Tuesday, 23 May 2017

বিহলঙনি : আখৰুৱাৰ হাস্য-ব্যংগ শিতান : চতুৰ্থ খণ্ড : ৮ জেঠ, ১৯৩৯ শক৷ লেখক : অঞ্জন বৰ্মন



বিহলঙনি : আখৰুৱাৰ হাস্য-ব্যংগ শিতান : চতুৰ্থ খণ্ড : ৮ জেঠ, ১৯৩৯ শক৷
লেখক : অঞ্জন বৰ্মন
------------------------------
গুৱাহাটীৰ GS road ত-
"পাপা , পাপা এই road-new name " Srimanta Sankardev" ৰাখিছে যে " Sankardev" কোন পাপা? -বেটা
পাপা- শংকৰদেৱ আমাৰ জাতিৰ গৌৰৱ। তেওঁ নাম ধৰ্মৰে অসমীয়া সমাজক এক কৰিছিল। তেওঁৰ শক্তিও অনেক আছিল। তেওঁ ষাঁড় গৰু অৰ্থাৎ Bull ৰ লগতো যুদ্ধ কৰিছিল।
বেটা : ও বুজিলোঁ পাপা। Bahubali-ৰ "Bhallaladeva"-ৰ কথা কৈছা।
.....................................
প্ৰথম পৃষ্ঠাৰ ছপা মাধ্যমৰ সংবাদকৰ্মী এজনৰ ঘৈণীয়েকে ভাত বাঢ়ি ক'লে: "হেৰা, আহা ভাত খোৱাহি৷"
ভাতৰ পাতত বহি ভাতৰ লগত বিভিন্ন ব্যঞ্জনৰ সোৱাদ লৈ চিঞৰি উঠিল :
"হেৰা তোমাৰ আঞ্জাত ব্যাপক দুৰ্নীতি হৈছে। কোনোবা এখন ব্যঞ্জনত নহৰুৰ ৰহস্যজনক গোন্ধ এটা পাইছো। নীতি বহিৰ্ভূতভাবে নিমখৰ লুন্ঠন চলিছে। মই দেৰিকৈ অহা বাবে মোৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ ৰচাৰ কুচকাৱাজ চলিছে।
ঘৈণী: হেৰা মই সাধাৰণ জনতা। মোক আইন হাতত তুলি ল'বলৈ বাধ্য নকৰিবা। চুপ চাপ খাই থাকা।
......................................
নিশা টোপনিত এটি সপোন দেখিলোঁ :
উচ্চ ন্যায়ালয়ে চৰকাৰক আদেশ দিলে যে জামিনত থকা ৫০ জন লোক বাংলাদেশী বুলি চিনাক্ত হৈছে। গতিকে চৰকাৰে তেওঁলোকক পঠোৱাৰ ব্যৱস্থা কৰিব লাগে।
চৰকাৰৰ ফালৰ পৰা ন্যায়ালয়লৈ পত্ৰ :
মহামান্য আদালতৰ আদেশ আমি পালন কৰিবলৈ সাজু হৈছো। কিন্তু আমি মহামান্য আদালতক এমাহ সময় বিচাৰিছো। কাৰণ যি কেইজন লোক বাংলাদেশী বুলি চিনাক্ত হৈছে তেওঁলোকে এতিয়া "৮৫৫" শ্বহীদৰ প্ৰতিমূৰ্তি বনোৱাত ব্যস্ত। কাম শেষ হোৱাৰ লগে লগে পঠাই দিম।
..................................
মহাভাৰতৰ যুদ্ধৰ পিছত এদিন অৰ্জুনে ভগৱান কৃষ্ণৰ ওচৰত বহি কথা পাতি আছিল আৰু কথাৰ মাজতে অৰ্জুনে কৃষ্ণক মনৰ কথা এটা সুধিলে:
এই যুগত মই মোৰ ধনু বিদ্যাৰে নিজৰ নাম ৰাখিলোঁ। পিছে তুমিতো অন্তৰ্য্যামী। তোমাৰ পৰা জানিবলৈ মন গৈছে মই কলিযুগত কি ৰূপত জন্ম হ'?
ভগৱান কৃষ্ণ: সখা, তুমি তোমাৰ বিদ্যা কেতিয়াও নেৰা। কিন্তু কলি যুগত তুমি বহুজনৰ মাজত জন্ম ল'বা। তুমি television-news channel-video editor হিচাপে জন্ম লৈ দোষী বুলি ভবা জনক "কাঁড়" (arrow) মাৰিবা।
...................................
এটি সৰু প্ৰেম কাহিনী :
মোৰ বন্ধু লাচিতে এদিন ছোৱালী এজনী দেখিলে আৰু তাইৰ কাষ পাই তাৰ মুখেৰে নভবাকৈ ওলাই গ'ল "চাই লওঁ এবাৰ মুখনি তোমাৰ, হেঁপাহ মোৰ পলোৱা নাই"।
কথাটো শুনি ছোৱালীজনীয়ে হাঁহি দিলে আৰু যোৱা ব'হাগত আমি সকলোৱে "জয় হে জয় হে জয় জয় জয় হে" সংগীতেৰে বিয়াখন সেইজনী ছোৱালীৰ লগত পাতি দিলোঁ। এতিয়া সি তাইৰ প্ৰতিটো কাম বা প্ৰতিটো কথাত "বন্দে মাতৰম" আৰু "ভাৰত মাতা কি জয়" ধ্বনিৰে সমৰ্থন জনাই সুখেৰে দিন কটাই আছে।
...........................
নৰেন মাষ্টৰ : লৰাহঁত, বাস্তৱ জীৱনৰ দৰকাৰী কথা কেইটামান সুধিম, তহঁতে কি উত্তৰ দিয় চাওঁচোন। এনে কি বস্তু আছে যি চেষ্টা কৰিলেও নাপায়?
এজন ছাত্ৰ: ছাৰ পৰমানন্দৰ আসনখন।
নৰেন মাষ্টৰ : গৰু, এৰি অহা সময়। এতিয়া ক' এনে কি বস্তু যি এবাৰ গ'লে আকৌ আহে?
ছাত্ৰ: ছাৰ, সাহিত্য সভাৰ পৰমানন্দ ।
নৰেন মাষ্টৰ : মূৰ্খ দিন ৰাতি ইমান যে পৰমা পৰমা কৰি আছ, তেওঁ সাহিত্য সভাৰ কি জাননে?
ছাত্ৰ: ছাৰ, লাইখুটা।
................................
নৰেন মাস্টৰ : বোপা, মোৰ computer টোৰ কি হৈছে চাই দেচোন। কালি কিবা এটা email খোলোতে password বিচাৰিলে। মই khilanjiya (খিলঞ্জীয়া) বুলি দিয়াৰ পিছত আৰু কিবা খিলঞ্জীয়াৰ পিছত special character লাগে বোলে।
মই special character "khar khuwa" (খাৰ খোৱা) দিলোঁ। কিন্তু কাম কৰা নাই, কিয়?
------------------------------------------------------------------------------
ব্যাৱস্থাপকৰ সংযোজন :
আখৰুৱাৰ হাস্য-ব্যংগ শিতান 'বিহলঙনি'ক ৰাইজে আদৰি লোৱা কাৰণে আমি উৎসাহিত হৈছোঁ আৰু আজি 'বিহলঙনি'ৰ চতুৰ্থ খণ্ড আজি ৰাইজলৈ আগবঢ়ালোঁ।
এইটো খণ্ডটি কেইটামান ৰস -ৰচনাৰে সজাইছে অঞ্জন বৰ্মন ডাঙৰীয়াই আৰু বৰ্ণাশুদ্ধি কৰিছে দুলাল হাজৰিকাই৷ আমি দুয়োজনলৈকে শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ।
আগলৈ ৰাইজে 'বিহলঙনি'লৈ সহযোগ আগবঢ়াব বুলি আশা কৰিলোঁ আৰু শিতানটোলৈ সদস্যসকলৰ পৰা লিখিনি বিচাৰিলোঁ। উল্লেখ্য যে সময়ে সময়ে ব্যৱস্থাপকে লিখনি বিচাৰি আখৰুৱাৰ সদস্যৰ সৈতে যোগাযোগ কৰিব। অৱশ্যে কোনো সদস্যই আগ্ৰহ কৰিলে শিতানটোৰ ব্যৱস্থাপকলৈ বাৰ্তাৰ জৰিয়তে তেখেতসকলৰ লিখনি পঠিয়াব পাৰিব নতুবা তলত উল্লেখ কৰা 'আখৰুৱা পৰিচালনা সমিতি'ৰ ইমেইল ঠিকনালৈ লিখনি প্ৰেৰণ কৰিব পাৰিব।
ধন্যবাদ।
পলাশ বৰা,
ব্যৱস্থাপক, বিহলঙনি শিতান
আখৰুৱা : literati
৮ জেঠ, ১৯৩৯ শক
২৩ মে', ২০১৭

No comments:

Post a Comment