Sunday, 2 April 2017

চুটি গল্প "ভাগতী"ණ আব্দুল কালাম আজাদ



"ভাগতী"
এবাৰ বাৰিষা ধান ভাল হোৱাৰ বাবে টকা অকন সৰহকৈ জমা হৈছিল । সেয়ে টকাখিনি কি কৰোঁ তাকে ভাবি-চিন্তি থাকোতে আব্বাৰ মনত এটি বুদ্ধি খেলালে। গৰু এজনী কিনি লৈ পোহাৰ সিদ্ধান্ত লোৱা হ'ল । কিমাননো আৰু কষ্টপাৰ্যিত টকাৰে গাখীৰ কিনিম! সেই উদ্দেশ্যে আব্বাৰ পূৰণি ভঙা চাইকেল খন উলিয়াই লৈ বজাৰলৈ বুলি ওলালো বাপেক-পুতেক । পাতিলাদহ হাট , সপ্তাহত এদিনেই হয়, সেয়ে দূৰ দূৰণিৰ বহু মানুহৰ সমাগম হয়। দূৰ-দূৰণিৰ পৰা টাটা মেজিকেৰে বহু গৰুৰ আমদানি হয় হাটত। ওচৰৰ লোকসকলে খোজ কাঢ়িয়েই নিয়ে গৰু । হাটলৈ গৈ থাকোতে আব্বাই ক'লে যে গাভিন গৰু এজনী নহ'লে পোৱালী থকা গৰু কিনিম।
বজাৰ পাই বহু গৰু দেখিলোঁ, কিন্তু পচন্দ মতে নিমিলে হে নিমিলে। দুই এটা মিলিলেও আকৌ বাজেটে নুকুলায়। শেষত গৈ এজনী বহন কিনিলো। ভাবিলোঁ শুভ কামত অধৈৰ্য হলে নহ'ব । তাইও তো এদিন পোৱালি যোগাব।
নতুন ৰচী এপাত কিনি পূৰণি ৰচীখৰ ঘুৰাই দিলোঁ পূৰণি মালিকক। আৰু ৰচীত ধৰি ধৰি ঘৰলৈ বুলি বাট পোনালো উদং পথাৰৰ মাজে মাজে ।
ঘৰলৈ অহাৰ পিছত মা, ভন্টি, ভাইটিৰ মনত বৰ আনন্দ লাগিল। মায়ে কেৰাচিনৰ চাকি আনি আদৰি নিলে । কেঁচা হালধি আৰু সৰিয়হৰ তেল অকন সৰু সৰু শিং দুটিত আৰু ভৰিৰ খোড়া চাৰিটাত সানি দিলে। নতুনকৈ অনা টিং এটিত পানী-নিমখ এবাল্টী দিয়া হল। সেইখিনি পাই একে উশাহতে নোহোৱা কৰিলে। নতুন ধানৰ খেৰ এবোজা কাটি দিয়াত চপচপাই খাব ধৰিলে। এতিয়া চিন্তাটো হল তাইৰ নাম কি ৰখা যায়? মায়ে কলে যে এই আমাৰ ভাগ্য উদয় কৰিব । সেয়ে "ভাগ্যৱতী" । কিন্তু ইমান ডাঙৰ নাম হোৱাত অসুবিধা হব বুলি "ভাগতী" ৰখা হল।
তাই লাহে লাহে আমাৰ ঘৰৰ এজনী সদস্য হৈ পৰিল। তাইৰ দেখা শুনাৰ ভাৰ মোৰ ওপৰতে পৰিল। মইও কৰ্তব্য বুলি ক্ৰিকেট খেলাৰ সময়খিনি তাইকে চোৱা- চিতাত লগালো। ৰাতিপুৱা শুই উঠিয়েই তাইক পথাৰত উলিয়াই নি বান্ধি দিও। দুপৰীয়া স্কুলৰ পৰা আহি পানী খুৱাওঁ । আবেলি কচি ঘাঁহ এবস্তা কাটি আনো। সেইখিনিৰে সন্ধিয়া পেট পুৰাই গোহালিত থও। এদিন আবেলি খুটা এৰুৱাইছোহে মাৰিল নহয় লৰ। মইও তাইৰ পিছে পিছে লৰ দিলোঁ । দৌৰি দৌৰি গৈ মোন্নাফ চাচাৰ লাউৰ খেতি পাব আৰু ।এবাৰ ভিতৰত সোমালে লাউৰ গছ মাটিত বগৰাই দিব। কোনোমতে ৰচীডাল ধৰিলোগৈ । কিন্তু এইবাৰ এনে জৰে টান মাৰিলে হাত ফাটিম ফাটিম হল। চিটিকী পৰি গলো সৰু খাৱৈ এটাত। কিন্তু মোক আচৰিত কৰি ঘৰ অভিমুখে তাই লৰ মাৰিলে। ঘৰ পাই মায়ে ধৰিলে আৰু বান্ধি থৈ পানী আনিবলৈ যোৱাৰ সুযোগতে ওচৰতে থকা বাঁহৰ কামি এডালেৰে ইচ্ছা মতে কোব কেইটামান শোধালো। তাইও ভয়তে লুতুৰিপুতুৰি হৈ মুতি পেলালে।মা আহি নীতিবচন কেইটামান শুনালে যে অবলা জন্তুক মাৰিব নাপায়। খং শাম কটাত মায়ে মই দূখ পোৱা ঠাইখিনিত মিঠাতেল পোৰা অকন লগাই দিলে। তাইৰ ফালে ৰিঙিয়াই চালোঁ । তাইৰো পিঠিত দীঘল দীঘল কেইটামান দাগ পৰিছে। তাকে দেখি ওচৰলৈ গৈ মুৰত হাত দিব লওতে ভয়ত পিছ হুহুকিলে। কিন্তু অকন পাছত সকলো দূখ বেজাৰ পাহৰি সহাৰি দিলে। মইও অনুশোচনা কৰিবলৈ ধৰিলোঁ । ইছ অবলা ভগতীজনী! দিনটো বন্ধা থাকে। আবেলি অকন এৰা পাই দৌৰ দিলেই যেনিবা!
উপযুক্ত সময় আহি পৰাত আব্বাই ভগতীক ষাঁড় দেখুৱাবলৈ নিলে। মোৰ যোৱাৰ ইচ্ছা আছিল যদিও নগলো; কাৰণ সেয়া ডাঙৰ মানুহৰ কামহে। সকলোবিলাক ঠিকমতেই চলি আছিল । কিন্তু দূখীয়াৰ সুখ ওপৰৱালাৰো সহ্য নহয় । সেইবাৰ বাৰিষাৰ বানে ধাননি উটুৱাই নিলে।অনাটনত পৰি শেষত নলবলগা সিদ্ধান্ত এটি লবলৈ বাধ্য হ'লো । আগৰ দৰেই আব্বাৰ পূৰণি চাইকেল খন লৈ হাটলৈ বুলি ওলালো দুয়ো বাপেক-পুতেকে। ঘৰৰ পৰা ওলোৱাৰ সময়ত সকলোৱে জাউৰি পাৰি কান্দিলে।
বজাৰত বহু মানুহ ।উপযুক্ত দামত আব্বাই ভাগতীক বেচি দিলে। শেষবাৰৰ কাৰণে ভাগতীক চুই চালোঁ । ৰচীডাল খোলাৰ সময়ত কান্দিবলৈ মন গৈছিল । চকু চলচলীয়া হৈছিল । নাই মই কান্দিব নোৱাৰোঁ । মই ডাঙৰ হৈছো তো, বজাৰৰ মানুহে দেখিলে কি কব? তেনেতে আব্বাৰ মাত আহিল "বল বাবু দেৰি হৈ গল"। মই চকুপানী মচি মচি আব্বাৰ চাইকেলৰ কেৰিয়াৰলৈ জাপ মাৰিলো.........
বি:দ্ৰ: -কাহিনীটোৰ মূল লেখক মহম্মদ আলী জিন্না।(পশ্চিম বঙ্গ)
অসমীয়া অনুবাদ: -আব্দুল কালাম আজাদ ।
কাহিনীটোৰ লগত মোৰ সৰুকালৰ বহু সামঞ্জস্যতা আছে। কথাসাপেক্ষে স্থান আৰু পৰিস্থিতিৰ কিছু সালসলনি কৰা হৈছে ।
কবি:-
আব্দুল কালাম আজাদ

No comments:

Post a Comment