সত্যৰ আলাপ
অহৰহ দৌৰি ফুৰে
মৰিচিকা খেদি
পিয়াহত কণ্ঠ শুকুৱা
এটি পাখি ভগা পখী
ইয়াতটো নাই পানী !
এয়াতো এখন মৰুভূমি ।
মৰিচিকা খেদি
পিয়াহত কণ্ঠ শুকুৱা
এটি পাখি ভগা পখী
ইয়াতটো নাই পানী !
এয়াতো এখন মৰুভূমি ।
উত্তাল সাগৰত
সীমাহীন পানী
পাইনে কোনোবাই সেই সাগৰত
পিয়াহৰ এটুপি পানী ?
পাইনে কোনোবাই সেই সাগৰত
পিয়াহৰ এটুপি পানী ?
জোনাকৰ স্নিগ্ধতাই
যিমানেই উজলাওঁক
পৃথিৱীৰ ভূমি
সেয়াতো হয় সদায়েই ৰাতি ।
পৃথিৱীৰ ভূমি
সেয়াতো হয় সদায়েই ৰাতি ।
ডাৱৰে আৱৰি
লুকুৱাই ৰাখিলেও
বেলিৰ জ্যোতি
সেয়াতো দিনেই
নহয় এয়াতো কেতিয়াও ৰাতি ।।
বেলিৰ জ্যোতি
সেয়াতো দিনেই
নহয় এয়াতো কেতিয়াও ৰাতি ।।
কবি:-
ණবিনু ফুকন ।
No comments:
Post a Comment