Thursday, 6 April 2017

ৰূপান্তৰ ණ বিশাল অনুৰাগ



ৰূপান্তৰ


বিনিময়ৰ বজাৰ সামৰি
মানুহে পিন্ধি লয় যন্ত্ৰ-শিলৰ পোছাক
আৰু চেলেকি তৃপ্ত হয়
এঙাৰে লিখা গুহাৰ বৰ্ণ
বুভুক্ষাই দি যায় এটুকুৰা পাথৰ
যাতে হজম নহয় আমৃত্যু । প্ৰয়োজন আছে
ষ্ট্ৰীট লাইটবোৰ ভাঙি জোঁৰ আঁৰি দিয়া
যি ধোঁৱাই ছানি ধৰিছে গাঁও
ছানি ধৰক অট্টালিকাৰ পোহৰ
যি ধোঁৱাই ঢাকিছে সূৰ্য
ঢাকক উৰন্ত আকাংক্ষা
ঘটনাবোৰ ঘটি থাকিলেহে বুজা যায়
পৃথিৱীখন মানুহৰ
অথচ সকলো ঘটাৰ পিছতো
নঘটে শেষ ঘটনা
হৈ থকাখিনিৰ বাবে ভয় নাই
মাথোঁ নোহোৱাৰ দুঃচিন্তাত ৰৈ নাযাওঁক সময় ।
কবি:-
বিশাল অনুৰাগ

No comments:

Post a Comment