Saturday, 1 April 2017

চহৰখনে এটা সপোন দেখিছে ණ ৰৌচন আৰা বেগম



চহৰখনে এটা সপোন দেখিছে

গাঁওকেইখনৰ মাজেৰে পাৰ হৈ যোৱা ঠেক পথটো
বন-বিৰিখ ভাঙি যিটো গঢ় লৈ উঠিছিল
আৰু এদিন পকী আলিবাটলৈ সলনি হৈ পৰিছিল
ক্রমান্বয়ে বহল হবলৈ আৰম্ভ কৰিছে।
চহৰখনে এটা ৰঙীন সপোন দেখিছে,
উন্নয়নে হাত বাউলী মাতিছে।
কিছুমান বাৰী-ঘৰ জহি-পমি নোহোৱা হৈছে;
কিছুমান ঠন ধৰি উঠিছে।
আপোন ঠিকনা হেৰুৱাই বাটৰ দাঁতিত
কাটি হৈ পৰি আছে
বাটৰুৱাক ছাঁ দিয়া গছ-বিৰিখ।
অজান এক শিহৰণ কঢ়িয়াই অতিথি হৈছেহি
এজাক ৰদ এজাক বৰষুণ !
খাটি খোৱা মানুহখিনিয়ে ডাৱৰৰ আঁৰৰ বেলিটো
খেপিয়াবলৈ ৰৈ আছে।
গীত এটা গুণগুণাই উৰি অহা পখিলা এটাই
আয়ামেৰে কুন্দা এটাত বহিছে।
কুন্দাবোৰৰ ইটোৱে-সিটোক আগৰাতিৰ
বনৰীয়া হাতীৰ জাকটোৰ কথাকে কৈ আছিল!
কোনোবা এটাই হেনো
বনৰজাৰ ছাঁ এটাও দেখিছিল।
আপোনভোলা পখিলাটোৱে কথাবোৰলৈ
বৰকৈ মন দিয়া নাই!
দপদপাই জ্বলি থকা জুই একুৰাৰ চাৰিওকাষে
গছকটা মানুহখিনি ভাগৰি শুই পৰিছে।
চহৰখনে এটা সপোন দেখিছে;
উন্নয়নে হাত বাউলী মাতিছে।
বিহুৱতী চৰাই এজনীয়ে বিহু বিহু চিঞৰিছে।
কবি:-
ৰৌচন আৰা বেগম

No comments:

Post a Comment