সমাগত মৃত্যু
তুমিহীন বিষন্নতাৰ
আৰে-আৰে
নামিছে ডাঁৰে-ডাঁৰে
জীয়া মোৰ হৃদয়ৰ সমাগত মৃত্যু!
নামিছে ডাঁৰে-ডাঁৰে
জীয়া মোৰ হৃদয়ৰ সমাগত মৃত্যু!
তুমি কলা,
যাওগৈ ভটিয়াই সেই বাটে
যিবাটে উজাই পায় তোমাৰ হৃদয় চহৰ!
যাওগৈ ভটিয়াই সেই বাটে
যিবাটে উজাই পায় তোমাৰ হৃদয় চহৰ!
মই কলো,
যোৱাগৈ তেনে
পালৰ বুকুত গাঠি মোৰ শিমলুৰঙী কলিজা!
মোৰ হৃদয় চহৰৰ ভালপোৱাৰ বতাহজাকে সংগ দিব তোমাক৷
যোৱাগৈ তেনে
পালৰ বুকুত গাঠি মোৰ শিমলুৰঙী কলিজা!
মোৰ হৃদয় চহৰৰ ভালপোৱাৰ বতাহজাকে সংগ দিব তোমাক৷
তুমি কলা,
শুস্ক নৈখনে উভতি নাহো মই
স্বাভিমানৰ পৃথিৱীত আমৃত্যু জ্বলিবলৈ
মিথ্যা প্ৰেমৰ অজুহাতত!
শুস্ক নৈখনে উভতি নাহো মই
স্বাভিমানৰ পৃথিৱীত আমৃত্যু জ্বলিবলৈ
মিথ্যা প্ৰেমৰ অজুহাতত!
মই কলো,
মোৰ কম্পিত দুওঁঠত শব্দবোৰৰ মৃত্যু হৈছে
দুচকুৰ হালধীয়া নৈখনত
তুমি উমলিছা প্ৰতিনিশা!
ক্ৰমশঃ বুকুত বাঢ়িছে এচটা নিষিদ্ধ শিল!!
মোৰ কম্পিত দুওঁঠত শব্দবোৰৰ মৃত্যু হৈছে
দুচকুৰ হালধীয়া নৈখনত
তুমি উমলিছা প্ৰতিনিশা!
ক্ৰমশঃ বুকুত বাঢ়িছে এচটা নিষিদ্ধ শিল!!
তুমি কলা,
আবেগৰ প্ৰলোভনেৰে নমচিবা ব্যৰ্থতা
চোৱা,ঘাঁ বোৰ শুকোৱা নাই মোৰ!
আবেগৰ প্ৰলোভনেৰে নমচিবা ব্যৰ্থতা
চোৱা,ঘাঁ বোৰ শুকোৱা নাই মোৰ!
মই কলো,
মোৰ চিতাভস্ম সানি লোৱা
দেখিবা,
ঘা বোৰত নকৈ গজিছে এখন সেউজীয়া অৰণ্য!
মোৰ চিতাভস্ম সানি লোৱা
দেখিবা,
ঘা বোৰত নকৈ গজিছে এখন সেউজীয়া অৰণ্য!
তুমি কলা,
মই পালন কৰিম সেউজীয়া উৎসৱ
শীতৰ শেষৰ এটি বৰ্ষাশিক্ত সন্ধ্যা!
মই পালন কৰিম সেউজীয়া উৎসৱ
শীতৰ শেষৰ এটি বৰ্ষাশিক্ত সন্ধ্যা!
মই কলো,
প্ৰিয় তৰাটোক কিয় দিছা মৃত্যুদণ্ড?
প্ৰিয় তৰাটোক কিয় দিছা মৃত্যুদণ্ড?
তুমি কলা,
যাওঁগৈ এতিয়া!
যাওঁগৈ এতিয়া!
মই কলো,
এদিন আমি লগ হম পূনঃ
এদিন আমি লগ হম পূনঃ
তুমি কলা,
জনাৰণ্যত হেৰাই যোৱাগৈ
উদযাপন কৰা তোমাৰ সমাগত মৃত্যু৷৷
জনাৰণ্যত হেৰাই যোৱাগৈ
উদযাপন কৰা তোমাৰ সমাগত মৃত্যু৷৷
কবি:-
ණঅনুৰাগ কাশ্যপ
No comments:
Post a Comment