Saturday, 13 May 2017

আমাক ৰ’দ নেলাগেණ ৰৌচন আৰা বেগম



আমাক ৰদ নেলাগে



প্লাস্তিকৰ পুতলাবোৰে সন্তুষ্টিৰে চিঞৰিছে
আমাক ৰদ নেলাগে”!
নিয়ন লাইটৰ ছত্ৰ-ছাঁয়াৰ বাতানুকুল পৰিৱেশত
শাঁত পৰিছে আমাৰ চাতকী হিয়াৰ তৃষা।
বিয়েৰবাৰত আধুনিক গীত গাই
ৰাতিৰ ডিস্কোত নাচি
হাতুৰীৰ কম্পনত সাৰপোৱা কংক্ৰিতৰ পৃথিৱী
ত্ৰিগাৰৰ আঙুলীয়ে সাৰকথা কয় হাঁহি।
ত যে হেৰাই থাকিল !
নিৰ্মেঘ দিগন্তৰ বিস্তীৰ্ণ সুনীল ৰাশি
মেঘাচ্ছন্ন আকাশত
সাতোৰঙী হাঁহিৰ নিষ্পাপ ৰদালি
পৰিভ্ৰমী চৰাই হৈ কেনিবালৈ উৰি গল!
সেউজৰ নিগ্ৰহত বসন্ত তেনেই উকা হৈ ৰল!
যেন এক অচিন সুৰুঙাৰে বৈ আহিছে
অন্ধকাৰৰ প্ৰাচীন ক্ৰুৰতা
গোলকীকৰণৰ অত্যাধুনিক সূত্ৰটো সাৰথি কৰি
আগবাঢ়িছে পৰুৱাৰ সমদল এটা!
সাধুকথাৰ নিদ্ৰাহীন দানৱটো
কিতাপৰ বুকুৰপৰা ওলাই আহি
সেউজীয়া চন্দ্ৰতাপখন
গোটে গোটে গিলি পেলাইছে
এমোন চাউল, দুটা ছাগলী আৰু এজনী
জাৰ্চিগাইৰ গাখীৰৰে
তাৰ ভোক-পিয়াহ নুগুচা হৈছে!
জিকাফুলীয়া মনবোৰক সি সন্মোহনী বাণ মাৰিছে
মোহনিদ্ৰাত প্ৰত্যেকটো পৰুৱাৰে যান্ত্ৰিক বিজুতি ঘটিছে
বটিক মগজুৱে পাহৰি পেলাইছে
শ্যামলীমা হেৰালেই
নীলাই গ্ৰাস কৰিব ক্ৰমাগত হেঙুলীয়া তনু
দৰ উজ্জ্বলতা উভটি নাহিব !
কবি চাই আছা কি ?
হেৰুৱালা কত !
সেউজ সৰলতাৰ তৈলচিত্ৰটি ?
সাত নাও মেলি সাত সাগৰৰলৈযাবা নেকি বিচাৰি
তোমাৰ মুঠিত হেনো
আকাশ-পাতাল একাকাৰ কৰাৰ চাবিকাঠি!
নুমাই যোৱাৰ আগতে এবাৰলৈ উজ্বলি উঠো আহা
সেউজৰ নিচান উৰুৱাই অৰণ্যৰ জয়গান গাওঁ বলা।

কবি:-
ৰৌচন আৰা বেগম

No comments:

Post a Comment