এজন বিপ্লৱীৰ
চুইচাইড নোট
তুমি কি সিহঁতক
ক্ষমা কৰি দিছা ?তুমি কি সুখত জীয়াইছা, মোৰ নদী ও !নাই………নাই……নাই !
আজি অন্তিমটো
ৰেলখনত মই চুইচাইড কৰিম । তাৰবাবেই,এই আখৰবোৰ, এই শব্দবোৰ, এই বাক্যবোৰ, এই কমা, ৰেফ অথবা ঊৰ্দ্ধকমা ।আৰু কিছুসময় জিৰাওক, আৰু এটা শব্দ আহিব ।
মোৰ দৰে হাজাৰ
হাজাৰ মৰিছে পইতাচোৰাৰ দৰে
অথবা আপোনাৰ আঁঠুৱাৰ ভিতৰত সোমাই গানত বিভোৰ মহৰ দৰে !
অথবা আপোনাৰ আঁঠুৱাৰ ভিতৰত সোমাই গানত বিভোৰ মহৰ দৰে !
তথাপি কিছু কথা
যিবোৰ আপোনাক জনোৱাৰ প্ৰয়োজন । কিছু কথা যিবোৰ আপুনি গোটেই জীৱন আওকান কৰি আহিছে
সেইবোৰ আজি, গোটেই দিন
বিপ্লৱ, বিপ্লৱ, বিপ্লৱ……
সেইবোৰ আজি, গোটেই দিন
বিপ্লৱ, বিপ্লৱ, বিপ্লৱ……
জীয়াই বা আৰু কি হ'ব । মই আৰু মোৰ পত্নী আৰু মানসিক ৰোগত আক্ৰান্ত মোৰ লৰাটো আমি তিনিজন ! মাহৰ আয় ষাড়ে ষোল্ল
হাজাৰ টকা লৰাৰ ৰোগৰ খৰছ তিনি হাজাৰ, ঘৰ ভাড়া ষাড়ে পাঁচ হাজাৰ আৰু বাকি আঠ
হাজাৰ, আপোনাৰো পৰিয়াল আছে !
তথাপি ৰাতিপুৱা হ'লে খোজ কাঢ়ো
ডাঙৰ মানুহৰ ৰোগ চুগাৰ
অলপ দিন, অলপ পোহৰ
আৰু একো ব্যৰ্থতা নাই
ঘুমটিৰ দোকানত চেনী নথকা ফিকা চাহৰ সোৱাদৰ দৰে !
ডাঙৰ মানুহৰ ৰোগ চুগাৰ
অলপ দিন, অলপ পোহৰ
আৰু একো ব্যৰ্থতা নাই
ঘুমটিৰ দোকানত চেনী নথকা ফিকা চাহৰ সোৱাদৰ দৰে !
সপোন, সপোন দেখায় আপুনি মোক । আৰু সেই সপোনৰ
পিছত এৰিব ধৰিলোঁ নিজকে। ৰাস্তাৰ মাজ মজিয়াত থিয় হৈ ভাবিছিলোঁ সদায়,
ইমান গাড়ী, এই আট্টালিকাবোৰ, ৰিক্সা, চাইকেল
আৰু এই চহৰৰ ভাগৰ নাই ।
আৰু এই চহৰৰ ভাগৰ নাই ।
মোৰ দুটা সপোন,প্ৰথমটো সৰু এটা ঘৰ স্বাভিমানৰ,দ্বিতীয়টো সুখৰ সংসাৰ কৰ্মৰ ।
বন্ধু, কৰ্ম নিজে এটা বেশ্যা
বিপ্লৱে মোক খাব নিদিয়ে
সেয়ে এতিয়া বুকুত পাতি লোৱা বন্দুকৰ গুলীৰ দৰে
টকা পাতি লও স্বাভিমানক লাত মাৰি !
বিপ্লৱে মোক খাব নিদিয়ে
সেয়ে এতিয়া বুকুত পাতি লোৱা বন্দুকৰ গুলীৰ দৰে
টকা পাতি লও স্বাভিমানক লাত মাৰি !
নাই, মোৰ কথা ইয়াত শেষ নহয় ! পত্নীয়ে সদায়
বেশ্যালয়ৰ পৰা ওলাই অহা দেখো ।তেওঁ উপাৰ্জন কৰা
টকাবোৰ হোমাগ্নি দিওঁ প্ৰতি ৰাতি। মোৰ স্বাভিমান জল্লাদ হৈ উঠে কেতিয়াবা।
পৰিস্থিতিৰ বিবেচনা নকৰাকৈ চিঞৰি যায়
মই এটা বিপ্লৱ, মই এটা বিপ্লৱ ।
পৰিস্থিতিৰ বিবেচনা নকৰাকৈ চিঞৰি যায়
মই এটা বিপ্লৱ, মই এটা বিপ্লৱ ।
গভীৰ ৰাতি এটা ৰচী
গলত লৈ ওলমি থাকিল
মোৰ সকলো অভিমান, মোৰ সকলো স্বাভিমান ।
মোৰ সকলো অভিমান, মোৰ সকলো স্বাভিমান ।
লৰাটো বিচনাত ,উশাহ লোৱাত অসুবিধা আজিকালি তাৰ! গাৰু এটা বহু সময় তাৰ নাকত হেঁচি ধৰিলো,এতিয়া উশাহ লৈ আছে সদায়, সেই বিচনাত! এতিয়া মই জীৱনৰ বিধৱা।
ঘূমটিৰ দোকানৰ
চেনী নথকা ফিকা চাহৰ সোৱাদৰ দৰেই সকলো কথা !
বন্ধু, তুমি যদি বিচৰা জিয়াম মই ! আনি দিব
পাৰিবা, বেক পাচত গুচি যোৱা সেই চাইকেলটো । ফ্ৰন্ট চিটত পত্নীক বহুৱাম, বেক চিটত পাগল ল'ৰাটোক । মদন দাৰ দোকানৰ পৰা ৰসগোল্লা আৰু ঘৰ । যদি আনি দিম বুলি কোৱা, জীৱনৰ বিৰুদ্ধে আৰু বিপ্লৱ নাথাকে, নাথাকিব মোৰ দৰে আত্মহত্যা কৰিব বিচৰা বোৰ !
সুহুৰি শুনিছা । নিজম
পৰিল এই চহৰ । শুই থাকিল বুদ্ধ বিচৰা এই চহৰ । উত্তৰ দিয়া " বুদ্ধৰ পত্নী কিয়
বেশ্যা আছিল" !
-লোচন কৌশিক
No comments:
Post a Comment