Friday, 7 April 2017

হেৰি ! ভালে আছে ණ দিবাকৰ ৰেণু



হেৰি ! ভালে আছে

জোতাৰ ভিতৰত পানী সোমাই চেপট চেপট এটা শব্দই ভাস্কৰৰ মন আন্দোলিত কৰিলে।সি সদায় ভাৱে ,আজি কামৰ পৰা অলপ আগতে যাম,নহ'লে নৱগ্ৰহ শ্মশানৰ সেইখিনিত তাৰ বৰ ভয় লাগে।কিন্তু কোনো দিনেই তেওঁ কামৰ পৰা ১০ বজাৰ আগতে ওলাব নোৱাৰে।পেপচি, কোকাকোলাৰ বটলৰ মাজৰ পৰা টয়লেট চাফা কৰি আঠগাঁ‌ৱৰ অফিচত বজৰং চাহাবক মদ খাবৰ বাবে আলু ভাজি দিয়ালৈকে সকলো কাম অতাইহে তেওঁ শিলপুখুৰীলৈ খোজ দিয়ে।নিজৰ দেহটোত বিশ্বৰ সকলো ভাগৰে হেচা মাৰি ধৰাৰ পিছত ,সি অনুভৱ কৰে যেন এটা মৰাশহে সি টানি লৈ আহি থাকে প্ৰতিদিনে।আহোঁতে চিটিবাছো নাপায়,আৰু সি খোজকাঢ়িয়েই প্ৰতিদিনেই নিজৰ বাসস্থানলৈ আহে।এয়া প্ৰাত্যহিক।ফুটপাথৰে আহোঁতে সি সদায় অভিজ্ঞতাৰ সন্মুখীন হয়।দুগৰাকী বৃদ্ধাৰ এখন কম্বলকলৈ টনা আজোৰা।এগৰাকীয়ে আন এগৰাকীক অশ্লীল শব্দ নিক্ষেপ কৰিছে।আনজনীয়ে মৰাপাতৰ দৰে ধোৱা ৰঙী মুকলি চুলিত খুজুৱাই খুজুৱাই ভোৰভোৰাইছে।সেইখিনি ভাস্কৰে পাৰ হৈ আহোঁতে ভাৱে আজি নিশা সিহঁতে আহি থকা ধুমুহা বৰষুণজাকৰ সময়ত ক' থাকিব।ভাস্কৰৰ জোতাৰ চেপেট চেপেট শব্দ ঘন হৈ আহে।ফুটপাথে ৰাতি ৰহস্য ফাদিল কৰে।হঠাৎ মাকৈ পুৰি ,জুইৰ আঙঠাত ফুৱাই থকা বুঢ়ীজনীৰ ওচৰতে ঠিয় হৈ থকা ছোৱালী এজনীৰ ওচৰত বগা ৰঙৰ এল্টো এখন ৰৈ দিলে।আৰু ছোৱালীজনীয়ে গাড়ীখনত উঠি সৰ্পিল বৰ্ষাসিক্ত পথটোৰে গুচি গ'ল।ভাস্কৰে বুঢ়ীজনীৰ ফুৱাই থকা দাঁ‌ত নথকা মুখখনলৈ চালে।আঙঠাৰ দৰে বুঢ়ীজনীৰ মুখখন উজলি উঠিছে।সন্মুখতে মদপী এজনে পোৰা মাকৈ ৰ ডিলা এটা খুচুৰা পইচা এগাল মানেৰে কিনিলে।এইয়া ভাস্কৰে সদায় দেখে এইবোৰ।জীৱন কিমান বৰ্ণিল বা অন্যতম সি জানে।শ্মশানখন পাৰহৈ সি আগবাঢ়িছে নৱগ্ৰহ পাহাৰলৈ।বৰষুণ অলপ বেছিকৈ আহিব ধৰিছে।লগত থকা হিন্দীভাষী ল'ৰা কেইজনে চাগৈ টুং টাং হৈ আছে।সি সদায় লগ পোৱাৰ দৰে আজিও লগ পালে সেই ইংৰাজ চিকিউৰিটি গাৰ্ড জনক।"হেৰি ভালে আছে"----বুলি অইন দিনাৰ দৰে আজিও এষাৰ মাত দিলে মানুহজনক।মানুহজনে কোনো দিনেই প্ৰত্যুত্তৰ নিদিয়ে ,তথাপিও ভাস্কৰে নিশাৰ সাৰথি বুলি ভাৱে সেইজনক।সেই চিকিউৰিটিজন বিশ্বযুদ্ধত মৃত্যু হোৱা সৈনিক সকলৰ কৱৰস্থানৰ মূল গেটৰ সন্মুখতেই সদায় সি দেখে।ভাস্কৰে ভাৱে,ই কি জিনিছ ।ইয়াৰ নো দেওভূতলৈ ভয় নাইনে ?কিন্তু ভাস্কৰে তাৰ সাহসতেই ৰাতি চাৰেদহ বাজিলৈ ঠিয় পাহাৰখন বগাব পাৰে। ভালো লাগে কথাষাৰ ভাবি ভাস্কৰৰ।তেনেতে ভাস্কৰৰ ওচৰেৰে এখন বাইক বৰ বেগেৰে পাৰ হৈ গ'ল।অলপ দূৰগৈ বাইক খন ৰৈ দিলে। বাইকত থকা মানুহ জনে ভাস্কৰক মাত লগালে----"হেৰি,আপুনি অনন্ত মোহন শৰ্মাক জানে নেকি হে ?
কিয়????
মানে আমাৰ খুৰা এজন ঢুকাল।তেওঁক সৎকাৰ কৰিব লাগে।তাৰ বাবে পুৰোহিত বিচাৰিছিলোঁ‌ ।---মানুহজনে ক'লে।
মই তো ইয়াৰ লোকেল নহয়।ৰব ইয়াৰ চিকিউৰিটি গাৰ্ড জনক সোধো ।---ভাস্কৰে ক'লে
ইয়াত ক'তো এজনো মানুহ দেখা নাই আপোনাত বাহিৰে।আপুনি বা ক'ত চিকিউৰিটি দেখিলে।---ভাস্কৰক মানুহজনে বিস্ময়ৰে ক'লে।
ভাস্কৰে মানুহজনক লৈ গৈ দেখেযে সেই ঠাইত কোনো মানুহ নাই।সি হতবাক হৈ গ'ল।
বাইকত অহা মানুহজনে ক'লে ---আপোনাকো সি পালে দেখিছোঁ‌,ইংৰাজৰ সেই গাৰ্ডজনক বহুতে দেখা বুলি কৈছিল।সেইয়া মানুহ নহয় ভূতহে।
ভাস্কৰৰ চকুৰে সৰিয়হ ফুল দেখা যেন লাগিল।সি ততাতৈয়াকৈ ওখ পাহাৰখনলৈ খোজ পেলালে।বাইকত অহা মানুহজনে সোসোৱাই পাহাৰখনলৈ বুলি বাইক চলাই গুচি গ'ল।ওখ পাহাৰত উঠি যোৱা বাইকখনৰ পোহৰত পাহাৰৰ শিলবিলাক জিলিকি উঠিল।কিন্তু বাইকখনৰ চলোৱা শব্দ তাৰ কানত নপৰিল।ভয়ত তাৰ কানখন হমহমাই উঠিল।
ঘন ঘন উশাহলৈ ভাস্কৰ নিজৰ কোঠালি পালে।নিমখ জলকীয়া আৰু ভেণ্ডি ভাজিৰে কানেমূৰে ভোকৰ ভাত কেইটা গুজি সি মাটিৰ বিচনা তে শুই পৰিল। আৰু ঘোৰ টোপনিত।এইয়া তাৰ প্ৰত্যহিক।
%%%%%%%%%%%
পিছদিনাৰ প্ৰাত্যহিক ৰ পিছত আকৌ একেই ঠাইতেই চিকিউৰিটি গাৰ্ডজনক দেখি ভাস্কৰৰ মনটো ভাল লাগি গ'ল।আচলতে ভূত নহয়,বাইক চলোৱাজনে মিছাহে কৈছিল।মানুহজনৰ ওচৰ পোৱাত আগৰ দৰে সি পুনৰ মাত দিলে----হেৰি ভালে আছে।
কিন্তু গাৰ্ডজনে আগৰদৰেই মৌনহৈ থাকিল।অলপ দূৰৈত ডাষ্টবিন এটাত এগৰাকী অৰ্ধ উলংগ বৃদ্ধাই তেওঁৰ ধোঁ‌ৱা বৰণীয়া চুলিকোঁ‌চা মেলি এৰেহা বিচাৰি আছে।জোতাৰ শব্দত তাই ভাস্কৰৰ ফালে আঙঠাৰ দৰে ৰঙা চকু কেইটা দেখুৱাই ভোৰভোৰাইছে।ভাস্কৰৰ বুকুখন চিৰিংকৈ উঠিল।লগে লগেই সি পিছপিনে ঘূৰি চালে---চিকিউৰিটি গাৰ্ডজন নাই।
কবি:-
দিবাকৰ ৰেণু

No comments:

Post a Comment