Thursday, 13 April 2017

ৰঙালী






ধৰণী সেউজীয়া হল
বসন্তৰ বতাহৰ পৰশ পাই
কুলিয়ে মাতিলে গছৰ ডালত
আমাৰ পথাৰত আখৰা চলিছে
নাচনী নাচিছে ৰংঙত ৷
সোকলো পাহৰি
মুৰত পানীগামোচাৰ পাগুৰী মাৰি
গাওঁৰ বুঢ়া মেথা নাচিছে
ককালৰ বিষ পাহৰি ৷
লাৰু পিঠা চিৰা
হৰ এঠা দৈ আৰু গুৰ মিঠৈ
আদিৰে অসমীয়াৰ পাকঘৰ ভৰা
আইতাৰ আখলত জুইৰ দপদপনি
বিবিধ ব্যঞ্জনৰ পাতিছে মেলা ৷
আাইয়ে বৈছে গামোচা তাঁততে
জুৰিছে সুৰীয়া বিহু গীত
পিতাইয়ে বটিছে পঘা চোতালত
পিতাইৰ মুখতো সুৰীয়া বিহু ৷
সমনীয়া আহিছে মোকে মাতিছে
একেলগে হাবিত কপৌ ফুল বিছাৰি যাবলে
চেনেহী জনী আশাৰে ৰৈ আছে
চেনাইৰ কপৌ ফুল
কেতিয়া খোপাতেই গুজিব
বিহুৱান খন কেতিয়া দিবলে পাম বাৰু ৷
এইয়া আমাৰ চেনেহৰ ৰঙালী
বহাগৰ বিহুত প্ৰকৃতি সলনী
ৰঙতে নাচো নাচো
দেহ মন ৰাঙলী ৷
কবি:-
ত্পল মেধি

No comments:

Post a Comment