Friday, 7 April 2017

ক্ষমা প্ৰাৰ্থনা :



ক্ষমা প্ৰাৰ্থনা :
'ততেই আহিল তই
ব্ৰহ্মপুত্ৰৰ দুয়োটি পাৰ কপায়।
ডাল-ফুল-পাত মোহাৰি চিঙি
থানবান কৰিলি বসন্তৰ আকুলতা।
নাৱৰীয়াৰ নাও থমকি ৰ'ল ঘাটত
বিলাসী উছৱ নহ'ল পতা।
আজিও বুজিবলৈ অক্ষম মানুহ জাতি
লৌহিত্যৰ দূৰন্ত গতিৰ গভীৰতা।
জগতৰ আদৰৰ প্ৰকৃতিৰ হেঁপাহৰ
কিয়নো লাগে অন্য যুক্তিযুক্ততা।
ক্ষান্ত হ তই বৰদৈচিলা
কৰযোৰে কৰিছোঁ ক্ষমা প্ৰাৰ্থনা!
কবি:-
নোহৰ দত্ত

No comments:

Post a Comment