Sunday, 21 May 2017

হাবিয়াহ্



: হাবিয়াহ্ :
এটা নিমিলা অংক
মানুহে মন গ'লেই হাঁহে
মন গ'লেই কান্দে
অচিৰ আজিৰ ভাল লগা সময়
অনপত্য আইৰ দুচকুত আজি দুঃচিন্তা
কোষা লৈ সুখ কিনাৰ অপচেষ্টা
চিৰকাল নবজা এটা মন্দিৰৰ ডবা
আই বাৰে বাৰে কোবাই
এয়াও যে এক হাবিয়াহ্।

ৰাজেন দাস

No comments:

Post a Comment