Tuesday, 4 April 2017

অনুবাদ কবিতা



পুর্নেন্দু পত্রীৰ কবিতাৰ অনুবাদ__
*
কথোপকথন ৬*
কালি নাহিলা, আজিও পাৰ হৈ গল দিন
এতিয়া বতৰ ডাৱৰীয়া, অনতিপলমে আহিব বৃষ্টি।
ভয়াল বৃষ্টি, বুৰ যাব গুৱাহাটী।
এতিয়াও তুমি নেইলপলিশকে বিচাৰি আছা নেকি?
মেখেলা-চাদৰ পিন্ধাই আছিল ? তেনেহলে নাহিলা কিয়?
ছেন্দেল ছিগি আছিল ? সঁচাই ছেন্দেল ছিগি আছিল ?
কাজল নাছিল? কি হব কাজল পিন্ধি
তোমাৰ চকুৰ হৰিণাক মই চিনি পাওঁ।
কালি নাহিলা, আজিও পাৰ হৈ গল দিন
এতিয়া গধূলি, এতিয়াই বোর্খা পিন্ধি
গুৱাহাটী ডুবি যাব ঘন কুঁৱলীত।
এতিয়াও তুমি বিচাৰিয়ে আছা নেকি চেফটিপিন ?
–(
ৰৌচন আৰা বেগম)
----------------------------------------------------------
মূল কবিতাটো তলত দিয়া হৈছে___
কথোপকথন পুর্নেন্দু পত্রী
কালকে এলে না, আজ চলে গেল দিন
এখন মেঘলা, বৃষ্টি অনতিদূরে।
ভয়াল বৃষ্টি, কলকাতা ডুবে যাবে।
এখনো কি তুমি খুঁজছো নেলপালিশ?
শাড়ি পরা ছিল? তাহলে এলে না কেন?
জুতো ছেঁড়া ছিল? জুতো ছেঁড়া ছিল নাকো?
কাজল ছিল না? কি হবে কাজল পরে
তোমার চোখের হরিণকে আমি চিনি।
কালকে এলে না, আজ চলে গেল দিন
এখন গোধূলি, এখুনি বোরখা পরে
কলকাতা দুবে যাবে গাঢ়তর হিমে।
এখনো কি তুমি খুঁজছো সেফটিপিন?
----------------------------------------------------------------------------------------
কবি পৰিচয়: পূর্ণেন্দুশেখৰ পত্রী (ফেব্রুৱাৰি ২, ১৯৩১ মার্চ ১৯, ১৯৯৭) (পূর্ণেন্দু পত্রী নামেৰে সর্বাধিক পৰিচিত; ছদ্মনাম সমুদ্রগুপ্ত) এজন বিশিষ্ট ভাৰতীয় কবি, ঔপন্যাসিক, প্রবন্ধকাৰ, শিশু সাহিত্যিক, সাহিত্য গবেষক, চিত্র-পৰিচালক আৰু প্রচ্ছদশিল্পী।
পূর্ণেন্দু পত্রীৰ জন্ম বর্তমান পশ্চিমবঙ্গৰ হাওৰা জিলাৰ নাকোলত। পিতা পুলিনবিহাৰী পত্রী, মা নির্মলা দেবী। ১৯৫১ চনত প্রথম কাব্যগ্রন্থ একমুঠো রোদপ্রকাশিত হয়। ১৯৫৮ চনত প্রকাশিত প্রথম উপন্যাস দাঁড়ের ময়না মানিক। অন্যান্য কাব্যগ্রন্থসমূহ হশব্দের ঠিকানা’ (১৯৭৫), ‘সূর্যোদয় তুমি এলে’ (১৯৭৬), ‘আমাদের তুমুল হৈ-হল্লা’ (১৯৮০), ‘গভীর রাতের ট্রাঙ্ককল’ (১৯৮১), ‘আমিই কচ আমিই দেবযানীইত্যাদি।
কবি:-
ৰৌচন আৰা বেগম

No comments:

Post a Comment