Sunday, 21 May 2017

কবিতা, পাঠক আৰু সমালোচক



।।কবিতা, পাঠক আৰু সমালোচক।।
কলা-প্ৰীতি গুণটোৱে মানুহক পশুৰ পৰা পৃথক কৰি ৰাখিছে। সকলো কলাৰ ভিতৰত সূক্ষ্মতম আৰু সুকুমাৰতম কলা হল কবিতা। প্ৰতিজন মানুহৰ হৃদয়ত কবিতাই বাস কৰে, কবিতা মানুহৰ জীৱনৰ অত্যাৱশ্যকীয় অংগ বুলি কলে অতিৰঞ্জিত কৰা নহব। কবি তথা কবিতা প্ৰেমী লোকসকলে কবিতা পঢ়ে কিন্তু যিসকলৰ অন্তৰত কবিতাৰ প্ৰতি আগ্ৰহ আছে অথচ কবিতাৰ ভিতৰচৰাত প্ৰৱেশ কৰিব নোৱাৰাৰ বাবে কবিতা পঢ়িবলৈ অনিহা প্ৰকাশ কৰে। তেওঁলোকক কবিতামুখি কৰি তুলিবলৈ অন্যতম ভুমিকা পালন কৰে সমালোচকসকলে। সেয়ে কোৱা হয় কবি, পাঠক আৰু সমালোচক এই তিনিশ্ৰেণীৰ লোকৰ পাৰস্পৰিক বুজাবুজিৰ মাজেদিহে একোটা কবিতাই প্ৰাণ পাই উঠে।
সাম্প্ৰতিক কবিতাৰ এটি দুৰ্নাম আছে-দুৰ্বোধ্যতা। বৰ্তমান কবিতাসমূহে পাঠকৰ মন গভীৰভাৱে জয় কৰিব পৰা নাই। এনে এক ধাৰণা সৰ্বজনবিদিত। সহজভাবে বিচাৰ কৰিলে দেখা যায় যে কবিতাৰ প্ৰকৃতি দুই ধৰণৰ। এবিধ হল হৃদয় স্পৰ্শ কৰি গুণ গুণাই যোৱা আৰু আনবিধ হল মগজুৰ দুৱাৰত টুকুৰিয়াই সোমাই অহা। ইয়াৰে প্ৰথমবিধ ৰসস্বাদন কৰিবলৈ কোনো মানসিক কচৰৎ কৰিব নালেগে তদুপৰি দ্বিতীয়বিধ ৰসস্বাদনৰ বাবে মানসিক কচৰৎ তথা অধ্যনৰ প্ৰয়োজন হয়। কবিতাৰ দুৰ্বোধ্যতাৰ বিষয় উত্থাপন হৈছে এই দ্বিতীয়বিধক লৈ। ইয়াৰ উপৰি বৰ্তামন দেখা যায় যে কবিৰ লগত পাঠক সকলৰ যেন এক প্ৰকাৰৰ অসহযোগ চলি আছে। তেওঁলোকে বিচাৰে যে কবিয়ে কবিতাসমূহ গুৰি কৰি তাৰ ৰস চামুচেৰ তেওঁলোকৰ ডিঙিত বাকি দিয়ক, চোবাই কষ্ট কৰিবলৈ তেওঁলোক অনিচ্ছুক। গতিকে এনে ধাৰণাৰ পৰা পাঠকক মুক্ত কৰিব তথা কবিতাৰ প্ৰতি আকৰ্ষিত কৰি তুলিব পাৰিব একমাত্ৰ সমালোচকসকলেই।
কিন্তু পৰিতাপৰ বিষয় অসমীয়া কবিতাক গঠনমূলক সমালোচনাৰে পাঠকৰ মাজলৈ লৈ যোৱাত
সমালোচকসকল ব্যৰ্থ হৈছে। অন্য ভাষাৰ তুলনাত অসমীয়া ভাষাৰ সমালোচকসকল বহু দূৰ পিছপৰি থকা যেন অনুভৱ হয়। বহু ক্ষেত্ৰত দেখা যায় বহু অখ্যাত কবিৰ কবিতা সমালোচনাৰ অভাৱতেই প্ৰকৃত মূল্যায়ন নহয় আৰু তেওঁলোক কালৰ বুকুত হেৰাই যায়। যিহেতু জুয়ে পুৰিলেহে সোণ জিলিকে। তদুপৰি বহু সময়ত দেখা সমালোচকসকলে হাতত কলম লোৱাতকৈ তৰোৱাল লবলৈহে ভাল পায়। তেওঁলোকৰ কঠোৰ সমালোচনাই নতুন কবিসকলৰ উত্তৰণকৈ প্ৰতিভা উন্মেষতহে যতি পেলায়। এই ক্ষেত্ৰত আমাৰো এক চাক্ষুক অভিজ্ঞতা হৈছিল। আমি তেতিয়া হাইৰ চেকাণ্ডাৰীৰ প্রথম বৰ্ষৰ ছাত্ৰ, মোৰ বন্ধু এজনে কবিতা লিখিছিল। তাৰ মুখত কবিতা আখৈ ফুটাদি ফুটিছিল। এদিন সি তাৰ কবিতাৰ ডায়ৰীখন আমাৰ বিদ্যালয়ৰ বিষয় শিক্ষক এজনক দেখুৱালে ভুলবোৰ আঙুলিয়াই দিবলৈ। তেওঁ জিলা সাহিত্য সভাৰ উপ-সভাপতিও আছিল। তেওঁ নিজৰ বয়সৰ দৃষ্টিভংগীৰে চাই ভুলবোৰ আঙুলিয়াই দিয়াক চাৰি ষোল্ল বছৰীয়া হয়তো তাতকৈ কম বয়সতে লিখা কবিতা সমূহ ৰঙা কলমেৰে এনেদৰে কাটিলে তেনেদৰে হয়তো প্ৰথম হাতত কলম লোৱা শিশু এটিও আক-বাক নকৰে। তাৰ পিছৰেপৰা বন্ধুজনক কোনোদিনেই আৰু কবিতা লিখা দেখা নাই। এনে উদাহৰণ আৰু বহুতো আছে। কবি বায়ৰণে তেওঁৰ “Who killed John Keats” নামৰ কবিতাটোত কৈছে যে ‘‘Quarterly” নামৰ প্ৰত্ৰিকাখনে তীব্ৰ নিন্দ নকৰাহলে Keats হয়তো আৰু কিছুদিন সফলতাৰে জীয়াই থাকিলহেঁতেন।
গতিকে দেখা যায় কবি তথা কবিতাৰ জনপ্ৰিয়তা পাঠকৰ সহাৰি ওপৰত যিদৰে নিৰ্ভৰ কৰে তেনেদৰে সমালোচকৰ মতামতৰ ওপৰতো নিৰ্ভৰ কৰে। সেয়েহে সমালোচকসকলে সদায় কবিতাটোৱে কব বিচৰা ভাৱবস্তু, কবি আৰু পাঠকৰ মনোভাৱ অধ্যয়ন কৰিহে মতামত দিয়া উচিত। সমালোচকসকলৰ গঠনমূলক সমালোচনাই কবিতাৰ এক সুষ্ঠ পৰিৱেশ সৃষ্টি কৰিব যত কবিসকলে পৰীক্ষ-নিৰীক্ষাৰ কৰিবলৈ সুবিধা পাব আৰু সমাজক ভাল কবিতা দান কৰিব পাৰিব। আমি তাৰেই আশাবাদী।

ঞ্জন বৰ্মন

No comments:

Post a Comment