খোলা কিতাপ
যেন
কিতাপখনৰ এখন এখন পৃষ্ঠা...
তোৰ লাহী হাতৰ পৰশত
প্ৰাণৱন্ত মোৰ এলান্ধু ক'লীয়া দুৰ্গ।
কিছু ক'লা, কিছু এন্ধাৰে আৱৰা
কিতাপখন হ'ব খোজে এখনি
খোলা কিতাপ তোৰ চকুত।
ওচৰত বহিবি, ভালকৈ পঢ়িবি,
জাহ যাবলৈ নিদিবি মোক।
তোৰ বাবে কঢ়িয়াই ফুৰিছোঁ
মোৰ এই কিতাপ।
তই থাকিবি, মই থাকিম
গঢ়িম এক যাত্ৰা,
তোৰে মোৰে আলোকৰে যাত্ৰা ।
কিতাপখনৰ এখন এখন পৃষ্ঠা...
তোৰ লাহী হাতৰ পৰশত
প্ৰাণৱন্ত মোৰ এলান্ধু ক'লীয়া দুৰ্গ।
কিছু ক'লা, কিছু এন্ধাৰে আৱৰা
কিতাপখন হ'ব খোজে এখনি
খোলা কিতাপ তোৰ চকুত।
ওচৰত বহিবি, ভালকৈ পঢ়িবি,
জাহ যাবলৈ নিদিবি মোক।
তোৰ বাবে কঢ়িয়াই ফুৰিছোঁ
মোৰ এই কিতাপ।
তই থাকিবি, মই থাকিম
গঢ়িম এক যাত্ৰা,
তোৰে মোৰে আলোকৰে যাত্ৰা ।
কবি:-
ණশঙ্কৰ জ্যোতি দত্ত ।।
No comments:
Post a Comment