Saturday, 27 May 2017

চানেকি: "প্ৰকাশ" আলোচনীৰ কবিতাৰ সমালোচনা:সমালোচক- অনিতা গগৈ



চানেকি : প্ৰকাশ¸ মে¸ ২০১৭
"
প্ৰকাশ" আলোচনীৰ কবিতাৰ সমালোচনা
সমালোচক- অনিতা গগৈ
সদস্য¸ আখৰুৱা: literati
০০০০০০০০০০০০০০০
চলিত মাহৰ চানেকি শিতানৰ ২য় খণ্ডৰ আলোচনাৰ বাবে হাতত লৈছো প্রকাশ আলোচনীত প্রকাশিত এটি কবিতা।
কবিতাটি --
___
জোনটো মাজে মাজে মৰি যোৱা দেখোঁ
----------------------------------
কবি- বিনয় কুমাৰ মজুমদাৰ
*************************
জোনটো মাজে মাজে মৰি যোৱা দেখোঁ
সাপ এডালে কুটি কুটি খোৱা দেখোঁ
সপোনত ৰাতি দোভাগত
.
জোনটো মৰা বাটত কলা হাতী এটাই
আহি পানী খায়
হাতীৰ পিঠিত উঠি তৰাবোৰ ফুৰিবলৈ যায়
.
ফুৰিবলৈ যোৱা তৰাক কোনে পহৰা দি ৰাখে ?
___
দুটা হাতীৰ দাঁতে
অৰণ্যখন নামনিলৈ নামি অহা কোনে দেখে ?
___
মৰা জোনৰ আন্ধাৰে
ফেকুৰি ফেকুৰি কান্দি কাটি ভাগৰি পৰা
ৰাতিক আন্ধাৰৰ লতাডালে মেৰিয়াই ধৰি
কৃষ্ণগহ্বৰৰ ৰহস্য শুনায়
.
সেই একেই ৰাতি
মেদিনী কঁপাই যোৱা
মৃদংগৰ মাতত নৃত্যৰতা নৰ্তকীয়ে
আঁছলৰ উতলা ছন্দত দেওধনী নাচে
দেৱতাৰ ভোক তথাপি থাকি যায়
.
পছিবলৈ ধৰা কলগছত আওজাই থোৱা
বাহৰ ঢোকাডালত বেংছটাৰ গাজ ওলাইছে ___
*********************
পৃথিৱীৰ প্রায় প্রতিজন কবিৰ ৰচনাতে জোনকম বেছি পৰিমাণে ব্যৱহৃত হৈ অহা চিনাকি ছবি। জোনৰ চিত্রকল্পৰে সাৰ্থকভাবে চিত্রিত হৈছে ভিন্ন সংঘটনৰ পট পৰিবৰ্তন। আধুনিক ইংৰাজী কবিতাতো জোনৰ ব্যৱহাৰেৰে ব্যঞ্জিত বিভিন্ন পৰিবৰ্তন সম্পৰ্কে আমি অৱগত। কবি বিনয় কুমাৰ মজুমদাৰৰ
আলোচিত কবিতা ‘‘ জোনটো মাজে মাজে মৰি যোৱা দেখোঁ'’মৰা জোন সম্ভাব্য সংঘাতৰ দূৰ্ভাৱনা বিজড়িত নিস্পন্দ সময়ৰ দ্যোতক।
‘‘ জোনটো মাজে মাজে মৰি যোৱা দেখোঁ
সাপ এডালে কুটি কুটি খোৱা দেখোঁ
সপোনত ৰাতি দোভাগত ’’
স্তৱকটিত নবকান্ত বৰুৱাৰ ‘‘মৰা জোন উঠি আহে কবৰৰ পৰা’’ৰ সমিল ভাবৰ অনুৰণন যেন। ‘‘লা হাতী’’ আশাহত জীৱনৰ দূৰ্ভাগ্য ,উশৃংখল সমাজৰ নৈৰাজ্যৰ প্রতীক। অৱলুণ্ঠিত মানৱতা, অৱক্ষয়প্রাপ্ত মূল্যবোধেৰে আক্রান্ত আজিৰ সমাজত দহৰ হিতাৰ্থে সততে ব্যতিব্যস্ত লোকৰ সংখ্যা নগন্য। জোনটো মৰাৰ বাটত কলা হাতীয়ে আহি পানী খোৱা, সেই হাতীৰ পিঠিত উঠি তৰাবোৰ ফুৰিবলৈ যোৱা আদি চিত্রকল্পৰ প্রয়োগেৰে প্রতিফলিত হৈছে বাস্তৱৰ অভিজ্ঞতা আৰু অবাস্তৱৰ কল্পনাৰ ভিত্তিত আহৃত মিশ্রিত অনুভৱৰ দ্যোতনা। ইংৰাজী কবিতাৰ স্থিৰতাৰ দ্যোতক তৰাৰ চিত্রকল্পই এই কবিতাটিত বিশেষ মাত্রা বহন কৰিছে গতিশীলতাৰ মাধ্যমেৰে ।
‘‘ফুৰিবলৈ যোৱা তৰাক কোনে পহৰা দি ৰাখে ?
___
দুটা হাতীৰ দাঁতে
অৰণ্যখন নামনিলৈ নামি অহা কোনে দেখে ?
___
মৰা জোনৰ আন্ধাৰে ’’
আদি বাক্যাংশৰ প্রকাশ ভংগী আহিছে আমাৰ সাধুকথা ,লোকশ্রুতি আদিৰ পৰা । গ্রাম্য সমাজৰ কথ্য ভাষাৰ ব্যৱহাৰেৰে ৰচিত কবিতাটিৰ ভাবপ্রৱাহে ৰোমান্টিক কবিতাৰ বাধাহীন কল্পলোকৰ কথা সোঁৱৰায়।
‘‘ৰাতিক আন্ধাৰৰ লতাডালে মেৰিয়াই ধৰি
কৃষ্ণগহ্বৰৰ ৰহস্য শুনায়’’
ফেঁকুৰি ফেঁকুৰি কান্দি কান্দি ভাগৰি পৰা সপোন বিহাৰী ৰাতিটোক আন্ধাৰৰ লতাই মেৰিয়াই ধৰা , কৃষ্ণগহ্বৰৰ অনুষংগৰ উল্লেখেৰে এক অৱাস্তৱ আৰু উৎকণ্ঠাঘন ৰহস্যময়তাৰ আবহ ৰচনা হৈছে। এই ভাবৰ সাযুজ্য স্থাপন কৰা হৈছে
‘‘মেদিনী কঁপাই যোৱা
মৃদংগৰ মাতত নৃত্যৰতা নৰ্তকীয়ে
আঁচলৰ উতলা ছন্দত দেওধনী নাচে’’
শাৰীকেইটাৰ মাধ্যমেৰে। যাৰ জৰিয়তে বিষয়ীয়ে তুলি ধৰিছে প্রাচীনকালৰ মঠ মন্দিৰৰ পৰম্পৰাগত প্রথাৰে প্রচলিত হৈ অহা দেৱদাসী নৃত্যৰ দৃশ্যায়ন । দেৱতাৰ পূজাত জীৱনৰ সৰ্বস্ব আহুতি দিও সমাজৰ দৃষ্টিত উপেক্ষিতা এই নৰ্তকী সকলৰ জীৱন কাহিনী অতি কৰুণ।
'‘
দেৱতাৰ ভোক তথাপি থাকি যায় '’
অধঃপতিত সমাজব্যৱস্থাৰ কেৰোণসমূহ উদঙাই দি ধৰ্মৰ নামত, পূণ্যাৰ্জনৰ হেতু চলি অহা গোড়ামি , ৰীতি- নীতি , লোকাচাৰ ,পৰম্পৰাৰ দোহাই দি সমাজৰ পুৰোধাসকলৰ দ্বাৰাই সংঘটিত কৰি অহা অসামাজিক আচৰণজনিত বিধিবিধান , ব্যভিচাৰৰ প্রতি পুঞ্জীভূত ক্ষোভৰ বিৰূদ্ধাচাৰণ হেতু অনুষংগ হিচাপে আহিছেদেৱতাৰ ভোক। এই অন্তৰ্লীন ভাবে কবিতাৰ বক্তব্যলৈ কঢ়িয়াই আনিছে শ্লেষৰ অভিব্যক্তি । প্রকাশ ভংগীত শ্লেষাত্মক অভিব্যক্তিৰ প্রাধান্য আধুনিক কবিতাৰ এক অন্যতম বৈশিষ্ট্য।
.
আধুনিক শিক্ষাৰে শিক্ষিত আজিৰ সমাজ ব্যৱস্থাত যদিও পূৰ্ব প্রচলিত বহুবোৰ ৰীতি-নীতি, কুপ্রথাৰে পূৰ্ণ কিম্বা আংশিক বিলুপ্তি ঘটিছে ,তথাপিও ভিন্নৰূপ , ভিন্নমাত্রাৰে আজিও বৰ্তি আছে এনেধৰণৰ অনেক ব্যভিচাৰ ,উশৃংখল আচৰণৰ অবাধ দৌৰাত্ম্য ... আন্ধাৰৰ আঁৰৰ মূৰ্তিমান মুক্ত বিভীষিকা ।
‘‘পছিবলৈ ধৰা কলগছত আওজাই থোৱা
বাহৰ ঢোকাডালত বেংছটাৰ গাজ ওলাইছে ___’’
ৰূপকাত্মক প্রতীকী প্রকাশেৰে সেয়া প্রকাশ হৈছে কবিতাৰ সামৰণিত। ভাল লাগিল কবিৰ সমাজ সচেতনতা। পাঠকৰ চিত্তক উদ্বেলিত কৰি হৃদয় আৰু মননক স্পন্দিত কৰি যাব পৰাকৈ এক সাৰ্থক উপস্থাপন। গভীৰ ভাবৰ সন্তুলিত আবেদনসমৃদ্ধ এটি কবিতা। কিন্তু শব্দচয়ন, বাক্যবিন্যাসৰ ক্ষেত্রত কিছু পৰিমিতিবোধেৰে কবিতাটি অধিক ৰসগ্রাহী হৈ উঠাৰ সম্ভাৱনা ৰৈ গল।
কবিলৈ শুভকামনাৰে এই আলোচনা সামৰিছোঁ । ধন্যবাদ।
অনিতা গগৈ।২৪।৫।১৭।।
°°°°°°°°°°°°°°°°°
ব্যৱস্থাপকৰ টোকা---
'
আখৰুৱা : literati' গোটৰ মাননীয় সদস্যসকলৰ মতামত বিচাৰি অনিতা গগৈ ডাঙৰীয়ানীয়ে যুগুতোৱা প্ৰকাশ' আলোচনীৰ মে, ২০১৭ সংখ্যাৰ এটি কবিতাৰ পৰ্যালোচনাৰে এইবাৰৰ 'চানেকি' শিতান আগবঢ়োৱা হল৷ মাননীয় সকলো সদস্যৰে সহযোগিতা আৰু মতামত বিচাৰিলোঁ। আপোনালোকৰ সহযোগিতাই পৰ্যালোচনাৰ মান উন্নত কৰাত সহায়ক হব। পৰ্যালোচনাটোত কোনো কাৰণত বানানৰ ভুল ৰৈ গৈছে যদি মাননীয় সদস্যসকলে আঙুলিয়াই দিয়ে যেন।
ধন্যবাদ
পাৰ্থ প্ৰতিম কলিতা
অচ্যুত মাধৱ দাস
হীৰকজ্যোতি বৈশ্য
ব্যৱস্থাপক,
চানেকি শিতান
২৭ মে,২০১৭

No comments:

Post a Comment