Saturday, 27 May 2017

নিঃশব্দতাৰ কাব্য



নিঃশব্দতাৰ কাব্য
=================
শব্দবোৰে ওপঙি ফুৰিছিল
নৈঃশব্দৰ অদৃশ্য তৰঙ্গত
হেঁপাহখিনি়য়ে আকাশ চুইছিল
বিভেদৰ অলঙ্ঘ্য পাহাৰ হৈ
ইটোৱে সিটোক টোকাৰি দিলত
নামি আহিল কবিতা লিখি
ভালপোৱাৰ বৰষুণ এজাক হৈ
কেতিয়াবা ৰৈ পাইছানে
অকলশৰীয়া প্রান্তৰত
হাতেৰে স্পর্শ কৰিছানে
মানৱতাৰ নৈৰ লহৰক
শিৰাই শিৰাই বাইছেনে
অমিতাভ গীতৰ সুৰেৰে
অপৰিমেয় সান্ত্বনাৰ পানচৈ
ফুল ফুলাৰ উলাহ শুনিনে
বায়ুৰ উশাঁহ কোনে শুনে
পৰুৱাপদ নিঃশব্দে গঢ়ে
জোনাকচোন অশ্রুত নামে
সৃষ্টিৰ প্রদোষৰ স্তব্ধতাক
ভঙ্গ কৰা যেন লাগে
ধ্বনিৰ অনাহক উপদ্রৱে
ব্রহ্ম বুলি শলাগা চাগে
চার্বাক তেতিয়া গ্রাহ্য যেন
নৈমিষাৰণ্যত থিতাপি
নাগৰী কোলাহল পাছত থৈ
কবি:-
জ্যোতিষ কুমাৰ দেৱ  

No comments:

Post a Comment