আপোনাৰ যৌনতাকলৈ
কবিয়ে কবিতা লিখিছে
আপোনাৰ যৌনতাকলৈ
কবিয়ে কবিতা লিখিছে আপুনি জানে
আন কোনেও নাজানে কবিৰ বাদে
আন কোনেও নাজানে কবিৰ বাদে
তন্ন তন্নকৈ
লিৰিকি বিদাৰি
আপোনাৰ শৰীৰৰ স'তে খেলিছে নষ্ট নিলাজ কবি
আপুনি বাৰে বাৰে পাহৰিবলৈ বৃথা চেষ্টা কৰা শৰীৰটোৰ
নতুনকৈ প্ৰেমত পৰিছে
আপোনাৰ শৰীৰৰ প্ৰেমত পৰিছে চৰিত্ৰহীন কবি
আপোনাৰ শৰীৰৰ স'তে খেলিছে নষ্ট নিলাজ কবি
আপুনি বাৰে বাৰে পাহৰিবলৈ বৃথা চেষ্টা কৰা শৰীৰটোৰ
নতুনকৈ প্ৰেমত পৰিছে
আপোনাৰ শৰীৰৰ প্ৰেমত পৰিছে চৰিত্ৰহীন কবি
বাৰে বাৰে আইনাৰ
আগত কাপোৰ খুলি
খেপিয়াই চাইছে দেহৰ খলাবমা
ঠিক ঠাক আছেনে কবিৰ প্ৰিয় শৰীৰ
ম্লান পৰা নাই পুৰণি ঘামৰ ঘ্ৰাণ
খেপিয়াই চাইছে দেহৰ খলাবমা
ঠিক ঠাক আছেনে কবিৰ প্ৰিয় শৰীৰ
ম্লান পৰা নাই পুৰণি ঘামৰ ঘ্ৰাণ
চিঞৰি চিঞৰি গোটেই
পৃথিৱীক
জনাব বিছাৰিছে
আপোনাক লৈ কবিয়ে কবিতা লিখে
এই কবিতাৰ নায়িকা আপুনি
এই কবিতাৰ উৎস আপুনি
জনাব বিছাৰিছে
আপোনাক লৈ কবিয়ে কবিতা লিখে
এই কবিতাৰ নায়িকা আপুনি
এই কবিতাৰ উৎস আপুনি
চিঞৰিব পৰা নাই
আপুনি
আপোনাৰ শক্তি কোনোবাই বলপুৰ্বক কাঢ়ি লৈছে হাঁহি হাঁহি কান্দিব পৰা নাই তৰাৰ চকুত চকু থৈ
কান্দি কান্দি হাঁহিব পৰা নাই
এখন নৈতিক অনৈতিকৰ নেদেখা জােল আপোনাক কোঙা কৰিছে
আপোনাৰ শক্তি কোনোবাই বলপুৰ্বক কাঢ়ি লৈছে হাঁহি হাঁহি কান্দিব পৰা নাই তৰাৰ চকুত চকু থৈ
কান্দি কান্দি হাঁহিব পৰা নাই
এখন নৈতিক অনৈতিকৰ নেদেখা জােল আপোনাক কোঙা কৰিছে
আপুনি সকলোকে ক'ব বিচাৰিছে আপোনাৰো এক পিয়াহ লগা শৰীৰ আছে
য'ত প্ৰতিদিন জুইবোৰ চাই হয়
আপুনি এঙাৰ ভাল নাপায় আপুনি অঙঠা
আপুনি ছিঙি মোহাৰি পেলাব বিচাৰিছে
বৈধ অবৈধৰ নাগপাশ
য'ত প্ৰতিদিন জুইবোৰ চাই হয়
আপুনি এঙাৰ ভাল নাপায় আপুনি অঙঠা
আপুনি ছিঙি মোহাৰি পেলাব বিচাৰিছে
বৈধ অবৈধৰ নাগপাশ
আপুনি স্বাধীন হব
বিচাৰে
পখিলাৰ দৰে চৰাইৰ দৰে
সাগৰৰ মাছবোৰৰ দৰে
আপুনি চুব বিচাৰি আছে আকাশ
আকাশৰ মেঘবোৰৰ দৰে উৰিব বিচাৰিছে
সোনাৰু ফুলবোৰৰ দৰে হালধীয়া হব বিচাৰিছে
পখিলাৰ দৰে চৰাইৰ দৰে
সাগৰৰ মাছবোৰৰ দৰে
আপুনি চুব বিচাৰি আছে আকাশ
আকাশৰ মেঘবোৰৰ দৰে উৰিব বিচাৰিছে
সোনাৰু ফুলবোৰৰ দৰে হালধীয়া হব বিচাৰিছে
বুকু উজাৰি দিব
বিচাৰে
লব বিচাৰে ভালপোৱা
লব বিচাৰে ভালপোৱা
এখন যুঁজৰ নায়িকা
আপুনি
নিজৰ স'তে নিজে যুঁজা যুজ
খোলা খিৰিকীৰে এচাতি মলয়াই চুই গ'ল
হয়নে সেয়া অতনু সুবাস
নিজৰ স'তে নিজে যুঁজা যুজ
খোলা খিৰিকীৰে এচাতি মলয়াই চুই গ'ল
হয়নে সেয়া অতনু সুবাস
হয়তো এদিন
এইবাটেৰেই আহিব
এজোলোকা ৰ'দ
এটোপাল সৰিসৃপ বৰষুণ
এজোলোকা ৰ'দ
এটোপাল সৰিসৃপ বৰষুণ
কবি:-
ණ নৱকাশ ।
No comments:
Post a Comment