দ্যুতিঃ
নৈখনে কথা কয় ৷
তাৰ বিষাদৰ কথা ৷ একালৰ প্ৰাণচঞ্চল নৈখনো যেন আজি দ্যুতিহীন, স্থবিৰ ৷ যেন ব’ব লাগে বাবেই নিৰৱধি বৈ আছে ৷
মানুহজনীয়ে নৈৰ
পাৰত বহি সেই কথা শুনে ৷
অকল নৈখনেই কথা
কয়নে ?
মনৰ ভাৰ পাতলাবলৈ এদিন অহা মানুহজনী এতিয়া সদায় আহে ৷ নৈৰ পাৰত বহে আৰু উৎকণ্ঠাৰে বাট চাই ৰয় ৷
কিহৰ বাবে বাট চায় তেখেতে যেন নিজেও নুবুজে ৷ মুঠতে বাট চায় ৷ এই অপেক্ষাৰ মাজতো কিবা শিহৰণ আছে , মাদকতা আছে ৷

মানুহজনীয়ে এদিন
বিশেষ একো ভবা নাছিল ৷ ভাবিছিল নিশ্চয় তেখেতৰ দৰেই কোনোবা ৷
কিন্তু এদিন বিশেষত্বহীন যেন লগা সেই দিনবোৰেই যেন লাহে লাহে বিশেষ হৈ উঠে ৷ কিবা এটা ভাল লগাই জীৱনটোত পুনৰ ৰঙ সিঁচে ৷
কিন্তু এদিন বিশেষত্বহীন যেন লগা সেই দিনবোৰেই যেন লাহে লাহে বিশেষ হৈ উঠে ৷ কিবা এটা ভাল লগাই জীৱনটোত পুনৰ ৰঙ সিঁচে ৷
মানুহগৰাকীয়ে
পিছফালে ঘূৰি চালে ৷ নাই, দূৰ-দিগন্তলৈ কেৱল শূন্যতা, তাৰ বাহিৰে একো নাই ৷ তেখেত অস্থিৰ হৈ উঠে ৷ আজি তিনিদিনৰ এই
অসহনীয় অপেক্ষাই তেখেতক চিন্তিত কৰিও তোলে ৷ মানুহজনৰ
ওপৰতো খং উঠে ৷
হঠাৎ, মানুহজনীৰ নিজৰ ওপৰতে খং উঠে,' ধেৎ মইয়ো যে আৰু ! কাৰ ওপৰত খং কৰোঁ ? কিহৰ বাবে কৰোঁ ?’
তেখেতে উভতিব খোজে
৷ পিছে মনটোৱে নামানে ৷ 'ঠিক আছে বাৰু ৷ আৰু অলপ সময়হে বাট চাম
কিন্তু !' , মানুহজনীয়ে নিজকে প্ৰবোধ দিয়ে ৷
দূৰ-দিগন্তত
বেলিয়ে হেঙুলীয়া ৰহণ চটিয়ায় ৷ এইবাৰ তেখেতে সঁচাকৈ মন বান্ধে ৷ যোৱাৰ আগতে নৈৰ ফালে চাই কেৱল মনৰ ক্ষোভ
উজাৰে, ' তইয়ো মোক নুবুজিলি নহয় ৷ চাই থাক তোৰ কাষলৈও আৰু কোনোকালে নাহোঁ ৷’
তেখেতে উচাৎ মাৰি
উঠিব খুজে ৷ কিন্তু সেই অস্থিৰতাত নৈৰ গৰাত ভৰিখন পিচলে ৷
মুহূৰ্ততে পৰি যাব
খোজা মানুহজনীক পিছফালৰ পৰা কোনোবাই থাপ মাৰি ধৰিলে ৷ মানুহজনীয়ে পিছফালে ঘূৰি চাই দেখে কঁপা কঁপা হাতেৰে তাইক
নপৰাকৈ ধৰি ৰাখিব খোজা সেই দুখন হাত !
তাইৰ পিছফালেই সেই মানুহজন ৷
মানুহজনে লাহেকৈ হাউলি মানুহজনীৰ পৰি যোৱা চচমাজোৰ তুলিলে আৰু পিন্ধাই দিলে ৷
বগা চুলিৰ মাজত মানুহজনীৰ মুখমণ্ডলত সলাজ আভা এটা ধুনীয়াকৈ বিয়পি পৰিল ৷
মানুহজনো চাগে’ অলপ উন্মনা হ’ল ৷ পৰি যোৱা লাখুটিডাল এইবাৰ মানুহজনীয়ে উঠাই মানুহজনৰ হাতত দিলে ৷
'এই তিনিদিন তীৰকপে জ্বৰ ৷গৰম পানীটুপিও কৰিব পৰা নাই ৷ আজি কোনোমতে উঠি ইয়ালৈ দৌৰিছোঁ ৷ মই জানো আপুনি যে বাট চাই থাকিব !'

প্ৰথমবাৰৰ বাবে
মানুহজনৰ মাত মানুহজনীয়ে শুনিলে ৷ দুয়োৰে মাজৰ প্ৰথম কথা ৷
'মই আপোনাৰ বিষয়ে একোৱেই নাজানো৷’
'মনটোৰ বিষয়েই চোন জানিলে ৷ আৰু কি বাকী থাকিল ?-মানুহজনে ক’লে ৷
'মোৰ একমাত্ৰ ল’ৰা আমেৰিকাত থাকে ৷’
'মোৰো ৷’
'ব’লক গধূলি হ’ল ৷ ওচৰতে মোৰ ঘৰ ৷’, মানুহ জনে ক’লে ৷
জোনাকৰ দ্যুতিত নৈখনো মায়াময় হৈ উঠিছিল ৷ সেইফালে চাই মানুহজনীয়ে ক’লে,'আমি কিন্তু নৈখনক অকলশৰীয়া নকৰোদেই ৷ সদায় আহিম ৷’

(দেওবৰীয়া খবৰত ইতিপূৰ্ৱে প্ৰকাশিত)
কবি:-
ණমানৱেন্দ্ৰ কুমাৰ শৰ্মা ।
No comments:
Post a Comment