জলফাই ৰঙৰ জোনাকঃ
দুখৰ সেই
নিচ্ছিদ্ৰ কোঠাত নিশা সি প্ৰশান্তিৰে শুই আছিল। আজি আকাশত ত্ৰয়োদশীৰ জোন। সি দেখা নাই, কোঠাৰ বাহিৰৰ জলফাই জোপাৰ ক'লা-সেউজীয়া পাত তিয়াই খহি পৰা জোনাক খিনিও সি দেখা নাছিল। আঘোনৰ চেঁচা নিয়ৰে তাৰ কোঠাটো গ্ৰাস কৰি ধৰিছিল। খিৰিকি, বাতাম, কাঠী-সকলোতেই টুকুৰা-টুকুৰ হিমচেঁচা জোন বগুৱা বাই ফুৰিছিল। সৰ্বগ্ৰাসী শীতলতাত যি
জীয়াই আছিল, সি হ'ল তাৰ উশাহ। তাৰ প্ৰতিটো উশাহে শীতৰ
জলকণাবোৰ শুহি নিশ্বাসত জীৱনৰ সাংকেতিক সংগ্ৰামৰ উমান দিছিল। সি শুই আছিল, যুদ্ধ বিধ্বস্ত কোনো অচিন দেশৰ মাউৰা এটি শিশুৰ সংশয়তাৰে। চৌদিশে তাৰ শীতৰ জোঙাল কাঁড়।
ভেন্টিলেটৰৰ ফাঁকেৰে
এচপৰা জোনাক সোমাই আহিছিল। তাৰ কোঠাৰ মেজত বহিছিল। মেজত থকা ভায়'লিনখন চুইছিল। চালৰ পৰা নিগৰি টোপকৈ
এটোপাল নিয়ৰ ভায়'লিনখনৰ তাঁৰ এডালত সৰিছিল। তাঁৰডালে টোপালটো দুছেওকৈ কাটিছিল। কঁপি উঠিছিল তাঁৰডাল। বিদীৰ্ণ নিয়ৰৰ টোপালটো
তাঁৰডালত বগাই নামি আহিছিল ধীৰে ধীৰে। কঁপা তাঁৰডালে কৈছিল-তুমি মোক জগালা। এই অনুৰণনো এতিয়া তুমিয়েই সামৰি লোৱা। নিয়ৰৰ টোপালটো ভায়'লিনৰ সেই শৈল্পিক দলংখনত জাহ গৈছিল।একে সময়েতেই, এটোপাল নিয়ৰ খিৰিলিৰে লতা বগাই আহি মুধচত ৰৈ গৈছিল। পৃথিবী
চুই চোৱাৰ তাৰ হেপাঁহটো গধূৰ হৈ আছিল। এটা
সময়ত টোপকৈ সি সৰি পৰিছিল, তাৰ নিমীলিত চকুৰ পতাত। চকুৰ কোনত নিয়ৰটোপাল বিয়পি পৰিছিল। তাৰ
ঘুমটি ভাঙিছিল। নিমাত সেই অনুৰণনে তাক জগাই দিছিল। সি এঙামুৰি কাঢ়িছিল। লাহে-লাহে সি বিচনাত উঠি বহিছিল। চকুত তাৰ শীতল জোন, মুখত তাৰ স্বপ্নাচাৰী সোন। সি তাৰ গাত কম্বলখন ভালকৈ উৰাই দি নিঃশব্দে
বিচনাৰ পৰা নামি আহিছিল। বিচনাত শুই থাকিল সি। বিচনাৰ পৰা উঠিও আহিল সিয়ে।
মেজৰ ওপৰত থকা
মাটিৰ পাত্ৰটোৰ পৰা সি পানীয় এঢোক পি ল'লে। কোঠাৰ অভ্যন্তৰত নীৰৱে শুই থকা তাক সি শেষবাৰৰ বাবে চাই ল'লে।
নিস্পন্দ ভায়'লিনখন বুকুত সাৱটি সি কোঠাৰ কাঠৰ দুৱাৰৰ খিলি খুলি ওলাই আহিল।
নিস্পন্দ ভায়'লিনখন বুকুত সাৱটি সি কোঠাৰ কাঠৰ দুৱাৰৰ খিলি খুলি ওলাই আহিল।
জলফাই গছৰ ছাঁ
ভেদি টোপ-টোপ নিয়ৰ মুখত সানি প্ৰশান্ত খোজেৰে সি গৈ থাকিল ...
(-শুনক, আপোনাক চিত্ৰ নাট্য লিখিব দিছিলোঁ, এইবোৰ কি লিখিছে? পাৰস্পেক্টিভ ক'ত? এংগল ক'ত? প্লটেই বা কি??? আপোনাক বিমূৰ্ত্ত লিখিব দিয়া নাই নহয়। এবাৰ ক'লে সি শুই থাকিল, এবাৰ কৈছে জলফাই গছৰ ছাঁ ভেদি সি ওলাই গ'ল। আগতে কাহিনীটো মগজুত ঠিক কৰি লওক। কফি একাপ খাই লব নেকি? জাৰো পৰিছে বহুত !
-ক্ষমা কৰিব। বুজিবলৈ মানুহে শিল্প নগঢ়ে, শিল্পত নিজৰ প্ৰতিবিম্ব বিচাৰে। আৰু, মানুহে নিজৰ প্ৰতিবিম্ব সকলো সহজ বস্তুতে নিবিচাৰে। মানুহৰ
সত্বাৰো এক অহংবোধ আছে, ধৰা নিদিয়ে সহজ পাৰ্থিবতাৰ জোখেৰে।
-হব। আপুনি লিখকচোন বাৰু। প্ৰতিবিম্ব নে কি ক'লে? লিখক, মই একাপ কফি খাই আহোঁ ! ছাতিটোও আনিব নহ'ল, বৰষুণে দিব হব পায় এতিয়া। ঘৰত কিবা
নিবলৈয়ো আছিল। চ্ছেহ, লিষ্টখন ক'ত পেলাই আহিলোঁ
জানো। আপুনি লিখক। অহংবোধ সত্বাৰ কাহিনী লিখক দেই। খৰ খোজেৰে মানুহজনৰ প্ৰস্থান। )
অ'হ। মানুহজনৰ লগত কথা পাতি থাকোঁতেই সি গৈ কোনোবাখিনি
পালেগৈ। জলফাই গছৰ তলতো সি নাই, সৌ বননিৰ মাজতো সি
নাই।
নিয়ৰতিতা শুকান বননিখন বগাই মই তাক অনুসৰণ কৰিলোঁ। সৌৱা, সি নৈৰ পাৰ পালেইচোন। নৈৰ থিয় গৰা বগাই সি নদীলৈ নামি গৈছে। ৰাতিপুৱাৰ চেচাঁ বতাহজাকে তাৰ চুলি উৰুৱাই খেলিছে। পূৱে ধল ফাট দিছে। বেলিৰ ৰাঙলী আভা নৈৰ পানীত সিচঁৰতি হৈ পৰিছে। পাতল পোহৰত তাৰ ছাঁ নৈৰ পানীত ৰিব্-ৰিব কঁপিছে। ৰঙা বেলিটো কঁপিছে, পানিবোৰ বৈ গৈছে, বেলিটো লহৰ হৈ নাচিছে, চিৰিলি-চিৰিলি হৈ নৈৰ পানীত ...

কুঁৱলী ফালি
দৃষ্টিৰ অন্তিম বিন্দুৰ পৰা নাও এখন আহি আছে ক্ৰমশঃ উজাই আহিছে, পচিমৰ পৰা পূৱলৈ। সি অপেক্ষা কৰিছে।
চলপ-চলপ শৱদেৰে লাহে-লাহে নাওখন আহি তাৰ ঘাটত
লাগিছে। সি হাত বাউল দি মাতিছে নাৱৰীয়াক, -নাৱৰীয়া কাই, নৈ খন পাৰ কৰি দিয়া। সিপাৰে গানৰ মেলা।
ইপাৰে দুখ।
নাৱৰীয়া জনে নাওখন
ঘাটত লগালে।
'বান্ধৈ, পাৰ কৰি দিব পাৰিম। কিন্তু, নাও মোৰ লেহুকা। শতাব্দীৰ দুখৰ ভাৰে এই ভাগো, এই ডুবো অৱস্থা।
:তুমি পাৰ হব পাৰিবা। কিন্তু তোমাৰ বুকুৰ দোতাঁৰাখনহে নিব নোৱাৰিবা। ডুবি যাব মোৰ নাও।
:'নাৱাৰীয়া কাই, এই ভায়'লিনখনেই মোৰ কলিজা। ইয়াক এৰি মই এপলো থাকিব নোৱাৰোঁ! কিবা এটা কৰা নাৱৰীয়া কাই।

:কিন্তু, মোৰ নাৱে যে ভাৰ বব নোৱাৰে বেছি। কেনিবাকে তুমিহে জুৰিবা।
এনেই মোৰ দুখত ভাৰী ভগা নাও ! যোৱা যদি আহা।
দোতাঁৰাখন থৈ আহা শিৰীষ জোপাৰ তলতেই।
(:আপুনি আহি আহি নদীৰ পাৰ পালেহি। মই মাছ
অলপ কিনিবলৈ আহিছিলোঁ! ৰাতিপুৱা এইখিনিতে সতেজ মাছ
পোৱা যায় যে। কম দামতেই। আপোনাৰ কি বোলেনো প্ৰতিবিম্ব লিখি হ'ল নে? সত্বাৰ অহংবোধ। ও, আমনি পাইছে চাগে' ! মই আহোঁ দিয়ক। আপুনি লিখক দেই।
:মই মোৰ প্ৰতিবিম্বৰ লগতেই আছোঁ, সত্বাৰ লগতেই। এতিয়া আৰু লিখাৰ প্ৰয়োজন
নাই।
:থাকক, থাকক দেই। মই আহোঁ । সতেজ মাছবোৰ এতিয়া শেষেই হৈ যাব পায় ।
খৰখোজেৰে মানুহজনৰ প্ৰস্থান ।)
নাৱৰীয়াই নিনিলে
তাক সিপাৰলে' । বঠা মাৰি মাৰি নাও গুচি গ'ল। আহত হৈ মনৰ দুখত সি উঠি আহি শিৰীষ জোপাৰ তলত বহি ল'লে। সমুখত নৈখন স্পষ্ট হৈ আহিছে। শিহু এটি এই ওলাই এই মূৰ গুজিছে পানীতেই।
সি গছজোপাত আউজি ল'লে। ওপৰত আকাশখন ক্ৰমাৎ নীলাভ হৈ আহিছে। ভায়'লিনখনত সি এটি সুৰ বজালে। প্ৰসাৰিত হৈ সুৰটোৱে নদী, অৰণ্য আৰু বতাহত মিলি গ'ল। উৰি যোৱা চৰাইবোৰ ৰৈ গ'ল, বৈ থকা নদীখন স্তব্ধ হ'ল। তাৰ সুৰে সময়ক এক লহমা ৰখাই দিলে।সুৰটো শেষ হ'ল। সি তাৰ কান্ধত এখন হাত অন্যভৱ কৰিলে।

সংগীতেই হব তোমাৰ
নাম। তোমাৰ সুৰে মোৰ দুখবোৰ উৰুৱাই লৈ গ'ল। ইমান পাতল লাগিছে নিজকে। যন্ত্ৰণামুক্তি। তোমাৰ সুৰে মোৰ শতাব্দী প্ৰাচীন দুখৰ বোজা আঁতৰালে।-তাৰ কান্ধত এয়া সেই নাৱৰীয়াৰ হাত, কাষত তাৰ সেই নাৱৰীয়াৰ মাত।
সি সপ্ৰশ্ন দৃষ্টিৰে নাৱৰীয়াৰ চকুলৈ চালে।
সংগীত, তোমাৰ সংগী দোতাঁৰাখন লৈ ব'লা, পাৰ কৰি দিওঁ তোমাক সিপাৰলে'!
কিন্তু, পাৰিব জানো আপোনাৰ নাৱে আমাৰ ভাৰ সহিব?
তোমাৰ সুৰে মোৰ দুখৰ ভাৰ কমালে। এতিয়া তেনেই পাতল মই। মোৰ দুখ যন্ত্ৰনাৰ স্মৃতিয়েহে মোক ভাৰী কৰি ৰাখিছিল। এতিয়া ব'লা, তোমাক পাৰ কৰি দিওঁ সিপাৰলে' ! তোমাৰ সংগীতৰ মহাসভালে' !

(এইখিনিতেই মই ৰৈ গ'লো। সংগীত সিপাৰলে' গুচি গ'ল নাওত উঠি। মই অকলশৰীয়া হৈ ৰৈ গ'লো। দূৰৈৰ পৰাই মই লক্ষ্য কৰিলোঁ, এইবাৰ দি অকলশৰীয়া নহয়। লগত সেই শতায়ু
দুখলব্ধ নাৱৰীয়া।
মানুহজনো মাছ কিনি
ঘৰলৈ গ'ল। এক প্ৰচ্ছন্ন দুখবোধে মোক আৱৰি ধৰিলে। ল'ৰা-লৰিকৈ মই মোৰ কোঠালৈ খোজ ল'লো। নিয়ৰ তিতা শুকান ঘাঁহনিৰ ওপৰেৰে, জলফাই গছৰ তলেৰে, আহি তাৰ লগত সমাধিস্থ হৈ পৰিলোঁ। )
(নৈৰ সিটো পাৰে তদনন্তৰে-)
ছোৱালী জনীয়ে
সংগীতৰ (নামটো নাৱৰীয়া জনেহে দিয়া) হাতত ফ'ৰ্ম এখন তুলি দিলে-ফিল আপ কৰক।
সংগীতে বুজি নাপালে-মানে?
ব্যস্ততাৰ মাজতেই ছোৱালী জনীয়ে তাৰ ফালে মূৰ তুলি চালে। 'আপুনি যিখন সংগীতৰ মহাসভাত পৰিবেশন কৰিবলৈ আহিছে, তাৰ বাবে আপোনাৰ ৰেজিষ্ট্ৰেছন লাগিব। ফ'ৰ্ম খনত সব আছে। পূৰ কৰি দিয়ক।
ৰঙা মুখৰ ছোৱালীজনী আন এজন শিল্পীৰ ৰেজিষ্ট্ৰেশ্বনত ব্যস্ত হৈ গ'ল।
সি ফ'ৰ্মখন চালে- নাম, দেউতাকৰ নাম, জন্ম তাৰিখ, দেশৰ নাম আৰু এটা চিনাক্তকৰণ চিহ্ন বিচাৰিছে।
সি ফ'ৰমখন ছোৱালীজনীক ওভতাই দিলে-নাজানো মই একো।
তেতিয়াহ'লে আপোনাৰ ৰেজিষ্ট্ৰেছন নহব। এই মহাসভাত আপুনি পৰিবেশন কৰিব নোৱাৰিব।

পুনৰ্বাৰ আহত হৈ
সি গুচি আহিল তাৰ পৰা। সি ওচৰৰ অৰণ্যখনলৈ খোজ ল'লে। তাৰ ভাগৰ লাগিল। তাৰ পিয়াহ লাগিল। আহি আহি সি
অৰণ্যখন পালে। এজোপা সেউজীয়া কলগছৰ তলত সি জিৰালে। কোমল সেউজীয়া কলপাত এখন হাউলি আহিল। 'তোমাৰ পিয়াহ লাগিছে যদি পানী খোৱা। '-কলপাতখনে ক'লে। মোৰ গা-গছত বিন্ধা কৰা । তাৰেই মই তোমাক পানী দিম।
মোৰ পিয়াহ লাগিছে যথেষ্ট। কিন্তু, মোৰ পিয়াহৰ কাৰণস তোমাক বিদীৰ্ণ কৰিব নোৱাৰোঁ মই।
মই অকল নিজৰ কাৰণেই পানী নগোটাওঁ ! এয়া পৃথিৱীৰেই পানী। তোমাৰ নিচিনা নিষ্কলুষৰ তৃষ্ণা নিবাৰণ কৰি মই ভাল পাম।
মোৰ পিয়াহ লাগিছে যথেষ্ট। কিন্তু, মোৰ পিয়াহৰ কাৰণস তোমাক বিদীৰ্ণ কৰিব নোৱাৰোঁ মই।
মই অকল নিজৰ কাৰণেই পানী নগোটাওঁ ! এয়া পৃথিৱীৰেই পানী। তোমাৰ নিচিনা নিষ্কলুষৰ তৃষ্ণা নিবাৰণ কৰি মই ভাল পাম।
সি কলজোপাৰ গুৰিৰ
ফালে সৰুকৈ বিন্ধাই দিলে, তাৰে পানীৰ ধাৰ এটি নিগৰি আহিল। সি তাৰ
পৰা পানী খালে।
কলপাতখন আকৌ হাউলি আহিল-তোমাক বিষাদমগন দেখিছোঁ !
কলপাতখন আকৌ হাউলি আহিল-তোমাক বিষাদমগন দেখিছোঁ !
সি তাৰ
পৰিচয়বিহীনতাৰ যন্ত্ৰণাৰ কথা কলজোপাক ক'লে। কলজোপাই তাক নাতিদূৰত থকা প্ৰাচীন বসটগছ জোপালৈ আঙুলিয়ালে-তালৈ যোৱা। সকলো উত্তৰ পাবা। এই অৰণ্যৰ প্ৰাচীনতম গছ তেওঁ।
বটগছজোপাই এছাটি
বা-বলাই তাৰ গা শাঁত পেলাই ক'লে- মই জানিছিলোৱেই তুমি এদিন আহিবা। মোৰ
ওচৰত এইখিনি মাটি খান্দা। তোমাৰ পৰিচয় নিজেই পাবা।
বটগছজোপাৰ কথা মতে
সি তাৰ তলৰ মাটিখিনি খান্দিব ধৰিলে। তৰপে-তৰপে আত্মানুসন্ধানী খনন। অভ্যন্তৰলৈ, আৰু গভীৰতালৈ। সেই গাঁতটোৰে সি নামি গ'ল অভন্তৰত।
সি এখন খিৰিকি দেখিলে। শূণ্যতেই ওলমি আছে। খিৰিকিৰ এইফাল আন্ধাৰ। খুৰিকিদ সিটো পাৰো আন্ধাৰ।
সি খিৰিকি খনৰ ওচৰলে' গ'ল। খিৰিকিখনেৰে সি জুমি চালে, সূচাগ্ৰ এন্ধাৰ ভেদি। খিৰিকিৰ সিটো পাৰ আলোকিত হৈ উঠিল ক্ৰমশঃ !
ভিতৰত যেন এখন মঞ্চ, এক বিস্তীৰ্ণ ফ্ৰেম। সি সন্দিগ্নচিত্তে চাই ৰ'ল।

বাওঁদিশৰ পৰা এখন
গাড়ী আহি ৰ'ল। নিশব্দে গাড়ীৰ অট'মেটিক দৰ্জা খুলি এজন সম্ভ্ৰান্ত মানুহ নামি আহিল। প পিচে-পিচে এগৰাকী গাভৰু
মহিলা। মহিলা গৰাকীৰ হাতত এটি সদ্যজাত
শিশু। মানুহজনে হাতৰ চিপৰাংজাতীয় অস্ত্ৰেৰে গছ এজোপাৰ তলত এটি নাতিগভীৰ গাঁত খান্দিলে। আৰু, কেচুৱাটো তাত জাপি দিলে।
এনেতে এটা গানৰ
ভঙা ভঙা কলি শুনা গ'ল। শব্দটো লাহে-লাহে ডাঙৰ হৈ আহিল। কেচুঁৱাটিক তাতেই পেলাই মানুহজন ভীত
সন্ত্ৰস্ত হৈ তৎক্ষণাৎ গাড়ীত উঠিল। পিচলৈ এবাৰ দুখ মনেৰে চাই মহিলাগৰাকীও গাড়ীত বহি লৈ দুৱাৰখন বন্ধ কৰি ল'লে।
ক্ষিপ্ৰতাৰে গাড়ীখন ফ্ৰেমৰ পৰা আঁতৰি গ'ল। গানৰ কলিৰে স'তে আন এজন মানুহ ফ্ৰেমত প্ৰৱেশ কৰিলে। মানুহজনৰ খোজ থৰক-বৰক । এনেতে কেচুঁৱাৰ হৃদয় বিদাৰক কান্দিন এটি শুণা গ'ল। থৰক-বৰক মানুহজনে তভক মাৰিলে। পুণৰ কান্দোন শুনা গ'ল। থৰক-বৰক মানুহজনে হাতৰ সুৰাৰ বটলটো দলিয়াই গাঁতটোৰ ওচৰলৈ আহিল। গাতঁটোত মানুহজনে কেচুঁৱাটো দেখিলে। চকু-দুটা এবাদ মুদি এবাৰ খুলি, নিজৰ মূৰত থাপৰ এটা মাৰি মানুহজনে আকৌ এবাৰ কেচুঁৱাটিৰ ফালে চালে। আৰু কেঁচুৱাটিক বুকুত বান্ধি দৌৰি ফ্ৰেমৰ বাহিৰলৈ ওলাই গ'ল।

এইবাৰ ফ্ৰেমত এটা লেতেৰা ঘৰ। কেৰেককৈ দুৱাৰখন
খোল খালে। এগৰাকী মহিলা ওলাই আহিল, এজন মানুহ খৰধৰকৈ দুৱাৰখনেৰে ওলাই গ'ল। মহিলাগৰাকীৰ হাতত টকা কিছু গুজি দি গ'ল। মহিলাগৰাকীৰ দুৱাৰডলিতো এখন ভায়'লীন। ঘৰটোৰ ওপৰ মহলাৰ বাৰাণ্ডাত বিভিন্ন আৱাহনী মুদ্ৰাত বিভিন্ন নাৰী । দৰ্জাৰ সমুখত এজন
মাতাল কিন্তু দৃঢ় মানুহ, হাতত এটা কেচুঁৱা, ক্ষণিক কান্দি থকা।
মানুহজনৰ হাতৰ পৰা
কেচুঁৱাটি মহিলা গৰাকীয়ে কোঁচত তুলি লয়। দুচকুত অশ্ৰু বিৰিঙে।
মানুহজনে কয়,-তয়ো এই ধাণ্ডা বাদ দে। ভায়'লীনত সুৰ ধৰ। তোৰ সমান ভায়'লীন কোনে বজাব পাৰে ক? মোৰ বাৰু সংসাৰ নাই নাই। আমি তিনিও এখন সংসাৰ জুৰিব নোৱাৰোঁনে? তিনিটি দুখী আত্মা লগ হৈ সুখী হব নোৱাৰোঁ নে?
মানুহজনে কয়,-তয়ো এই ধাণ্ডা বাদ দে। ভায়'লীনত সুৰ ধৰ। তোৰ সমান ভায়'লীন কোনে বজাব পাৰে ক? মোৰ বাৰু সংসাৰ নাই নাই। আমি তিনিও এখন সংসাৰ জুৰিব নোৱাৰোঁনে? তিনিটি দুখী আত্মা লগ হৈ সুখী হব নোৱাৰোঁ নে?
কেচুঁৱাটি ডাঙৰ
হয় ধীৰে ধীৰে। এইবাৰ ফ্ৰেমত মেডিকেল এখন। থৰক-বৰক মানুহজনে দেহৰ সমস্ত ল'ৰাটোক দান কৰে। মানুহজনৰ মৃত্যু হয়। মৃত্যুৰ সময়তো মানুহজনৰ মুখত স্বৰ্গীয় হাঁহি। ভায়'লীন হাতত লৈ মহিলা গৰাকীয়ে কান্দে। ল'ৰাজন বাচে। ডক্টৰে কয়, এতিয়া আৰু একো চিন্তা নাই। কলিজাটো সুস্থ
এতিয়া তাৰ।
ফ্ৰেমত এইবাৰ এটা কোঠা। ল'ৰাজনৰ হাতত ভায়'লীন এটা। নিমগ্ন হৈ বজাইছে। ওচৰত মহিলাগৰাকী। মগ্নতাৰে চাই আছে। ভায়'লীনৰ সুৰত মানুহগৰাকী গলি গৈছে। গলি-গলি নিশেষ হৈ গৈছে মানুহগৰাকী।
অকলশৰীয়া ল'ৰাটোৱে কান্দিছে। ভায়'লীন আৰু মৃত মহিলাগৰাকীক সাৱটি সি কান্দিছে। বুকুৰ পৰা তাৰ ম
বয়সীয়া মহিলা গৰাকী নোহোৱা হৈ গ'ল।
সি কান্দিছে। কিন্তু তাৰ চকুত পানী নাই।

সংগীতৰ চকুৰে
ধাৰাষাৰ অশ্ৰু নামিছে। সংগীতে খিৰিকি খন জপাব খোজোতেই দেখিলে, খিৰিকিখন নাই। আৰু
সি নিজেই এতিয়া ফ্ৰেমৰ ভিতৰত। নিজেই কান্দি আছে, ভায়'লিনখন বুকুত সাৱটি। ওচৰত মৃত মহিলা
এগৰাকীৰ জীৱাশ্ম।
চকুপানী টুকিয়েই
সংগীত ফ্ৰেমৰ ভিতৰৰ পৰা ফ্ৰেমৰ বাহিৰলৈ ওলাই গ'ল।
(অ' আহিলি মোৰ বাচাধন? তোলৈয়েই মই ৰৈ আছিলোঁ, নিশ্চিদ্ৰ দুখৰ পঁজাত, তোৰেই অপেক্ষাত। আহ সোন আহ।-দূৰৰ পৰাই দেখিলোঁ, সংগীত আহি আছে, নিয়ঁৰ তিতা শুকান বননি এখন বগাই, বুকুৰ আমঠুত ভায়'লিনখন লগাই, জলফাই গছৰ ছাঁ ভেদি । দুচকুত দুখৰ প্লাৱন সানি।
:তাৰ মানে, আপোনাৰ প্ৰতিবিম্ব উভতি আহিল?- ভজা মাছ এটুকুৰা চোবাই-চোবাই মানুহজনে
মোক সুধিলে। এতিয়া আপোনাৰ প্ৰতিবিম্ব লিখা হ'ল নে? নে তাৰ পিছতেই
ইমানদিন ঘুৰি কটালে?
মই একো উত্তৰ
নিদিলোঁ! সংগীতক অনুসৰণ কৰি মই তাৰ প্ৰাচীন কোঠালৈ সোমাই আহিলোঁ।)
ভায়'লিনখন কাঠৰ মেজত থৈ দিলে। শুন-নুশুন এক মৃদু তৰংগ অনুৰণনিত
হ'ল। মাটিৰ পাত্ৰটোৰ পৰা পানীয় এঘোট খালে। অৰ্ধচেতন হৈ বিচনাত শুই থকা 'তাৰ' গাৰ পৰা কাপোৰখন আতঁৰালে। এক মুহূৰ্তৰ বাবে সি আচৰিত হৈ উঠিল, কাপোৰৰ তলত এয়াচোন সি এৰি যোৱা 'সি'জন নহয়! এজনী ছোৱালীহে!! সি ভালকৈ চালে।
হয়, কাপোৰৰ তলত সংগীত মহাসভাত তাক তাৰ পৰিচয় সূচক ৰেজিষ্ট্ৰেছন ফ'ৰমখন ভৰ্তি কৰিব দিয়া ছোৱালীজনীহে চোন এয়া। মুদি থকা তাইৰ দুনয়নতো অৰ্বুদ প্ৰশ্নৰ ভীৰ।
আৰু, তাৰ কোঠাত এখন পেইন্টিং। এখন প্ৰশান্ত
নৈ। নৈৰ পানীত এখন টুল-বুল নাও, এজন নাৱৰীয়া, দুখে সুন্দৰ কৰা মুখেৰে। ব'ঠাপাত পেইন্টিংখনৰ পৰা ওলাই আহিছে, স্পৰ্শ কৰিব পৰা
এপাত কাঠৰ বিশ্বাসী ব'ঠা হৈ। নাৱৰীয়াজন তাৰ চিনাকি, তাক নৈ পাৰ কৰি দিয়া নাৱৰীয়া জনেইচোন
এইজন ! মুখত কোনো ক্লেশ নাই, তালৈ আকুলতাৰে
নিনিৰ্মেষ দৃষ্টিৰে চাই আছে ...
বেলি ডুবিছে
ক্ৰমশঃ, জোনাকবোৰ নামি আহিছে, শীত শীত জলফাইৰ পাতত বহি ৰাতিৰ সাধু
শুনিছে। বাতামত শীত, চালত শীত, মেজৰ কিতাপবোৰতো শীত।
চিলিঙত এটোপাল চেঁচা
হিম জমিছে, ভাৰী হ'লেই ই টোপকৈ সৰি পৰিব। চিক্ মিক টোপালটোত তাৰ পৃথিৱীখন জিলমিলাইছে ...
এই সৰো, এই পৰোঁ এটোপাল চেঁচা নিয়ৰ ...
এই সৰো, এই পৰোঁ এটোপাল চেঁচা নিয়ৰ ...
কবি:-
ණজয়ন্ত আকাশ বৰ্মন ।
No comments:
Post a Comment