Thursday, 6 April 2017

দুৰু দুৰু কঁপিছে বুকু



।। দুৰু দুৰু কঁপিছে বুকু ।।

চৰাই-চিৰিকটি উৰিল কি নুৰিল
এন্ধাৰে পোহৰে
পানী মিঠৈ বিচাৰি
মানুহবোৰ নামিল
হৈ চৈ চৌদিশ
মেঘৰ মাজেৰে বিজুলি
বতৰে ওফোন্দ পাতিছে কিজানি
দৰ কিহৰ ইমান গৰজ
মূৰৰ চুলি চিঙি স্বর্গদেউ পুখুৰীত
ৰজাঘৰীয়াৰে ওমলিব বেলি
সৌৱা
ৰিং এটাৰ বাটত বহাগ আহিছে
দুৰু দুৰু কঁপিছে বুকু।
কবি:-
উইল চিদ্দিকুৰ ৰহমান।

No comments:

Post a Comment