Thursday, 11 May 2017

ৰৈ কোন থাকে



ৰৈ কোন থাকে



ৰৈ কোন থাকে
সকলোৰে এক নিৰ্দিষ্ট গতিপথ থাকে
এই যে তুমি নিৰুৰ্দিষ্ট হৈ গ'লা
এতিয়া ইয়াত আন্ধাৰ
আন্ধাৰৰ ইমান আব্দাৰ
দুৱাৰখন খুলি দিওঁতেহে গম পালো
জোনাকত তুমি
এক নতুন ৰূপত
তোমাৰ গুণমুগ্ধ মই
বেৰৰ জোলোঙাৰে পোহৰ পাৰ হয়
আ তুমি ইমান ধুনীয়া
চুই চাবলৈ দিবা নেকি
আলফুলীয়া হাঁহি
হাঁহি দিয়ানা এবাৰ মৃত্যু হওঁক মোৰ
এবাৰ নহয় মোৰ মৃত্যু হওঁক হাজাৰবাৰ
হাজাৰবাৰেই পুণৰ জনম
এই হাঁহিৰ টুকুৰা টুকুৰ টুকুৰাবোৰৰ হেপাঁহত
ৰৈ কোন থাকে মই নাজানোঁ
মই ৰৈ আছো হাজাৰ বছৰৰ অপেক্ষা
হয়টো হাতীপতিৰ সিপাৰে ক'ৰবাত
তুমিও ৰৈ আছা
বাৰে বাৰে জুমি জুমি চাও
কাণ উণাই শুনো
ভাগিল নে চিলমিলিয়া ঘুমটি
তুমি শুই আছা আন্ধাৰত
তোমাৰ মুখত সেই একেই গুলপীয়া হাঁহি
আৰু হাঁহিৰ জোনাকত
মই ৰৈ আছো
কোন ৰৈ থাকে মই নাজানোঁ

No comments:

Post a Comment