Sunday, 28 May 2017

একক মাতৃত্ব/টেষ্ট টিউবৰ সন্তান-গায়ত্ৰী ফুকন



একক মাতৃত্ব/টেষ্ট টিউবৰ সন্তান
--------------------------------------
(
টেষ্ট টিউব এটা অত্যাধুনিক পদ্ধতি।যিটোৱে বহু সন্তানহীন মানুহক সন্তানৰ মুখ দেখুৱাইছে।বিষয় মোৰ সেইটো নহয।)
বিষয় হৈছে
একক মাতৃত্ব
এতিয়া এজনী অকলশৰীযা নাৰীয়ে
সপোন দেখিব পাৰে
সপোনময
এটি উশাহ জন্ম দিয়াৰ।
ছাঁ /পোহৰৰ এটা
পৰম আকাংক্ষিত সপোন
বগাই ফুৰে,
গছৰ দৰে ক্ৰমে শিপাই/ওখ হয়
সেই আকাংক্ষিত কাল্পনিক গৰ্ভই।
আলফুলে হাতবুলাই
চুমা খাই সপোনটোক
পোহৰৰ গানৰ দৰে
ফুল যেন কোমল
মানৱ/মানৱীৰ ভ্ৰুণৰ
গোন্ধ এটা
তাইৰ আঙুলিত ধৰি
ইফালে সিফালে ঘুৰি ফুৰে
সপোনৰ পৃথিৱীৰ
দুৱাৰদলিত যেন
অপেক্ষাৰত
(
টেষ্ট টিউবৰ সন্তানৰ
কোনো ইতিহাস
নাথাকে যৌনতাৰ।
মাথো হাবিয়াস থাকে এটা প্ৰাণৰ জন্ম দিয়াৰ)
যৌনতাৰ ইতিহাস নথকা
বৈধ/অবৈধৰ প্ৰশ্ন নথকা
সম্পৰ্কৰ
আনন্দ/বেদনা/ক্ষোভৰ
ইতিহাস নথকা/
ধৰ্ম /জাতিৰ
ইতিহাস নথকা
এটা পৰম আকাংক্ষিত
এটা সেউজীয়া
নবীন ,অত্যাধুনিক সপোন
পবিত্ৰ
ভগৱানৰ
সুঘ্ৰাণৰ দৰে
ক্ৰমে বগাই আহে
বগাই আহে----

কবি:-
গায়ত্ৰী ফুকন

No comments:

Post a Comment