Monday, 22 May 2017

কল'হক কল'হে বৈহ্ৰান পইল্লাক



কামৰূপী উপভাষাত লিখা এটা কবিতা মননশীল পাঠকৰ হাতত শ্ৰদ্ধাৰে অৰ্পণ কৰিলোঁ---
কল'হক কল'হে বৈহ্ৰান পইল্লাক
-------------------------------------------

উখাৰৰ দিন গোটাই
মাটিগেলাত জুই লাগা দিছি
ফাগ্নৌৰ বাতাহে ৰাস্তাৰ মানুহ গিলাক
ধুলাইদি পুইতছি
তেঁ‌তলীৰ গুটি চুহি চুহি হেবাং আন্হাই
বগ্ৰীৰ লৰি খেলছি
জাক-ফুৰা আকজাক গৰুই
মণ্ডলথেৰ চোতলোত চিনোবিনো হৈছি
চামতাৰ চ'কত গৌহেইতা বাছ ৰাখা
আমি আগ গাড়ী মানুহ
পশ্চিমৰ পৰা ক'লা কৰি অকস্মাৎএ
'ৰ পৰা কি আইহ্লাক ধইৰবায়ে নইল্লু
কলহ'ক কল'হে বৈহ্ৰান পইল্লাক
গুন্টীৰ দ'কান এখানত খোকোমোকো কৰি
আমি আকমাখা মানহু----জান পানহে জাইপচু
'ৰ মানহু ক'ত গেল ধইৰবাকে নইল্লু
গাছৰ পাতগেলা উল্টাকে বইলচি
পথ্ৰোৰ ছাগাল গিলাক ঘৰক লগি দাউচ্চি
হিৰ হিৰ গিৰ গিৰ কৰি
বৈহ্ৰান জাকে ধুলামাখা ধুই নিলাক
এনায়ে বৈহ্ৰান,কায় নু মায়া বুইজবো
আইহ্লাকো গেলাকো

কবি:-
দিবাকৰ ৰেণু

No comments:

Post a Comment