ব’হাগ
বতৰৰ যাদু
উজান আহে মৰণৰ বাতৰিলৈ
অথচ মাছবোৰে নাজানে
সৃষ্টিৰ তাড়নাত পাহৰে দিশ
এয়াই ব’হাগ
কুলি আৰু কাউৰীৰ লুকাভাকু,
অসহনীয় বতাহ আৰু একোটা চঞ্চল মন
আৰু বৰদৈচিলা,
একাঠী চৰা
মাকৰ ঘৰলৈ অহা-যোৱাৰ অজুহাতত
ঢাঁহি-মুহি থৈ যায় বলে পৰাবোৰক
কপালক ধিয়াই ৰৈ যায় এজাক মানুহ
ধুমুহাক ভেটিব পৰা শিক্ষা
ইতিহাসে নিশিকালে
গালিৰে থকা–সৰকা কৰিলেও
শুনিবলৈ জানো ধুমুহাৰ কাণ থাকে
থাকে অহংকাৰ
বহা’গতে পঢ়ি ল’ব পাৰি বছৰটোৰ ভাগ্যলিপি
কবি:-
ණদুলাল হাজৰিকা ।
No comments:
Post a Comment