কবিতা নহয়
শিঁহৰণ বোৰ মোৰেই
জোলোঙাৰ সমল,
এটি পলৰ চাৱনিৰ অন্তৰালত
থান বান হৈ পৰে
আলসুৱা কোঠা
বুকুত সোমাই স্তব্ধ হয় উশাহ
ক্ষন্তেকৰ বাবে,
ছিপজৰী লৈ ওলমি থাকে
ফুলনিখন
সিহঁতে কয় বেবিলনৰ বাগিচা
হাবিত হেৰাই কণমানি হাতী
অদৃশ্য হয় মাটি
টিল টিল কৈ শুকাই আশা
নি:শেষ হোৱা কোষৰ
গুপ্ত হত্যা
মাথোঁ এটি পলৰ চাৱনিৰ অন্তৰালত !
জোলোঙাৰ সমল,
এটি পলৰ চাৱনিৰ অন্তৰালত
থান বান হৈ পৰে
আলসুৱা কোঠা
বুকুত সোমাই স্তব্ধ হয় উশাহ
ক্ষন্তেকৰ বাবে,
ছিপজৰী লৈ ওলমি থাকে
ফুলনিখন
সিহঁতে কয় বেবিলনৰ বাগিচা
হাবিত হেৰাই কণমানি হাতী
অদৃশ্য হয় মাটি
টিল টিল কৈ শুকাই আশা
নি:শেষ হোৱা কোষৰ
গুপ্ত হত্যা
মাথোঁ এটি পলৰ চাৱনিৰ অন্তৰালত !
কবি:-
ණচন্দন বেজবৰুৱা ।
No comments:
Post a Comment