Monday, 15 May 2017

শব্দ - সন্ধান - ২৯



শব্দ - সন্ধান - ২৯

ভাষাৰ মূল উপাদান হল ধ্বনি ৷ ধ্বনি অবিহনে ভাষা সম্ভৱ নহয় ৷ ধ্বনি নানাপ্ৰকাৰে উৎপাদন হব পাৰে ৷ কিন্তু ভাষাৰ ক্ষেত্ৰত মানুহৰ বাগিন্দ্ৰিয়ৰ দ্বাৰা উৎপাদিত নাদকহে ধ্বনি বোলা হয় ৷ মানুহে নিশ্বাসৰ দ্বাৰা হাওঁফাওঁৰ পৰা ক্ৰমে শ্বাসনলী তথা নাক বা মুখেৰে বাহিৰলৈ উলিয়াই দিয়া বায়ু প্ৰৱাহক আমি আমাৰ মুখবিৱৰৰ বিভিন্ন স্থানত নানাপ্ৰকাৰে বাধা দি বিভিন্ন ধ্বনি উৎপাদন কৰোঁ আৰু সেই ধ্বনিসমূহৰ সুসংগত ব্যৱহাৰৰ দ্বাৰা ভাষাৰ সৃষ্টি হৈছে ৷ আজি অসমীয়া ভাষাৰ ধ্বনিসমূহৰ বিষয়ে এটি আলোচনা আগবঢ়োৱা হৈছে ৷ ড° খগেশ সেন ডেকাচাৰে যুগুতোৱা এই আলোচনাই আখৰুৱাৰ সদস্যসকলক উপকৃত কৰিব বুলি আশা কৰিলোঁ ৷
অসমীয়া ভাষাৰ ধ্বনি আৰু বৰ্ণ ( আখৰ)
----------------------------------------------------------
° খগেশ সেন ডেকা
পৃথিৱীৰ আন কেতবোৰ ভাষাৰ দৰে অসমীয়া ভাষাৰো উচ্চাৰিত ধ্বনি আৰু আখৰৰ ব্যৱধান আছে ৷ উচ্চাৰণ আৰু বৰ্ণৰ পাৰ্থক্য নথকা ভাষা হৈছে সংস্কৃত ৷ এই ভাষাত ধ্বনি আৰু আখৰৰ সংখ্যা সমান সমান ৷
বাগবিজ্ঞানৰ সূত্ৰ অনুসাৰে হাওঁফাওঁৰ পৰা বাহিৰলৈ ওলাই অহা বা ভিতৰলৈ শুহি নিয়া বায়ু-প্ৰৱাহক মুখ-বিৱৰৰ বিভিন্ন স্থানত বাধা দি বা জিভাৰে কলন দি যিবোৰ নাদ বা লহৰৰ সৃষ্টি কৰা হয়, তাৰ নাম বাগধ্বনি বা আন কথাত ধ্বনি ৷ সাধাৰণতে ধ্বনিৰ উচ্চাৰণত বহিৰ্গামী বায়ু-প্ৰৱাহৰ সহায় লোৱা হয় যদিও আফ্ৰিকাৰ কেতবোৰ ভাষাত চুমা খাওঁতে উচ্চাৰিত ধ্বনিটোৰ দৰে ভিতৰলৈ শুহি নিয়া বায়ুক আশ্ৰয় কৰা হয় ৷ বাগধ্বনি সাধাৰণভাৱে দুই প্ৰকাৰৰ : স্বৰ আৰু ব্যঞ্জন ৷ ইয়াৰ উপৰি শ্বাসাঘাত, অনুনাসিকতা, সুৰ, সুৰ-লহৰ আদিকো ধ্বনিৰ আলোচনাই সামৰি লয় ৷ এইবোৰক উপাহিত ধ্বনিগুণ বোলা হয় ৷
অসমীয়া ভাষাৰ পৰম্পৰাগত ব্যাকৰণ পুথিবোৰত ধ্বনিৰ কোনো আলোচনা পোৱা নাযায় ৷ তাৰ সলনি বৰ্ণমালা শীৰ্ষক শিতানত আখৰমালাৰ উল্লেখ পোৱা যায় ৷ সংস্কৃত ব্যাকৰণৰ আধাৰত ৰচিত এনে ব্যাকৰণ পুথিত "আন বৰ্ণৰ সহায় নোলোৱাকৈ উচ্চাৰিত হোৱাবোৰ স্বৰবৰ্ণ আৰু স্বৰবৰ্ণৰ সহায়ত উচ্চাৰিত বৰ্ণবোৰ ব্যঞ্জন বৰ্ণ"এনে এক ভ্ৰমাত্মক ধাৰণা দিয়া হৈছে ৷ ইয়াৰ বিপৰীতে ভাষাবৈজ্ঞানিক সূত্ৰ খটুৱাই ৰচনা কৰা নতুন বা আধুনিক ব্যাকৰণকেইখনত অসমীয়া ধ্বনি, বৰ্ণ আৰু আখৰৰ পাৰ্থক্য সুন্দৰকৈ ফঁহিয়াই দেখুওৱা হৈছে ৷
মন কৰিবলগীয়া কথাটো হ'ল মানুহে বৰ্ণ উচ্চাৰণ নকৰে, ধ্বনিহে উচ্চাৰণ কৰে ৷ ভাষা বিশেষত উচ্চাৰিত বিভিন্ন ধ্বনিৰ প্ৰয়োগ বিশ্লেষণ কৰি একে ধৰণৰ ধ্বনিসূহক একোটা গোটৰ অন্তৰ্ভুক্ত কৰি পৰৱৰ্তী পৰ্যায়ত বৰ্ণ নিৰ্ধাৰণ কৰা হয় আৰু সেই বৰ্ণৰ আধাৰত আখৰ নিৰূপিত হয় ৷ উদাহৰণ স্বৰূপে অসমীয়া ভাষাৰ ফাল্ আৰু লাফ্ শব্দৰ ফ ধ্বনিৰ উচ্চাৰণ বেলেগ বেলেগ ৷ কিন্তু প্ৰয়োগত বিৰোধ নঘটা হেতুকে এটা ফ বৰ্ণ বুলি ধৰা হৈছে ৷
অসমীয়া ভাষাৰ বানান নিৰূপণত সংস্কৃতীয়া ৰীতি মানি লোৱা হেতুকে উচ্চাৰিত ধ্বনি আৰু আখৰমালাৰ বিস্তৰ প্ৰভেদ লক্ষ্য কৰা যায় ৷ বাংলা, হিন্দী আদি নব্য ভাৰতীয় আৰ্যভাষাৰো একেই অৱস্থা ৷
ভাষাবিজ্ঞান তথা ধ্বনিবিজ্ঞানৰ আধাৰত অসমীয়া স্বৰ আৰু ব্যঞ্জন ধ্বনিৰ সংজ্ঞা এনেদৰে নিৰূপণ কৰিব পাৰি :
স্বৰধ্বনি :
*******
হাওঁফাওঁৰ পৰা বহিৰ্নিগত বায়ুপ্ৰৱাহক মুখবিৱৰৰ ভিতৰত জিভাৰে কলন দি যিবোৰ ধ্বনি উচ্চাৰণ কৰা হয়, সেইবোৰৰ নাম স্বৰধ্বনি ৷ অসমীয়াত স্বৰধ্বনিৰ সংখ্যা আঠোটা, , , , ,, আৰু এ'
কিন্তু আখৰৰ সংখ্যা এঘাৰটা ৷ তদুপৰি, অ-ৰ বাহিৰে বাকী আটাইকেইটা আখৰৰ একোটাকৈ কাৰ চিহ্নও আছে ৷
ব্যঞ্জন ধ্বনি :
**********
হাওঁফাওঁৰ পৰা বাহিৰলৈ ওলাই অহা বায়ুৰ গতিক মুখ-বিৱৰৰ বিভিন্ন স্থানত বাধা দি যিবোৰ ধ্বনি উচ্চাৰণ কৰা হয় সেইবোৰ ব্যঞ্জন ধ্বনি ৷ এই ধ্বনি দুই প্ৰকাৰৰ ৷ এবিধ নিয়ত আৰু আনবিধ অনিয়ত বা প্ৰৱাহ ধ্বনি ৷ প্ৰথমবিধ একে লেথাৰিয়ে উচ্চাৰণ কৰিব নোৱাৰি, আনহাতে প্ৰৱাহ ধ্বনিবোৰ দীঘলীয়াকৈ উচ্চাৰণ কৰিব পাৰি ৷ ক্, খ্ আদি প্ৰথম বিধৰ, আনহাতে ল্ আৰু ৰ্ দ্বিতীয় বিধ ধ্বনিৰ উদাহৰণ ৷
অসমীয়াত উচ্চাৰিত
ব্যঞ্জন ধ্বনিৰ সংখ্যা য় আৰু ৱ-ক ধৰি তেইশটা ৷ কিন্তু বৰ্ণমালাত (দৰাচলতে আখৰমালা) আখৰ আছে মুঠ একচল্লিশটা ৷
"স্বৰবৰ্ণৰ সহায়ত উচ্চাৰিত বৰ্ণবোৰ ব্যঞ্জন বৰ্ণ" বুলি ব্যঞ্জনৰ সংজ্ঞা নিৰূপণ কৰিলে ব্যঞ্জনান্ত শব্দবোৰৰ অন্তিম ব্যঞ্জনটোৰ ব্যাখ্যা কেনেদৰে দিয়া হ', সেয়া এক মৌলিক প্ৰশ্ন ৷ উদাহৰণস্বৰূপে কল্, ঘৰ্, বাত্, ৰোগ্, লাভ্, লাফ্ আদি শব্দৰ ল্, ৰ্, ত্, গ্, ভ্, ফ্ আদি স্বৰৰ সহায় নোহোৱাকৈয়ে উচ্চাৰিত হয় ৷ অৰ্থাৎ উল্লিখিত সংজ্ঞাটোৱে এইবোৰ ব্যঞ্জন সামৰি ল'বলৈ সমৰ্থ নহয় ৷ গতিকে ব্যঞ্জন ধ্বনি সম্পৰ্কীয় এই সূত্ৰটো অদৰকাৰীয়ে নহয় একে সমযতে ভ্ৰমাত্মকো ৷
পাঠশালা স্কুলত অসমীয়া আখৰৰ চিনাকি দিওঁতে উচ্চাৰণ নথকা বৰ্ণবোৰৰ (আখৰৰ) প্ৰয়োজনবোধে একোটাহঁত নাম দি লোৱা হয় ৷ এই নামবোৰৰ কিছুমান সংস্কৃতীয়া আৰু কিছুমান থলুৱা ৷ আনকি সংস্কৃতৰ পৰা অহা নামবোৰো অসমীয়া ভাষীয়ে নিজৰ নিজৰ উপভাষা অনুসাৰে সুকীয়া নাম দি লয় ৷ ভাষাৰ সেয়া স্বাভাৱিক ধৰ্ম ৷ এই নিয়মক ভুল বা অশুদ্ধ বোলাসকলক নিশ্চকৈ উন্নাসিক বা অত্যুৎসাহী বুলিব লাগিব ৷ উদাহৰণ স্বৰূপে পত্থাম চ (প্ৰথম চ), দিতে/দুতে ছ (দ্বিতীয় ছ), বগ্গে/বৰ্গে জ (বৰ্গীয় জ), মুধনীয়া/মধিনে ট, ষ (মূৰ্ধন্য ট, ষ), দন্তীয়া/দন্তে ত, স (দন্ত্য ত, স), তালবীয় শ (তালব্য শ), আঠুভাঙা দ (দন্ত্য দ), পেটকাটা ৰ, ড বিন্দু ড়/ডৰে ড়, ঢ বিন্দু ঢ়/ঢৰে ঢ় ইত্যাদি ইত্যাদি ৷ এইবোৰক লোকপাঠ বোলা হৈছে ৷ অসমীয়া ভাষাত বৰ্ণ বা আখৰৰ এনে নামকৰণ প্ৰাচীন কালৰ পৰাই চলি আহিছে ৷ দৈতাৰি ঠাকুৰ বিৰচিত শঙ্কৰদেৱ মাধৱদেৱ চৰিতত উল্লেখ থকা তলৰ পদফাঁকিয়ে তাৰ প্ৰমাণ দাঙি ধৰে :
"লাঠিকাটা জ দিবে লাগয় যথাত ৷
পুখুৰীয়া য দিয়া আছন্ত তথাত ৷৷"
বুজিবলৈ টান নহয় যে বৰ্গীয় জ-টোক অতীতত লাঠিকটা আৰু অন্তঃস্থ য-ক পুখুৰীয়া বোলা হৈছিল ৷
ভাষা বিমূৰ্ত ৷ তাৰ মূৰ্তৰূপটো বৰ্তি থাকে উপভাষাৰ মাজত ৷ উদাহৰণ স্বৰূপে সদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া ভাষা চলে ৷ কিন্তু এই বিস্তৃত ভৌগোলিক এলেকাৰ বিভিন্ন অঞ্চলত ভাষাটোৰ ৰূপ বেলেগ বেলেগ ৷ ইয়াৰে কোনটো ৰূপ অসমীয়া বুলি সুধিলে উত্তৰ দিবলৈ টান ৷ আচলতে এলেকাটোৰ আটাইবোৰ ঔপভাষিক ৰূপ মিলিহে অসমীয়া ভাষা ৷ মাত্ৰ সাংস্কৃতিক, ৰাজনৈতিক কাৰণত এই ঔপভাষিক ৰূপবোৰৰ কোনো এটাক পৰিমাৰ্জিত ৰূপত মান্যভাষাৰূপে স্বীকাৰ কৰা হৈছে
পাঠশালা স্কুলত কোমলমতীয়া ছাত্ৰ-ছাত্ৰীক কঠিন সংস্কৃত উচ্চাৰণেৰে জবৰদস্তিৰে বৰ্ণবোধ দিবলৈ যোৱাটো (দন্ত্য, মূৰ্ধন্য, তালব্য আদি) অনুচিতেই নহয়, ভাষাটোৰ শিকণ প্ৰক্ৰিয়াৰো পৰিপন্থী ৷
° দীপালী বৰা
ব্যৱস্থাপক , শব্দ - সন্ধান
আখৰুৱা

No comments:

Post a Comment