Thursday, 6 April 2017

ফুল নে ৰঙা নিচান……



ফুল নে ৰঙা নিচান……

সেইবোৰ ফুল নে ৰঙা নিচান
হাতে হাতে লৈ
আওঁ‌হতীয়া জাৰণিখন এৰি
আন্ধাৰৰ দেওঁ‌না গচকি
সেইবোৰ
হাত নে কঙ্কাল?
মই নুশুনা চিৎকাৰ
সেয়া মই নুবুজা অংগীকাৰ !
উস্
শব্দবোৰে মোৰ বুকুত বঠা মাৰে
দোভাগ ৰাতি
ঘন কুঁ‌ৱলী ফালি
কোন সিঁ‌হত,
কিয় মোৰ চোতালত উচুপে!
কবি:-
লাশ কুমাৰ নাথ

No comments:

Post a Comment