনমূলক মতামত, পৰামৰ্শ জনালে আমি আনন্দিত হ'ম। আনকি আমাৰ এই প্ৰয়াসত অসন্তুষ্টি থাকিলেও অৱগত কৰে যেন।
৩)এইবাৰৰ পুনৰীক্ষণত সন্নিৱিষ্ট কবিতা আৰু কবিসকল হ'ল ক্ৰমে-
(ক) এই সময় ~ অজন্তা বৰা
(
খ) প্ৰেমৰ সংশয় ~ তাহাজাত হুছেইন
(
গ) দুঃস্বপ্নৰ দিন ~ ঋতুৰাজ বৰুৱা
(
ঘ) একাঁহী জোনৰ হাঁহি আৰু জোনাকী ~ পৰিমালা কোঁৱৰ
(
ঙ) স্পণ্ডেলাইটিজ ~ হিমাংশু ভাগৱতী
(
চ) জোনাকৰ কথা ~ ইন্দিৰা দিগন্ত
(
ছ) মাই কওঁ তোক ~ জাকিৰ হুছেইন
৪) এই পৰ্যালোচনাই সামৰি লোৱা কবিতাত থকা বানান আদিৰ ভুল দেখিলে, সেয়া আঙুলিয়াই দিবলৈ আখৰুৱাৰ মাননীয় সদস্যসকলক অনুৰোধ কৰিলোঁ।
মূল কবিতাত বৰ্তমানলৈ চকুত পৰা ভুলসমূহ :
(ক) এই সময় ~ অজন্তা বৰা
হেপাঁহৰ-> হেঁপাহৰ
(খ) প্ৰেমৰ সংশয় ~ তাহাজাত হুছেইন
প্ৰতিকুল-> প্ৰতিকূল
(গ) দুঃস্বপ্নৰ দিন ~ ঋতুৰাজ বৰুৱা
বিশ্বাসঘাটকতাত-> বিশ্বাসঘাতকতাত
আঁহত-> আহত
ধুলিত-> ধূলিত
উসাহত-> উশাহত
ফুৰোঁ-> ফুৰো
(ঙ) স্পণ্ডেলাইটিজ ~ হিমাংশু ভাগৱতী
থুপ-> থূপ
সমষ্ট-> সমস্ত
বাওেঁ-> বাঁৱে
(ছ) মাই কওঁ তোক ~ জাকিৰ হুছেইন
কঢ়িয়াইচিলি-> কঢ়িয়াইছিলি
আবেগহৈ-> আৱেগহৈ
এজোৰ->এযোৰ
অবনিত-> অৱনত
হেপাহৰ-> হেঁপাহৰ
শেষত ক'ব বিচাৰিছোঁ যে- 'পুনৰীক্ষণ' শিতানটো অধিক ক্ৰিয়াশীল বা উন্নত মানৰ হৈ উঠাৰ লক্ষ্যত উল্লিখিত কবিসকলে তথা পাঠকসকলে- পৰ্যালোচনাটোৰ বিষয়ে তেখেতসকলৰ মুকলি মতামত আগবঢ়াই যেন।
ধন্যবাদ
জনজিৎ গোস্বামী
পাৰ্থ প্ৰতিম কলিতা
অচ্যুত মাধৱ দাস
ব্যৱস্থাপক, 'পুনৰীক্ষণ' শিতান,
আখৰুৱা:literati
৭ এপ্ৰিল, ২০১৭

No comments:

Post a Comment