আখৰুৱাৰ অণুগল্প:
মে', ২০১৭
সাধুকোৱা বুঢ়া:
বগলীপাখিৰ দৰে
ঢক-ঢকীয়া বগা পকা দাঢ়িৰ বুঢ়াজনে লাখুটি এডাল লৈ দিনটো চহৰখন ঘূৰি ফুৰে। সাধুকোৱা বুঢ়া। ৰজাৰ সাধু,পৰীৰ সাধু., বুঢ়া-বুঢ়ীৰ সাধু, নগৰৰ সাধু, গাওঁৰ সাধু,হাঁহিৰ সাধু, কান্দোনৰ সাধু।
ভৰ দূপৰীয়া বিলৰ পাৰত নিথৰ হৈ পৰি থকা ঘৰিয়াল এটাৰ
দৰেই নিস্তব্ধ, নি:সাৰ চহৰখনৰ অলি গলিবোৰত কেৱল মাত্র
এটাই শব্দ ৰৈ ৰৈ প্রতিধ্বনিত হয়। বুঢ়াৰ লাখুটিৰ শব্দ।.খট খট খট...খট ।
স্পন্দনহীন চহৰখনৰ ঠেক গলিবোৰত থাহ খাই থকা সৰু সৰু কুঠুৰীবোৰ ভিতৰৰ পৰাই কটকটীয়াকৈ বন্ধা। কেতিয়াবা সাধুকোৱা বুঢ়াজনে তাৰে দুই-এটাত লাখুটিৰ আগটোৰে টক টকাই খুটিয়াই চায়
: মাত অকনমান পামনে?.. সাধু এটাকে শুনাও। বহুদিন হ’ল সাধু এটা নোকোৱা।...
নাই, দুৱাৰবোৰ কেতিয়াও খোল নাখায়। মাথো বন্ধ কপাটৰ আবাধ্য সুৰুঙাৰে কেতিয়াৱা ভমককৈ এসোতা ধোৱা ওলাই আহে। উৎকট গোন্ধৰ ধোৱাবোৰে হঠাৎ কেতিয়াবা মানুহজনৰ নাকে মুখে হেচা মাৰি ধৰেহি।..
: উফ এই কলিজা সিজোৱা গোন্ধবোৰ....মানুহৰ কলিজা।
: উফ এই কলিজা সিজোৱা গোন্ধবোৰ....মানুহৰ কলিজা।
ঘৃণাত কোচ খাই অহা মুখখনেৰে বুঢ়াজন ভোৰভোৰাই গুছি
আহে।... আকৌ আগবাঢ়ে।...অনন্ত কাল।
ණ ৰঞ্জু শৰ্মা ৷
No comments:
Post a Comment